• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছাৰ্বিয়াৰ বিৰুদ্ধে ৰিচাৰ্লিছনৰ দুটা গ’লেৰে ব্ৰাজিলৰ সপোনৰ আৰম্ভণি; ছাম্বাৰ ছন্দত নাচি উঠিল লুচাইল ষ্টেডিয়াম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2022 8:07 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা ২০ বছৰ আগতে বিশ্বকাপ বিজয়ী অন্তিম গৰাকী অধিনায়ক কাফু ভিআইপি গেলেৰীত বহি আছিল। বিশ্বকাপ বিজয়ী দলৰ সদস্য ৰবেৰ্টো কাৰ্লোছো আছিল তাত। দুগৰাকী বিশ্ব তাৰকাৰ উপস্থিতিত ব্ৰাজিলৰ বাবে হেক্সা অভিযানৰ আৰম্ভণি আছিল সপোনৰ দৰে। ৪৮ ঘণ্টা আগতে এই খেলপথাৰত চৌদি আৰৱৰ দ্বাৰা বিধ্বস্ত হৈছিল মেছি বাহিনী। কিন্তু বৃহস্পতিবাৰে নিশা লুচাইল ষ্টেডিয়ামত উভতি আহিল ফুটবলৰ প্ৰত্যাশিত ছন্দৰ সৌন্দৰ্য।

বিশ্বকাপৰ ইতিহাসত ব্ৰাজিল গ্ৰুপ পৰ্যায়ত অপৰাজেয়। সেই ৰেকৰ্ড অক্ষুণ্ণ থাকিল। ব্ৰাজিলে ছাৰ্বিয়াক ২-০ গ’লত পৰাস্ত কৰি হেক্সা অভিযান আৰম্ভ কৰিলে। ৰিচাৰ্লিছনে দুয়োটা গ’ল কৰে। অৱশ্যে নেইমাৰৰ দলটোৱে খেলখনত আধা ডজন বা ততোধিক গ’লত জিকিব পাৰিলেহেঁতেন। দুবাৰকৈ পোষ্টত বাধাপ্ৰাপ্ত হয় শ্বট, ছাৰ্বিয়ান গ’লৰক্ষকে কেইটামান শ্বট দুৰ্দান্তভাৱে গ’লৰ পৰা ৰক্ষা কৰে। বাকীখিনি ব্ৰাজিলিয়ানসকলে সুযোগ নষ্ট কৰিছিল।

স্বাভাৱিকতে, পাঁচবাৰৰ বিশ্ব চেম্পিয়ন দলটোৰ পৰা প্ৰত্যাশা আছিল আকাশচুম্বী। টিটেৰ দলটোৱে নিৰাশ কৰা নাছিল। দমনীয় আৰু আক্ৰমণাত্মক ফুটবলৰ আৰ্হি ধৰি ৰাখিছিল নেইমাৰ বাহিনীয়ে।

বক্সলৈ  লক্ষ্য কৰি প্ৰায় ২৫ টা শ্বট মাৰিছিল যদিও দক্ষতাৰ অভাৱ স্পষ্ট। এইটোৱে পিছলৈ ব্ৰাজিলক অসুবিধাত পেলাব পাৰে। নেইমাৰৰ মঞ্চত ৰিচাৰ্লিছন হৈ উঠিল নায়ক। ভিনিচিয়াছ জুনিয়ৰৰো প্ৰদৰ্শন অনবদ্য। এই দুয়োজনৰ দপদপনিতে হেক্সা অভিযানৰ সফলতা আহিল ব্ৰাজিলৰ!  

খেলখনৰ প্ৰথম মিনিটৰ পৰাই আৰম্ভ হৈছিল আক্ৰমণৰ ধুমুহা। কিন্তু লক্ষ্য ভেদ কৰিবলৈ অপেক্ষা কৰিব লগা হৈছিল। প্ৰথমাৰ্ধত একাধিক আক্ৰমণ স্বত্বেও লক্ষ্য পূৰ্ণ হোৱা নাছিল। অৱশেষত ৬২ মিনিটত কিছু সকাহ আহিল। টিটেই যুৱসকলৰ সৈতে অভিজ্ঞতাৰ সংমিশ্ৰণ ঘটাই দলটো গঠন কৰিছিল। নেইমাৰতো আছিলেই, লগতে ভিনিচিয়াছ, ৰাফিনহো, ৰিচাৰ্লিছনক প্ৰথম একাদশত ৰাখি আক্ৰমণাত্মক ফুটবলৰ ইংগিত দিছিল। দুটা মূৰত পাকুয়েটা আৰু ভিনিচিয়াছৰ ওপৰত কেন্দ্ৰ কৰিয়েই ব্ৰাজিলৰ আক্ৰমণৰ বেহু ৰচনা হৈছিল। মাজভাগত কেচেমিৰোৰ অনবদ্য প্ৰদৰ্শন।

