আজি ৰাতিপুৱাৰে পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰাৰ বাবে কাজিৰঙাৰ বাগৰি বনাঞ্চলত গঁড় ধৰা অভিযান আৰম্ভ কৰিছে বন বিভাগে৷
ইয়াৰ বাবে ৰাতিপুৱাৰ পৰা বাগৰি বনাঞ্চলত পৰ্যটকৰ প্ৰৱেশ বন্ধ ৰখা হৈছে৷
কাজিৰঙাত পশু চিকিৎসকৰ সৈতে এটা বিশেষজ্ঞৰ দলে ৰাতিপুৱা ৬ বজাৰ পৰা গঁড় কৰায়ত্ব কৰাৰ বাবে এই অভিযান আৰম্ভ কৰিছে৷
অসম চৰকাৰৰ বনবিভাগে ২০২০ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাত গঁড়ৰ জনসংখ্যা ৩০০০ কৰাৰ লক্ষ্যৰে ২০০৫ চনত ‘ইণ্ডিয়ান ৰাইনো ভিচন ২০২০’ নামৰ এক অভিলাষী আঁচনি আৰম্ভ কৰিছিল ৷
গঁড়ৰ আৱাসস্থলীৰ পৰা গঁড় নোহোৱা হৈ যোৱা বনাঞ্চল সমূহত পুনৰ গঁড় সংস্থাপিত কৰাৰ বাবে আচঁনিখনৰ অধীনত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ যাৰ বাবে ২০০৮ চনৰ পৰা ২০১২ চনলৈ পবিতৰা অভয়াৰণ্যৰ পৰা ১০ টা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৮ টা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হৈছিল৷
মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান এই ১৮ টা গঁড়ৰ পৰা গঁড়ৰ সংখ্যা বৃদ্ধি হৈ ৪০ চা হৈছে বুলি বন বিভাগে জনিবলৈ দিছে৷
আজি কাজিৰঙাৰ পৰা পুনৰ দুটা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ বাবে পুৱাৰে পৰা প্ৰচেষ্টা আৰম্ভ কৰা হৈছে৷ বিশেষজ্ঞ দলৰ পৰামৰ্শ মতে আজি ৰাতিপুৱা কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ পৰা দুজনী পোৱালী নিদিয়া মাইকী গঁড়ক চেতনা নাশক প্ৰক্ৰিয়াৰে কৰায়ত্ব কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে৷ নিৰ্বাচিত দুইজনী গঁড়ক কৰায়ত্ব কৰিব পাৰিলে ১ মাৰ্চৰ পুৱা গঁড় দুজনীক কাজিৰঙাৰ বাগৰিৰ বনাঞ্চলৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হ’ব৷
ইফালে, মানাহৰ পাচত গঁড় আৱাস লাওঁখোৱা বুঢ়াচাপৰিলৈও গঁড় নিয়াৰ বাবে বন বিভাগে প্ৰচেষ্টা চলাব বুলি জনাইছে মুখ্য বন সংৰক্ষক তথা গঁড় স্থানান্তৰিতকৰণ অভিযানৰ মুৰব্বী উৎপল বৰাই৷
আজি পুৱাৰে পৰা আৰম্ভ হোৱা অভিযানত বিশ্ব প্ৰকৃতি নিধি, ইন্টাৰনেচনেল ৰাইনো ফাউণ্ডেচন, অসম চৰকাৰৰ বন বিভাগ আৰু বড়ো স্বায়ত্ব শাসিত পৰিষদে বিশেষ নেতৃত্ব লৈছে৷
দিনটোৰ ভিতৰত বাগৰিত গঁড় কৰায়ত্ব কৰিব পাৰিলে চিনাক্তকৰণৰ সুবিধাৰ্থে গঁড়ৰ কানত টেগ লগোৱা হ’ব বুলিও জনাইছে বিষয়া গৰাকীয়ে৷