চিনে বাৰ্তাঃ সত্য-দা ট্ৰুথ আৰু কিছু কথা

Satya The Truth

সমকামিতা কোনো নতুন বিষয় নহয়। সমকামিতাৰ ইতিহাস প্ৰায় সকলো সভ্যতাতেই স্পষ্টভাৱে উল্লিখিত। সময়ৰ সমান্তৰালকৈ সমাজৰ বিৱৰ্তন ঘটিছে,বহু ৰাষ্ট্ৰতে সমকামী বিবাহকো আইনী স্বীকৃতি প্ৰদান কৰা হৈছে। ভাৰতবৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয়। পিছে আমাৰ সামাজিক দৃষ্টিভংগীত সমকামিতাক এতিয়াও এক অপৰাধেই। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমকামী বা সমলৈংগিক প্ৰেম,যৌনতা সম্বন্ধীয় বহু চলচ্চিত্ৰই নিৰ্মিত হৈছে।

লেখত ল’বলগীয়া বহু চলচ্চিত্ৰ মহোৎসৱতো সমকামীকে আদি কৰি পৃথক যৌনতাৰ সম্প্ৰদায়ক সামৰি “কুয়েৰ”(queer)শিতানকো অন্তৰ্ভুক্ত কৰা যায়, কুয়েৰ চলচ্চিত্ৰ মহোৎসৱৰো আয়োজন কৰা হয়। লগতেই সমগ্ৰ বিশ্বজুৰি প্ৰচলিত চলচ্চিত্ৰ নিৰ্মাণৰ যিসমূহ ধাৰা আছে তাৰো এক অন্যতম ধাৰা”-কুয়েৰ”ধাৰাৰো এক অংশ এনে ভিন্ন যৌনতাৰ ভেটিত নিৰ্মিত ছবি।

ভাৰতবৰ্ষত যেতিয়া এনে এক সমকামী প্ৰেম কাহিনীক লৈ পৰিচালক দীপা মেহতাই ফায়াৰ ছবিখনত শ্বাবানা আজমী আৰু নন্দিতা দাসৰ মাজৰ সমকামী প্ৰেম আৰু শাৰিৰীক নৈকট্যক প্ৰদৰ্শন কৰিছিলে তেতিয়া দেশৰ বহু স্থানতে কিছু উগ্ৰ সামাজিক(?) সংগঠনৰ প্ৰতিবাদেৰে দেশ উত্তাল হৈ পৰিছিল। ক’ৰোবাত প্ৰতিবাদী মিছিল ওলাইছিলে যদি আন ক’ৰোবাত ছবিখনৰ প’ষ্টাৰ দাহ কৰা হৈছিল।

অথচ ভাৰতৰ চেঞ্চৰ বৰ্ডে “ফায়াৰ”ছবিখনক প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰিছিলে। ১৯৯৬ চনতে ৱৰ্ল্ড প্ৰিমিয়াৰ হোৱা ছবিখনে পিছে ভাৰতত মুক্তি লাভ কৰিছিলে ১৯৯৯চনত হে। সেয়া আজিৰ পৰা প্ৰায় ২৪ বছৰ পূৰ্বৰ কথা। পিছে আইন সলনি হ’লেও সমাজ-ব্যৱস্থা,মানুহৰ দৃষ্টিভংগী কিমানদূৰ সলনি হৈছে এনেবোৰ বিষয়ক লৈ?

