ত্ৰয়োদশ এছিয়ান চলচ্চিত্ৰ বঁটাৰ বাবে মনোনীত ৰীমা দাসৰ ‘বুলবুল কেন ছিং’

Bulbul-Can-Sing-1140x570

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা পৰিচালিকা ৰীমা দাসক ২০১৯ৰ ত্ৰয়োদশ এছিয়ান চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত সৰ্বশ্ৰেষ্ঠ পৰিচালক বঁটাৰ বাবে মনোনীত কৰা হৈছে।

একোটা শাখাত এই বঁটাৰ বাবে নিৰ্বাচিত আন আন পৰিচালকসকল হৈছে ফুট্টিফং আৰংফেং (Phuttiphong Aroonpheng) চলচ্চিত্ৰৰ বাবে  মন্ত্ৰা ৰয় , ষ্টিল হিউমেন (Still Human) চলচ্চিত্ৰৰ বাবে অলিভাৰ চান চ্যু-কুৱেন (Chan Siu-kuen ), দ্য ক্ৰছিং (The Crossing) চলচ্চিত্ৰৰ বাবে বাই ছুৱে (Bai Xue), এ লেণ্ড ইমাজিনড (A Land Imagined) চলচ্চিত্ৰৰ বাবে য়ো ছিউ হুৱা (Yeo Siew Hua for)  আৰু ৱান কাট অফ দ্য ডেড (One Cut of the Dead) চলচ্চিত্ৰৰ বাবে শ্বিনিচিৰো উৱেডা (Shinichiro Ueda)। চলিত বৰ্ষৰ ১৭ মাৰ্চত হংকঙৰ টিভিবি চিটীত অনুষ্ঠিত এটা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব।

‘বুলবুল কেন ছিং’ চলচ্চিত্ৰ কাহিনী আগবাঢ়িছে অসমৰ গাঁও এখনৰ এগৰাকী কিশোৰীক কেন্দ্ৰ কৰি। কৈশোৰত তেওঁ প্ৰেমত পৰে, কিন্তু দুৰ্ভাগ্যক্ৰমে তেওঁৰ প্ৰিয় বন্ধুৰ জীৱনত ঘটা এটা দুঃখজনক ঘটনাৰ বাবে তেওঁ নিজৰ জীৱন আৰু প্ৰেমক লৈ তেওঁৰ মনত প্ৰশ্নৰ প্ৰশ্নৰ উদয় হয়।

এই চলচ্চিত্ৰখনৰ চিত্ৰনাট্য, কাহিনী আৰু নিৰ্দেশনা হৈছে ৰীমা দাস। চলচ্চিত্ৰখনত অভিনয় কৰিছে পাকিজা বেগম, অৰ্ণালী দাস, বানবেন্দ্ৰ দাস, মনোৰঞ্জন দাস আৰু বনিতা ঠাকুৰীয়াই।