আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ এগৰাকী যুৱ চিকিৎসকক ধৰ্ষণ আৰু হত্যা কাণ্ডৰ সঠিক তদন্তৰ অভাৱত এবছৰৰ পাছতো ন্যায়ৰ পৰা বঞ্চিত ভুক্তভোগীৰ পিতৃ-মাতৃ। চিবিআইৰ প্ৰতি আস্থা হেৰুৱাই ভুক্তভোগীৰ অভিভাৱকে ‘ভুৱা’ আখ্যা দিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোক। শেহতীয়াকৈ বিজেপি নেতা দিলীপ ঘোষেও ভুক্তভোগীৰ অভিভাৱকৰ সৈতে সুৰ মিলাই চিবিআইক তীব্ৰ ককৰ্থনা কৰা পৰিলক্ষিত হয়। বিজেপিৰ নেতাগৰাকীৰ এনে মন্তব্যই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত খবৰ অনুসৰি দিলীপ ঘোষে চিবিআইক সমালোচনা কৰি কয় যে, “যেতিয়া এনে এক জঘন্য অপৰাধত ন্যায় নাপাব তেতিয়া স্বাভাৱিকতে জড়িত সকলো পক্ষৰ ওপৰত প্ৰশ্ন উত্থাপন হ’ব। লগতে কয় যে আদালতৰ জৰিয়তে নতুন নিৰপেক্ষ তদন্ত আৰম্ভ কৰিব লাগে। বহু তথ্য আওকাণ কৰা হৈছে। তদন্ত চলোৱাসকলক এৰি দিব লাগে আৰু নতুন তদন্তকাৰী সংস্থা এটাক দায়িত্ব দিব লাগে।”
নবন্না প্ৰচাৰ সন্দৰ্ভত তেওঁ আৰু কয়, “ভুক্তভোগীৰ পিতৃ-মাতৃয়ে এতিয়াও ন্যায় পোৱা নাই। এই গোচৰত ন্যায় পোৱা নাই বুলি সাধাৰণ ৰাইজে বিশ্বাস কৰাৰ বাবেই তেওঁলোক ৰাজপথলৈ ওলাই আহিছে। কিন্তু শাসকীয় দলে এই ঘটনাক দমন কৰিব বিচাৰিছে। চৰকাৰ ইমান ভয়াতুৰ যে এই আন্দোলনটোক ভয় কৰে। এই আন্দোলন এতিয়া কোনো ৰাজনৈতিক দলতে সীমাবদ্ধ হৈ থকা নাই। ই গণ আন্দোলনৰ ৰূপ লৈছে। সেইবাবেই তৃণমূল চৰকাৰে ভয় খাইছে।”