কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি সন্ধিয়া পুনৰ গঁড়ৰ আক্ৰমণত বনকৰ্মী নিহত

ZomboDroid 17022021201913~2

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ বোকাবিল বনশিৱিৰ এলেকাত আজি সন্ধ্যা গঁড়ৰ আক্ৰমণত পুনৰ  এজন বনকৰ্মী নিহত হয় ৷

টিপুচৰণ চাহু নামৰ বনকৰ্মীজনে লগৰ দুজন সতীৰ্থৰ লগত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে পহৰা দি থাকোতেই গঁড়ে আক্ৰমণকৰে ৷

গঁড়ৰ আক্ৰমণত  গুৰুতৰভাবে আহত হয়  টিপুচৰণ চাহু ৷ লগে লগে  বনকৰ্মী টিপুচৰণ চাহুক কহঁৰাৰ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

নিহত টিপুচৰণ চাহুৰ ঘৰ বোকাখাত মহকুমাৰ কমাৰগাওঁ থানা এলেকাৰ  অন্তৰ্গত সেন্দুৰীটিং বাগিচাত বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভনিতেই কাজিৰঙাত গঁড়ৰ আক্ৰমণত দুজন বনকৰ্মীৰ মৃত্যু ঘটিছে ৷ আজি সংঘটিত ঘটনাৰ পূৰ্বে যোৱা ৩০ জানুৱাৰীত ৰাষ্ট্ৰীয় উদ্যান খনৰ অগৰাতলি বনাঞ্চলত গঁড়ৰ আক্ৰমণত মহেশ্বৰ হাজৰিকা নামৰ এজন বনকৰ্মী নিহত হৈছিল৷

বৃহস্পতি বাৰৰ পুৱা টিপুচৰণ চাহুৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হব বুলি জানিব পৰা গৈছে ৷