NORTHEAST NOW (Assamese)

নতুনকৈ নালাগে, অসমৰ ক্ষেত্ৰত বাহাল থাকক বৰ্তমানৰ এন আৰ চি : ৰিপুন বৰা

November 24, 2019 3:26 pm · কল্পজ্যোতি শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

‘আমাক নতুন NRC নালাগে, অসমৰ ক্ষেত্ৰত বৰ্তমানৰ NRC খনে বাহাল থাকিব লাগে। আমি কেতিয়াও কোনো কাৰণত বৰ্তমানৰ NRC নাকচ হ’বলৈ নিদিওঁ।‘ দেওবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

ইপিনে, সুদীৰ্ঘ ১৪ বছৰৰ অন্তত এই NRC খন পোৱা গৈছে বুলি উল্লেখ কৰি বৰাই কয় ‘ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত এই NRC নিৰ্মাণ হৈছে । যদি কিবা ভুল আছে সংশোধন কৰিলেই হ’ল।‘

তদুপৰি, ‘অসমত হোৱা NRC ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰিছে’ বুলি দাবী কৰি বৰাই লগতে কয় ‘বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰই সংবাদমেলযোগে এই এনআৰচি সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আৰু স্বচ্ছতাৰে তৈয়াৰ কৰা বুলি কোৱাৰ পাছত ইয়াক ত্ৰুটিপূৰ্ণ বুলি অভিযোগ তুলি নাকচ কৰিব বুলি কোৱাৰ অন্তৰালত এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ আছে।‘

‘২০০৫ চনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আছুৰ সৈতে হোৱা ত্ৰিপাক্ষিক বৈঠকৰ অন্তত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তাৰ পাছতে এন আৰ চিৰ গাইডলাইন প্ৰস্তুত কৰি ১৪ বছৰৰ অন্তত এই এন আৰ চি পাইছো।‘ বৰাই লগতে কয়।

বৰাই সংবাদমেলত দাবী কৰি কয় ‘১৯.৬ লাখ মানুহৰ নাম বাদ পৰিছে ইয়াৰ ভিতৰত অধিক সংখ্যাক ভাৰতীয়। সৰু সৰু টেকনিকেল কাৰণত এইসকল লোকৰ নাম বাদ পৰিছে। নাম বাদ পৰা লোকসকলৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰাটোহে চৰকাৰৰ মূল দায়িত্ব হ’ব লাগে।‘

 ইয়াৰ উপৰি, ‘অসম চুক্তিৰ 6A দফা নাকচ কৰিহে ১৯৫১ হোৱাটো সম্ভৱ’ বুলি সদৰী কৰি বৰাই লগতে কয় ‘হিমন্ত বিশ্ব শৰ্মাইয়ো ১৯৫১ হ’ব নোৱাৰে বুলি ভালকৈ জানে। তেওঁ কেৱল ৰাজনৈতিক স্বাৰ্থত উদ্দেশ্যপ্ৰণোদিতভাৱে ১৯৫১ হ’ব লাগে বুলি কৈছে।‘

ইপিনে, কাশ্মীৰৰ ৩৭০(এ) আৰু ৰাম মন্দিৰৰ ইচ্ছ্যু নাইকিয়া হোৱাৰ পাছত বিজেপিৰ হাতত কোনো নতুন ইচ্ছ্যু নাইকিয়া হোৱা বুলি সংবাদমেলত বৰাই দাবী কৰে।

‘দেশৰ অৰ্থনীতিৰ মন্দাৱস্থা আৰু দেশৰ অন্যান্য বিষয় সমূহ ঢাকি ৰখাৰ বাবে বিজেপিয়ে নতুন ইচ্ছ্যুৰ সৃষ্টি কৰিছে। কাশ্মীৰৰ ইচ্ছ্যু শেষ, ৰাম মন্দিৰৰ ইচ্ছ্যুও শেষ। তেওঁলোকৰ ধৰ্মীয় আৰু সাম্প্ৰদায়িক ইচ্ছ্যুৰ বাহিৰে অন্য ইচ্ছ্যু নাই। সেয়েহে নতুন এন আৰ চি কৰিম বুলি নতুনকৈ এটা ইচ্ছ্যু বনাইছে।‘ বৰাই সংবাদমেলত কয়।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত কংগ্ৰেছৰ পূৰ্বৰ স্থিতিয়েই বাহাল আছে বুলি উল্লেখ কৰি বৰাই কয় ‘এই বিধেয়ক অসংবিধানিক। এই আইন বহুবাৰ সংশোধন হৈছে যদিও এইবাৰৰ সংশোধনী প্ৰক্ৰিয়াই সংবিধানৰ মূল কাঠামুত আঘাত হানিব। সংবিধানৰ আঘাত হানিব পৰা কোনো কামেই চৰকাৰে কৰিব নোৱাৰে।‘

বৰাৰ মতে ‘১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ক’তো ধৰ্মৰ নামত নাগৰিকত্ব দিব লাগিব বুলি উল্লেখ নাই। ইয়াৰ উপৰি ভাৰত চৰকাৰৰ হাতত বা IB বা RAW ৰ হাততো আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা ধৰ্মীয় উৎপীড়নৰ বলি হৈ অহা লোকৰ কোনো তথ্য নাই।‘

ইপিনে, কেব আৰু নতুন এন আৰ চিৰ বিৰুদ্ধে অহা ১৩ ডিচেম্বৰত দিল্লীৰ জন্তৰ মন্তৰত অসম প্ৰদেশ কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ৰিপুন বৰাই সংবাদমেলত ঘোষণা কৰে।

Related News