প্ৰাকৃতিকভাৱে প্ৰাপ্ত যৌনতাৰ অনুভৱ বা সেই অনুভৱক কেন্দ্ৰ কৰি নিজৰ জীৱন জীয়াবৰ বা সংগী নিৰ্বাচনৰ অধিকাৰত ভুল বা অপৰাধ ক’ত?পুৰুষ নাৰীৰ প্ৰতি আৰু নাৰী পুৰুষৰ প্ৰতি আকৰ্ষিত হোৱাতো যিদৰে এক গতানুগতিক বা স্বাভাৱিক প্ৰক্ৰিয়া,ঠিক তেনেদৰেই নাৰী নাৰীৰ প্ৰতি আকৰ্ষিত হোৱাতো কিম্বা পুৰুষ পুৰুষৰ প্ৰতি আকৰ্ষিত হোৱাতোও একেধৰণৰেই প্ৰাকৃতিক মানসিক-কায়িক প্ৰক্ৰিয়া।

লিংগ পৰিৱৰ্তনো আজিৰ তাৰিখত এক সহজ তথা স্বাভাৱিক বিষয় হোৱাৰ দিশলৈ আগবাঢ়িছে। যা হওক,আজিৰ চিনেমা বিষয়বস্তুক লৈ এইখিনি লিখাৰ এক সামাজিক দৃষ্টিকোণ আছে বুলিয়েই কথাখিনিৰ ভনিতা আহি পৰিলে। সত্য-দা ট্ৰুথ- অসমীয়া ছবিৰ ইতিহাসত প্ৰথমখন সমকামী প্ৰেম কাহিনীৰ ছবি। এই ছবিখনৰ ২০২৩ চনত কছিছ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ অনুষ্ঠিত হৈছিল আৰু অসমত গত ২ ফেব্ৰুৱাৰী তাৰিখে ছবিখনে মুক্তিলাভ কৰে।

সত্য-দা ট্ৰুথৰ কাহিনীভাগ লিখিছে উৎপল উপমন্যই আৰু চিত্ৰনাট্য লিখিছে চন্দন তালুকদাৰে। ৰূপজ্যোতি বৰঠাকুৰৰ দ্বাৰা পৰিচালিত এই ছবিখন বৰ্তমানেও অসমৰ ভিন্ন চিত্ৰগৃহত চলি আছে। অৱশ্যে অসমত দীপা মেহতাৰ ফায়াৰৰ দৰে কোনো প্ৰতিবাদ দেখা নগ’ল। হয়তো আইনৰ বাবে, অথবা সামাজিক কিছু উত্তৰণৰ বাবেই যৎসামান্য গ্ৰহণযোগ্যতা আহি পৰিছে এই ক্ষেত্ৰত।

সত্য দা ট্ৰুথৰ আৰম্ভণি হয় এক এখন এম্বুলেঞ্চৰ হস্পিটেল অভিমুখী যাত্ৰা আৰু চাইৰেণৰ শব্দৰ উত্তেজনাপূৰ্ণ দৃশ্যাংশৰে, যিয়ে ছবিখনত পৰৱৰ্তী পৰ্যায়ত ঘটিব পৰা কোনো উত্তেজনা বা উৎকন্ঠাৰ আভাস দিয়াৰ ইংগিত প্ৰদান কৰে। আৰম্ভণিৰ সময়ছোৱাত ছবিখনৰ দৃশ্যাংশসমূহৰ উপস্থাপন অধিক লৰালৰিকৈ কৰা যেন অনুভূত হ’ল। তেজপুৰৰ বাসিন্দা সত্য (মুখ্য চৰিত্ৰ-ৰাকেশ বৰুৱা)ই অধ্যয়নসূত্ৰে গুৱাহাটীত বাস কৰে। ঘৰত পিতৃ-মাতৃ আৰু ককায়েক(উদয়ন দুৱৰা)। 

সত্যৰ এজন শৈশৱৰ বন্ধু সমীৰ(সুমন দাস)। মাজে মাজে সত্যৰ ককায়েকৰ প্ৰেয়সী জিতা(ডৰথী ভৰদ্বাজ)ৰো কিছু ভূমিকা আছে, যদিওবা তেওঁৰ সংলাপসমূহ অধিক সময়তেই অস্বাভাৱিক যেন লাগিছিল। সত্য দা ট্ৰুথৰ কাহিনীভাগে এটি লয়ত গতি নকৰে, কাৰণ ছবিখনৰ চিত্ৰনাট্যখন তেনেদৰে গতি কৰিব পৰাকৈ সু-সংৰচিত হৈ নুঠিল। সেইটো এটি দুৰ্বল অংশ ছবিখনৰ।