প্ৰথমাৰ্ধত নেইমাৰে বিশেষ মনোযোগ আকৰ্ষণ কৰিব পৰা নাছিল। ভিনিচিয়াছ জুনিয়ৰে লক্ষ্যত দুটা নিশ্চিত সম্ভাৱনা নষ্ট কৰিছিল। খেলখনৰ প্ৰথম কোৱাৰ্টাৰত ছাৰ্বিয়াৰ গ’লৰক্ষক চাভিকে ব্ৰাজিলিয়ানগৰাকীৰ ভৰিৰ পৰা বলটো ক্লিয়েৰ কৰে। খেলৰ ৪১ তম মিনিটত ভিনিচিয়াছ জুনিয়ৰে কেচেমিৰোৰ পৰা বক্সত সুবিধাজনক স্থানত বলটো পাইছিল। কিন্তু সেয়া বাহিৰলৈ মাৰি পঠিয়ায়। ৰাফিনহোৰ সন্মুখতো এটা সুযোগ আছিল। কিন্তু ৩৭ মিনিটত ছাৰ্বিয়ান গ’লৰক্ষকক অকলে পাইয়ো বলটো তেওঁৰ হাতত ধৰাই দিয়ে। প্ৰথমাৰ্ধটো গোলবিহীনভাৱে সমাপ্ত হয়।

🇧🇷 A Richarlison brace sees Brazil pick up three points against Serbia@adidasfootball | #FIFAWorldCup

— FIFA World Cup (@FIFAWorldCup) November 24, 2022

দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ব্ৰাজিল আগবাঢ়িব পাৰিলেহেঁতেন। কিন্তু ৰাফিনহোৱে বিপক্ষৰ গ’লৰক্ষকক অকলশৰীয়াকৈ পাইও গাত বল মাৰে। ৬০ তম মিনিটত এলেক্স চেন্দ্ৰোৰ দীৰ্ঘ দূৰত্বৰ শ্বটটোৱে পোষ্টত আঘাত কৰে। খেলখনৰ ৬২ মিনিটত ৰিচাৰ্লিছনে ব্ৰাজিলক আগুৱাই নিয়ে। ছাৰ্বিয়ান ৰক্ষকে ভিনিচিয়াছ জুনিয়ৰৰ শ্বটটো ৰক্ষা কৰি ঘুৰাই পঠিয়ায়। ব্ৰাজিলৰ সুযোগ বিচৰা ষ্ট্ৰাইকাৰে বলটো পুনৰ গ’ললৈ ঠেলি দিয়ে।

Richarlison! What have you done?! 🤯#FIFAWorldCup | @richarlison97 pic.twitter.com/kCKFdlINXq

— FIFA World Cup (@FIFAWorldCup) November 24, 2022

ৰিচাৰ্লিছনৰ দ্বিতীয়টো গ’লটোও ভিনিচিয়াছৰ সৈতে কম্বিনেশ্যনত আহে। ব্ৰাজিলিয়ান ষ্ট্ৰাইকাৰজনে বাওঁ ফালৰ পৰা তেওঁৰ পাছটো লাভ কৰে আৰু সোঁ ভৰিৰ হাফ-ভলিৰে ইয়াক ২-০লৈ ৰূপান্তৰিত কৰে। অবিশ্বাস্য লক্ষ্য। তেওঁ দেশৰ জাৰ্চীত নিয়মীয়াকৈ গ’ল কৰাটো অভ্যাস কৰি তুলিছে। দ্বিতীয়াৰ্ধত ছাৰ্বিয়া ব্ৰাজিলৰ প্ৰেছিং ফুটবলত দিশহাৰা হৈ পৰে। বিৰতিৰ পিছত তেওঁলোকে এটাও সুযোগ সৃষ্টি কৰিব নোৱাৰিলে। শেষত কেচেমিৰোৰ শ্বটটো পোষ্টত লাগে। অন্যথা ব্যৱধানটো বৃদ্ধি হ’লহেঁতেন। ব্ৰাজিলৰ বিজয়ৰ পিছতে ছাম্বাৰ ছন্দত নাচি উঠে দোহাৰ লুচাইল ষ্টেডিয়াম।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd