চিনেমা কথাঃ মেৰী খ্ৰীষ্টমাছ

Merry Christmas movie

শ্ৰীৰাম ৰাঘৱনৰ দ্বাৰা পৰিচালিত মেৰী খ্ৰীষ্টমাছ নামাকৃত হিন্দী ভাষাৰ ছবিখনে গত ১২ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিছে। সচৰাচৰ নিঅ’-নইৰ ধাৰাৰ ছবি নিৰ্মাণৰ বাবে খ্যাত শ্ৰীৰাম ৰাঘৱনৰ এই ছবিখন কাজেই ৰহস্য তথা শিহৰণধৰ্মী। ছবিখন ফ্ৰেডেৰিক ডাৰ্ডৰ দ্বাৰা ৰচিত ফৰাচী ভাষাৰ উপন্যাস “লা মন্টে চাৰ্জ” (বাৰ্ড ইন এ কেজ)ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।

মেৰী খ্ৰীষ্টমাছ ছবিখন পৰিচালনা কৰাৰ লগতেই অৰিজিত বিশ্বাস, পূজা লাধা চুৰ্তি আৰু অনুক্ৰিতি পাণ্ডেসহ চিত্ৰনাট্য লিখিছে শ্ৰীৰাম ৰাঘৱনে। কেট্ৰিনা কাইফ আৰু বিজয় চেটুপথীয়ে মুখ্য ভূমিকাত অভিনয় কৰা ছবিখন বৰ্তমানেও ভিন্ন ছবিগৃহত চলি আছে।

ছবিৰ আৰম্ভণি ঘটে প্ৰতীকীৰূপত। পৰ্দাৰ দুফালে দুভাগত চলি থকা দুটি মিক্সাৰ গ্ৰাইণ্ডাৰৰ দৃশ্যই ছবিখনৰ দুটি পৃথক ভাগ আৰু ঘটিবপৰা পৰৱৰ্তী অঘটনক সূচাই। খুব সুচল গতিত কাহিনীভাগ আগবাঢ়ে। কোনো লৰালৰি নাই,কোনো উত্তেজনা নাই। তথাপিও ছবিখনৰ ট্ৰিটমেন্ট এনেদৰে কৰা হৈছে যে আমনি লগাতো দূৰৰ কথা, বৰঞ্চ ছবিখনৰ পৰৱৰ্তী অংশত কি হ’বলৈ গৈ আছে তাক লৈ এক আগ্ৰহ ছবিখনৰ আৰম্ভণিতেই জগাই তোলা হৈছে।

বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছৰ আগনিশাৰ মহানগৰীত দুজন অচিনাকি লগ হয়। কথোপকথন হয়, সকলো স্বাভাৱিক যেনেই অনুভৱ হয়। দুয়ো দুয়োৰে জীৱন কথন কৰে। তাৰ কিছুপৰৰ পিছত ছবিখনৰ দৃশ্যপট সলনি হয়। মূলতঃ মাৰিয়া (কেট্ৰিনা কাইফ), মাৰিয়াৰ কণমানি কন্যা সন্তান আৰু এলবাৰ্ট (বিজয় চেটুপথী)ৰ যুটিটোৰ মাজত ঘটা ঘটনাৰে ছবিখনৰ কাহিনীৰ প্ৰথমাংশ।

মেৰী খ্ৰীষ্টমাছ ছবিখনৰ চিত্ৰনাট্যৰ কথা উল্লেখ কৰিবই লাগিব। এখন উপন্যাসক এখন চলচ্চিত্ৰৰ ৰূপ দিয়াৰ এই কলাক নিখুঁতভাৱে ৰূপায়ণ কৰিছে চিত্ৰনাট্যকাৰসকলে। যাৰ বাবে ছবিখনৰ কোনো অংশতেই কোনোধৰণৰ জঠৰতা বা মন্থৰতা আহিও পৰা নাই। লগতেই উল্লেখ কৰিব লাগিব মধু নীলকন্দনৰ চিনেমেট’গ্ৰাফীৰ কাম। সমগ্ৰ ছবিখনতেই সময়-পৰিস্থিতি সাপেক্ষ পোহৰৰ ব্যৱহাৰ কৰা হৈছে।

পূজা লাধা চুৰ্তিৰ সম্পাদনাৰ কামো একেদৰেই প্ৰশংসনীয়। কম পৰিমাণে মাজে মাজে দুই এটি তীক্ষ্ণ ব্যংগৰো ব্যৱহাৰ কৰা হৈছে। আন কিছু প্ৰতীকী দৃশ্য যেনে ছবিখনত উৎকন্ঠা বাঢ়ি অহাৰ সময়তে কেটলীত পানী উতলাৰ বুৰবুৰণিৰ শব্দসহ ব্যৱহাৰ কৰা, এক দুদোল্যমান তথা বিপদজনক স্থিতিত থকা মাৰিয়াৰ পিছফালৰ বেৰত ওলমাই ৰখা এখন পেইন্টিঙত সাঁ‌তুৰিবলৈ চুইমিং পুলত জাপ দিবৰ বাবে উচ্চতাত থকা ঠেক খণ্ডৰ সীমনাত ৰৈ থকা যুৱতী এগৰাকীৰ ব্যৱহাৰ-যথেষ্ট অৰ্থৱহভাৱে কৰা হৈছে।

পৰিচালক শ্ৰীৰাম ৰাঘৱনে পৰৱৰ্তী পৰ্যায়ত ছবিখনক এনে দিশ দিয়ে যে এপলকৰ বাবেও পৰ্দাৰ পৰা চকু আঁতৰ কৰিব নোৱাৰি। ছবিৰ অন্ত পৰ্যন্ত এই উৎকন্ঠা অব্যাহত থাকে। পৰিচালক ৰাঘৱন এইখিনিতেই সফল। অন্ততো হঠাত আচম্বিত হ’বলগীয়াকৈ কোনো ট্ৰিটমেন্ট দিয়া নাই। মনোযোগ সহকাৰে ছবিখন নেচালে অন্তত কি হ’ল সেই লৈ দৰ্শক দোমোজাত থাকিব পাৰে। পিছে এই ধাৰাৰ ছবিৰ বিশেষত্ব বা সৌন্দৰ্য তাতেই। একপ্ৰকাৰৰ মন্থৰ দহন মেৰী খ্ৰীষ্টমাছ।

অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব এলবাৰ্টৰ ভূমিকাত অভিনয় কৰা বিজয় চেটুপথীৰ। দৰ্শক মোহাচ্ছন্ন হ’ব পৰাবিধৰ প্ৰাকৃতিক অভিনয় তেওঁৰ। লগতেই মাৰিয়াৰ ভূমিকাত অভিনয় কৰা কেট্ৰিনা কাইফেও নিজ চৰিত্ৰৰ লগত সম্পূৰ্ণৰূপে একাত্ম হৈ পৰিছে। কিছু সময়ৰ বাবে ভূমুকি মাৰা বিনয় পাঠকৰ অভিনয় সদায়েই ভাল লগা। যদিহে আপুনি উৎকন্ঠা বা শিহৰণধৰ্মী ধাৰাৰ ছবি চাই ভালপাই,তেন্তে মেৰী খ্ৰীষ্টমাছ আপোনাৰ বাবে।

(লেখিকাৰ মেইলঃ rimli.borkotoky1985@gmail.com)