কাহিনী আগবঢ়াৰ সমান্তৰালকৈ সত্যৰ বিষয়ে এনে এক সত্য ককায়েকৰ আগত আৰু পৰৱৰ্তী পৰ্যায়ত পিতৃ-মাতৃৰ আগত প্ৰকাশ পাই যে,যাৰ বাবে প্ৰকাশ পোৱাৰ আগত এক তীব্ৰ উৎকন্ঠা আৰু প্ৰকাশৰ পিছত এক উত্তেজনা এই দুয়োবিধ আৱেগৰ ব্যৱহাৰ খুব সুন্দৰকৈ কৰিব পাৰিলেহেঁতেন পৰিচালকে। পিছে,সকলোবোৰ অতি স্বাভাৱিক আৰু প্ৰত্যাশিত আছিলে। যাৰফলত ছবিখনত কিছু তৰংগায়িত হ’ব পৰা উপাদান নেথাকিল আৰু দৰ্শকক একত্ৰ কৰাৰ দিশতো অক্ষম হ’ল।

সত্যৰ সমকামী প্ৰেমিক পুৰুষ সংগী অমৰ বৰুৱা(উৎপল দাস)ৰ সৈতে যুটীটোও এটি দিশৰ পৰা দৃষ্টিকটু হৈছিলে। প্ৰথম দিশটি হ’ল উৎপল দাসৰ পৰিপক্ব অভিনয় আৰু ৰাকেশ বৰুৱাৰ সম্পূৰ্ণ অনভিজ্ঞ অভিনয়। এক কথাত ক’ব পাৰি যে চিত্ৰনাট্যখনৰ লগতেই সত্য দা ট্ৰুথৰ আন এটি অতি দুৰ্বল অংশ মুখ্য চৰিত্ৰ ৰাকেশ বৰুৱা(সত্য)ৰ অভিনয়। লগতেই উল্লেখ কৰিব লাগিব সম্পূৰ্ণ ভাবলেশহীনভাৱে কৰা সত্যৰ মাতৃৰ চৰিত্ৰটিৰ অতি অভিনয়।

সত্যৰ সমকামীতাৰ বিষয়ে পুত্ৰৰ মুখেৰে জানিব পাৰি মাকৰ তান্ত্ৰিকৰ ওচৰলৈ যাব বিচৰা, ককায়েকৰ অস্থিৰতা উদ্বিগ্নতা, দেউতাকৰ অমৰ বৰুৱাক লগ কৰিবলৈ যোৱা- এই সকলোবোৰ দিশকে গ্ৰহণযোগ্যতা প্ৰদান কৰিছে ছবিখনত। যিদৰে গ্ৰহণযোগ্যতা প্ৰদান কৰিছিলে সত্য আৰু অমৰৰ প্ৰেমক। এইখিনিতে এটি আন এটি চকুত পৰা খুট হ’ল যে- অমৰ বৰুৱাক বিচাৰি যোৱা সত্যৰ পিতৃ,যিয়ে আৱিস্কাৰ কৰে যে অমৰ বৰুৱা আন কোনো নহয় তেওঁলোকৰ ঘৰতেই শৈশৱত ভাৰাতীয়া হিচাপে থকা দুদুল হে।

দৃষ্টিকটু এইবাবেই লাগিল যে সেই সময়ত বিজু(সত্যৰ পিতৃ) মট্ৰিক দিবৰ বয়সৰ আছিল আৰু দুদুল তেওঁতকৈ খুব বেছি ৬-৭ বছৰমানৰ সৰু আছিল। তেনেস্থলত তেতিয়াও চল্লিশৰ দেওনা গৰকিবলৈ বাকী থকা দুদুল(অমৰ)আৰু সত্যৰ লগতেই সত্যৰো ককায়েক এজনৰ পিতৃৰূপে বিজু বা বিজিতৰ এই বয়সৰ ব্যৱধান অৱাস্তৱ বুলি স্পষ্ট। ছবিখনৰ বিষয়বস্তু ইমান স্পৰ্শকাতৰ হ’লেও, শেষাংশৰ ফালেহে কিছু প্ৰগাঢ়তা আহি পৰা দেখা যায়।

