কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিৰ ডোৰামাৰী বিলৰ পাৰত বিগত ৯ মে’ত সংঘটিত হোৱা গঁড় হত্যাৰ লগত জড়িত চোৰাংচিকাৰী দলৰ ৬ জনক কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ হৈছিল ৷
কুখ্যাত চোৰাং চিকাৰীৰ দলটোক কৰায়ত্ব কৰাৰ পাচত বোকাখাত থানাত ১৩১/ ২০২০ নং পঞ্জীয়ন হোৱা গোচৰৰ আধাৰত বোকাখাতৰ পৰা আৰক্ষীয়ে ২ জুলাইত মনিপুৰৰ চুৰাচান্দপুৰৰ পৰা আন এজন দুৰ্ধৰ্ষ চোৰাংচিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷
উল্লেখ যোগ্য যে, কাজিৰঙাৰ গঁড় হত্যাৰ বিগত সময়ছোৱাত মণিপুৰৰ পাঁচটামান দল জড়িত হৈ থকাৰ কথা আৰক্ষীয়ে জনায় ৷
এই দলৰ অন্যতম চংপো দলৰ নেতা নেংজাথান ভালতেক আটক কৰিবলৈ সক্ষম হয় বোকাখাতৰ আৰক্ষীয়ে ৷
এই চোৰাং চিকাৰীৰ দল সমূহে বিগত বছৰ বোৰত ১৮ টা মান গঁড় হত্যা কৰা বুলি ধৃত চোৰাংচিকাৰী নেংজাথান ভালতেৰ স্বীকাৰোক্তিত প্ৰকাশ পাইছে।
বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তৰ নেতৃত্বত মণিপুৰৰ চোৰাচান্দপুৰ আৰক্ষীৰ সহযোগত এটা বস্তিৰ পৰা দুৰ্ধৰ্ষ চোৰাংচিকাৰী নেংজাথান ভালতেক আটক কৰিবলৈ সক্ষমো হয় ৷
অভিযানৰ সময়ত দলটোৰ সৈতে গুলীগুলীও হোৱা বুলি জনাইছে আৰক্ষীয়ে ৷
এই সমগ্ৰ ঘটনাত মণিপুৰৰ উগ্ৰপন্থী সংগঠন জেদ আৰ এ জড়িত থকা বুলিও আৰক্ষীয়ে জনাইছে ৷
ধৃত চোৰাংচিকাৰীৰ স্বীকাৰোক্তি মতে, উল্লেখিত মণিপুৰৰ চোৰাংচিকাৰী দলবোৰে গঁড় হত্যাৰ লগতে গঁড়ৰ খৰ্গৰ ব্যৱসায়, অস্ত্ৰ সৰবৰাহৰ লগতে দলৰ সদস্য আটক হলে আদালতত অধিবক্তাক দিব লগা ধন আৰু ভৰণ পোষণৰো সমূহ দায়িত্ব পালন কৰে ৷
ধৃত চোৰাংচিকাৰীজনক আজি বোকাখাতৰ আদালতত হাজিৰ কৰি চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মাত অনা হয় বুলি জনায় বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাই ৷