মেঘালয়ত ৫০০ কিলোগ্ৰাম ভাং ভৰ্তি ট্ৰাক জব্দ

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰি-ভই জিলা আৰক্ষীয়ে ৫০০ কিলোগ্ৰাম ভাং ভৰ্তি এখন ট্ৰাক জব্দ কৰে।

মেঘালয় আৰক্ষীয়ে শুকুৰবাৰে  এই ঘটনা সম্পৰ্কত টুইট কৰি প্ৰকাশ কৰে।

ল’কডাউনৰ সময়ত আৰক্ষীয়ে যদিও অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ পৰিবহনত অনুমতি প্ৰদান কৰিছে কিন্তু ভাঙক কোনোকাৰণতে প্ৰয়োজনীয় সামগ্ৰী বুলি ধৰিব নোৱাৰা বাবে বাবেই মেঘালয় আৰক্ষীয়ে ট্ৰাকখন ভাং সহ জব্দ কৰে।

”আমি সৰ্বসাধাৰণ ৰাইজক জনাবলৈ পায় সুখী যে ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহনত অনুমতি প্ৰদান কৰা হৈছে কিন্তু ভাং অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত নপৰে সেই বাবে আমি অনুমতি দিবলৈ নোৱাৰিলো,” মেঘালয় আৰক্ষীৰ টুইটত প্ৰকাশ।

”৫০০ কিলোগ্ৰাম ভাং পৰিবাহী ট্ৰাকখন জব্দ কৰা বাবে মেঘালয় আৰক্ষীক অভিনন্দন,” টুইটাৰত একাংশই লিখে।

আনহাতে, ছ’চিয়েল মিডিয়াতো বহুবাৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে ৰি-ভই আৰক্ষীৰ টুইটটো পুনৰ টুইট কৰে আৰু আৰক্ষীৰ পদক্ষেপক প্ৰশংসাৰে ওপচায় পেলায়।