NORTHEAST NOW (Assamese)

ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘গীতাঞ্জলী’ পঢ়ি অনুপ্ৰেৰণা লাভ কৰিছে ৰিয়া চক্ৰৱৰ্তীয়ে, চাওক!

April 11, 2021 7:15 pm · এন ই নাও নিউজ

পুনৰ ইনষ্টাগ্ৰামত শক্তিশালী প’ষ্ট দি চৰ্চালৈ আহিছে বলিউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী।

এইবাৰ তেওঁ ইনষ্টাগ্ৰাম প’ষ্টটোত নিজৰ এখন ফটো শ্বেয়াৰ কৰিছে, ফটোখনত ৰিয়াই ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘গীতাঞ্জলী’ পঢ়ি আছে।

প’ষ্টটোত তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা কবিতাৰ পংক্তিও কেপচন হিচাপে ব্যৱহাৰ কৰিছে।

ফটোখনৰ লগতে হেছটেগ দি তেওঁ লিখিছে- keeping the faith।

 

View this post on Instagram

 

A post shared by Rhea Chakraborty (@rhea_chakraborty)

উল্লেখযোগ্য যে তেওঁৰ বয়ফ্ৰেণ্ড সুশান্ত সিং ৰাজপুতৰ যোৱা বছৰ মৃত্যু হোৱাৰ পাছত ৰিয়া বিভিন্ন আইনী জটিলতাত সোমাই পৰিছিল।

অভাৱনীয় ‘মিডিয়া ট্ৰায়েল’ৰ পাছত তেওঁ এমাহ ধৰি তেওঁ কাৰাবাসো খাটিছিল।

কিন্তু পাছলৈ তেওঁৰ ওপৰত উত্থাপিত অভিযোগসমূহৰ গুৰুত্ব হেৰাই যায়।

বহু লোকে ৰিয়াক ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি ক’ব খোজে।

কিন্তু ইয়াৰ পাছতো ৰাজহুৱাভাৱে তেওঁ এগৰাকী সবল ব্যক্তিত্বসম্পন্ন নাৰী হিচাপে নিজৰ পৰিচিতি দাঙি ধৰিছে।

ইনষ্টাগ্ৰাম প’ষ্টটোত বহু লোকে অভিনেত্ৰীগৰাকীলৈ স্নেহ নিবেদন কৰিছে।

”আশা কৰো, আপোনাৰ মুখখনলৈ হাঁহি উভটি আহিব।”- এজন অনুৰাগীয়ে এইদৰে কৈছে।

Related News