অৰ্থাৎ ছবিখন চাই থাকোতে শেষাংশ পৰ্যন্ত তেনে কোনো মনোগ্ৰাহীতা অনুভৱ নহ’ল। সত্য দা ট্ৰুথৰ আন এক দুৰ্বল অংশ হৈছে ছবিখনৰ দৈৰ্ঘ্য। কিছু দৃশ্যৰ উপস্থাপন নকৰিলে বিশেষকৈ শেষাংশৰ প্ৰগাঢ়তাক আৰু অধিক শক্তিশালী কৰি তুলিব পাৰিলেহেঁতেন, যিয়ে ছবিখনক অন্য এক মাত্ৰা দিলে হয়। সম্পাদনাৰ দিশ দুৰ্বল।

সত্য দা ট্ৰুথৰ চিনেমেট’গ্ৰাফীৰ কাম কৰিছে হিতেন ঠাকুৰীয়াই, যি প্ৰশংসনীয়। লগতেই প্ৰশংসনীয় তৰালী শৰ্মা আৰু দিগন্ত ভাৰতীৰ সংগীত ব্যৱস্থাপনা। বিশেষকৈ দুঠাইত(সত্য আৰু অমৰৰ শাৰিৰীক নৈকট্যৰ সময়ত আৰু অমৰৰ হতাশাৰ সময়ত) পৰিস্থিতি অনুসৰি গীতৰ প্ৰয়োগ সম্পূৰ্ণৰূপে খাপখোৱা। অভিনয়ৰ ক্ষেত্ৰত উৎপল দাস স্বাভাৱিকতেই পৰিপক্ক যদিওবা তেওঁৰ অভিনয়ৰ ইমান সুযোগ নাছিল,যিদৰে জলছবিত দেখিবলৈ পোৱা ডৰথী ভৰদ্বাজক সত্য দা ট্ৰুথত দেখাৰ সুযোগ নাছিল।

উদয়ন দুৱৰাৰ অভিনয় সহজ, মহেশ বৰাৰো। ৰাকেশ বৰুৱা আৰু সুমন দাসৰ অভিনয় উন্নত কৰাৰ বহু থল বাকী। মূল কথাটি হ’ল যে- এনে এটি বিষয়বস্তু লৈ অসমত এনেদৰে ছবি নিৰ্মাণ কৰাতো নিশ্চয়কৈ এক আদৰণীয় কথা। যিহেতু সমাজৰ স্বাভাৱিক বা চিন্তধাৰা বা প্ৰথাৰ গণ্ডিৰ উৰ্দ্ধৰ এক বিষয়ক লৈ ছবিখন নিৰ্মাণ কৰা হৈছিলে,গতিকেই ইয়াৰ মূল বাৰ্তা আশাব্যঞ্জক বা উত্তৰণমুখী হোৱাহয় অধিক শুৱালেহেতেঁ‌ন বা চিনেমাখনৰ প্ৰতি ন্যায় কৰা হ’ল হয়।

পিছে, সত্য দা ট্ৰুথত সকলো পৰিস্থিতি অনুসৰি, প্ৰতি চিন্তাধাৰাকে গ্ৰহণযোগ্যতা দিয়াৰ প্ৰয়াস কৰা হ’ল, যিয়ে ছবিখনৰ একপ্ৰকাৰ ইয়াৰ মূল বিষয়বস্তুক গ্ৰহণযোগ্যতা দিয়াৰ পৰাই বিচ্যুত কৰিলে।

(লেখকৰ মেইলঃ rimli.borkotoky1985@gmail.com)