সাংসদ মহুৱা মৈত্ৰক ৰক্ষণাবেক্ষণ দিবলৈ উঠি-পৰি লাগিছে ৰিপুন বৰা

‘মিষ্টাৰ গগৈ’ মন্তব্যকলৈ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই কৰা টুইটটোক লৈ হোৱা বিতৰ্কই অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে সময়তে সাংসদ মহুৱা মৈত্ৰক ৰক্ষণাবেক্ষণ দিবলৈ উঠি-পৰি লাগিছে ৰিপুন বৰাই।

মহুৱা মৈত্ৰই কৰা টুইটটোক লৈ হোৱা বিতৰ্ক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আখ্যা দিছে বৰাই৷ বৰাই কয় যে মিডিয়া যোগে টুইটটোক লৈ অপবাখ্যা কৰি ভ্ৰমিত কৰাৰ প্ৰয়াস কৰা হৈছে।

‘মিষ্টাৰ গগৈ’ বুলি কৈ মাথো এগৰাকী মানুহক বুজাইছে, কোনো সম্প্ৰদায়ক বুজোৱা হোৱা নাছিল৷

তৎস্বত্বেও এই সন্দৰ্ভত ইতিমধ্যে সাংসদ মহুৱা মৈত্ৰই স্থিতি স্পষ্ট কৰিছে৷

সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ আৰু অসম তৃণমূল কংগ্ৰেছে কেতিয়াও কোনো জাতি-জনগোষ্ঠীক লৈ কৰা অপমানসূচক মন্তব্যক সমৰ্থন নকৰে৷