ছবিখনৰ নামটো নিশ্চয়কৈ অসমৰ পাঠকৰ বাবে অচিনাকি নহয়। হয়, অসমৰেই এসময়ৰ ৰক্তাক্ত ইতিহাসৰ এক খণ্ডচিত্ৰৰে নিৰ্মাণ কৰা ছবি ৰঙাটাপু-১৯৮২ ৰ কথাৰেই আজিৰ এই লিখা। গত ২৪ নৱেম্বৰ তাৰিখে মুক্তিলাভ কৰা এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ আদিত্যম শইকীয়াৰ। ছবিখন বৰ্তমান অসমৰ ভিন্ন চিত্ৰগৃহত চলি আছে।
ছবিখনৰ আৰম্ভণি উৎকন্ঠা তথা উত্তেজনামিশ্ৰিত দৃশ্যাংশৰ মাজেৰে। তাৰপিছত মূল কাহিনীৰ আৰম্ভণি। বৰলুইতৰ মাজৰ ৰঙাটাপুৰ সমীপবৰ্তী গাঁৱৰ মানুহৰ জীৱনচৰ্যাৰে ছবিৰ আৰম্ভণি। দীৰ্ঘকালৰ পৰা ৰঙাটাপুত কৃষিকৰ্ম কৰি অহা গাওঁবাসী অবৈধ প্ৰব্ৰজনকাৰীৰ উপদ্ৰৱত নিজৰ খেতি-বাতি বাদ দিবলগা এক পৰিস্থিতিক দৰ্শোৱা হৈছে।
সম্পূৰ্ণৰূপে নিভাঁজ এক গ্ৰাম্য পৰিবেশৰ ছবি দৰ্শকৰ আগত তুলি ধৰিবলৈ সক্ষম হৈছে পৰিচালক। প্ৰথমেই ক’ব লাগিব ৰঙাটাপুৰ কাহিনী আৰু চিত্ৰনাট্যৰ কথা। এক সু-গঠিত তথা শৃংখলাবদ্ধ কাহিনীৰ অভাৱ আৰু দুৰ্বল চিত্ৰনাট্য ৰঙাটাপুৰ আটাইতকৈ দুৰ্বল দিশ।
সাৱলীল গতিত নগৈ কাহিনীভাগ খণ্ড খণ্ডকৈ আগবাঢ়ে। আৰু কাহিনী তথা চিত্ৰনাট্যৰ এই দুৰ্বলতাৰ লগতেই দুৰ্বল সম্পাদনাই বহুসময়ত ছবিখনক এক ঠেৰুচিগা ৰূপ দিছে। ফলত ছবিখন চাই থাকোতে পৰৱৰ্তী পৰ্যায়ত কি হ’ব তাক লৈ কোনোধৰণৰ আগ্ৰহ নজন্মে।
হত্যা, হিংসা, যৌনকেন্দ্ৰিক অপৰাধ, মৃত্যু তথা সাম্প্ৰদায়িক বিষয়বস্তুও আছিলে চিনেমাখনত। যদিওবা এনেধৰণৰ সংবেদনশীল তথা স্পৰ্শকাতৰ বিষয়ক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ছবি এখনত ভিন্ন প্ৰকাৰৰ আৱেগৰ প্ৰয়োগ কৰিব পৰাৰ বৃহৎ থল আছিল, কিন্তু এইখিনিতো কাহিনীকাৰ, পৰিচালক সম্পূৰ্ণৰূপে বিফল।
কোনো এটা দৃশ্যতেই কোনোধৰণৰ আৱেগ অনুভৱ কৰিব পৰাৰ উপাদান পোৱা নগ’ল। যেনে-একমাত্ৰ হাঁহিৰ খোৰাক যোগাবৰ বাবেই অৱতাৰণা কৰা প্ৰতিভা চৌধুৰী আৰু তেওঁৰ প্ৰতিবেশীগৰাকীৰ মুখচুপতিৰ কাজিয়াখনতো যিদৰে যৎসামান্যও হাঁহিৰ উঠাৰ অৱকাশ নাছিল, ঠিক একেদৰেই ৰিম্পী দাসৰ শৰীৰটো অগ্নিদদ্ধ হোৱাৰ দৃশ্যটোতো কোনোধৰণৰ দুখ লগাৰ অৱকাশ নাছিলে।
কাৰণ, নিজৰ দেহত সামান্যকৈ জুই লগা অৱস্থাতো নিজকে ৰক্ষা কৰিবলৈ কোনোধৰণৰ চেষ্টা নকৰাটো, জ্বলি থাকোতেও কোনো ধৰফৰনি নোহোৱাটো অতিশয় দৃষ্টিকটু এক দৃশ্য আছিল।
লগতেই আন এক দৃষ্টিকটু দিশ হৈছে- টাপুৰ ইছলামধৰ্মী পুৰুষসকলক প্ৰায় সকলো সময়তে মাথোঁ বিকৃত যৌনলালসাগ্ৰস্ত পুৰুষ ৰূপে দেখুওৱা হৈছে আৰু বিকৃত যৌন-কামনা আৰু হত্যা-হিংসাৰ বাদে আন কোনো কথা পতাও দেখুওৱা হোৱা নাই।
মূলতঃ এনে লাগিল যে যি গভীৰ আৰু স্পৰ্শকাতৰ বিষয়বস্তু, তাক স্পৰ্শ কৰাৰ পৰা বহু দূৰৈত, সুবিধাজনক স্থিতিত থাকি কৰা এক মনোৰঞ্জনৰ প্ৰয়াস, যিটোও অসফল। ৰঙাটাপুৰ দৃশ্যায়ন ভাল হৈছে। বহু সুন্দৰ দৃশ্যাংশ আছে ছবিখনত।
লগতে সামগ্ৰিকভাৱে ১৯৮২ৰ পটভূমিৰ ছবি হিচাপে ঘৰ-দুৱাৰ, সাজ-পোছাক আদিৰ ব্যৱহাৰ সমুচিত। আৱহ-সংগীতৰ ব্যৱহাৰ ভাল। অভিনয়ৰ ক্ষেত্ৰত বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ থল কাৰোৰেই নাই বুলিলেও ভুল নহ’ব।
তথাপি কল্পনা কলিতা আৰু গুঞ্জন ভৰদ্বাজৰ অভিনয়ৰ বিষয়ে উল্লেখ কৰিব লাগিব। ভাগিৰথীৰ অভিনয় সম্পূৰ্ণ মঞ্চৰ অভিনয়। আইমী বৰুৱাৰ চৰিত্ৰটোৰ প্ৰায় সকলো সময়তে একেধৰণৰ অভিব্যক্তিতো কোনো প্ৰাণ নাছিল।
যদিওবা, ছবিখনৰ দৈৰ্ঘ্য খুব বেছি নহয়, পিছে ছবিৰ শেষাৰ্ধত অন্তত আৰু কি হয় জানিবৰ ইচ্ছা জন্মাতকৈ ছবিখন কিদৰে শেষ হয়, তালৈহে অপেক্ষা কৰিবলগা হৈছিল।
লেখিকাৰ মেইল: [email protected]