IND vs ENG: পন্টৰ বিস্ফোৰক শতক, জাদেজাৰ অপ্ৰতিৰোধ্য বেটিঙেৰে এজবাষ্টনত ইংলেণ্ডক উভতি ধৰিলে ভাৰতে

5th Test between India vs England at Edgbaston কোভিড আক্ৰান্ত ৰোহিত শৰ্মাৰ অনুপস্থিতিত অধিনায়ক হিচাপে যশপ্ৰীত বুমৰাহৰ আৰম্ভণিটো যথেষ্ট ভালেই দেখা গৈছে। বিৰাট কোহলী আৰু বাকীসকল বিফল হ’লেও ঋষভ পন্টে এজবাষ্টন টেষ্টৰ প্ৰথম দিনা টীম ইণ্ডিয়াক পুনৰ যুঁজলৈ ওভতাই আনে। শতক অৰ্জন কৰাৰ পিছত তেওঁ আউট হয় যদিও ৰবীন্দ্ৰ জাদেজা এতিয়াও ক্ৰীজত আছে। প্ৰথম দিনটোৰ শেষত ভাৰতে ৭ টা উইকেট হেৰুৱাই ৩৩৮ ৰাণ সংগ্ৰহ কৰে।

পণ্টে অলপতে ঘৰুৱা খেলপথাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দলটোক নেতৃত্ব দিয়াৰ সুযোগ পাইছিল। ভাৰতে প্ৰথম দুখন মেচত পৰাজিত হৈছিল। সতীৰ্থসকলৰ প্ৰদৰ্শনেৰে শৃংখলাটোত সমতা স্থাপন হয় যদিও পণ্টৰ বেটৰ পৰা ৰাণ অহা নাছিল। তেওঁৰ বেটিঙৰৰ পৰা অধিনায়কত্বলৈকে সকলো তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দিনা ১৪৬ ৰাণৰ বিস্ফোৰক ইনিংছ খেলি পণ্টে বাৰ্তা দিলে যে দলটোৱে এতিয়াও তেওঁক বিশ্বাস কৰিব পাৰে। পণ্টে যোৱা বছৰ এখন টেষ্টত জেমছ এণ্ডাৰছনৰ বলত ৰিভাৰ্চ চুইপ কৰি বলটো বাউণ্ডেৰীৰ বাহিৰলৈ প্ৰেৰণ কৰিছিল আৰু সেইটোৱে দৰ্শকসকলক অবাক কৰি তুলিছিল।

শুকুৰবাৰৰ দিনটোত তেওঁ পুনৰ তেওঁৰ চিনাকি ছন্দলৈ ঘূৰি আহে আৰু সেই স্মৃতি পুনৰ সজীৱ কৰি তুলিলে। যিগৰাকী এণ্ডাৰছনে এটাৰ পিছত এটা উইকেট লৈ ভাৰতীয় শীৰ্ষ ক্ৰমক যথেষ্ট চাপত ৰাখিছিল তেওঁৰ বলতেই পুনৰ ৰিভাৰ্চ চুইপ! এইবাৰ বলটো যদিও বাউণ্ডেৰী পাৰ হোৱা নাছিল, পণ্টে আকৌ এবাৰ তেওঁৰ সাহসিকতা দেখুৱাই দিলে। কেতিয়াবা কেতিয়া যদি ষ্ট্ৰেইট ড্ৰাইভ, কেতিয়াবা এখন হাতেৰে পুল শ্বট মাৰি দলটোক খেলৰ মাজলৈ ঘূৰাই আনিছিল উপ-অধিনায়কগৰাকীয়ে। ড্ৰেছিং ৰুমত প্ৰৱেশ কৰাৰ সময়ত পুৰস্কাৰ হিচাপে পালে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ উচ্চ প্ৰশংসা।

কিন্তু কেৱল ঋষভৰ কথা ক’লেই নহ’ব। জাদেজাৰ নামো একে গুৰুত্বসহকাৰে উল্লেখ কৰিব লাগিব। যিয়ে পন্টৰ সৈতে ২২২ ৰাণৰ পাৰ্টনাৰশ্বিপৰ অভিলেখ গঢ়ে। তদুপৰি, পণ্ট আউট হোৱাৰ পিছত তেওঁ দিনটোৰ বাকী খেলখন অকলেই চম্ভালে। দিনটোৰ শেষত তেওঁ ৮৩ ৰাণত অপৰাজিত হৈ ৰয়। তেওঁৰ সৈতে ক্ৰীজত আছে মহম্মদ ছামী ।

ইপিনে, পঞ্চম টেষ্টৰ প্ৰথম দিনা আঘাতৰ পৰা সুস্থ হৈ দললৈ উভতি আহিয়েই এণ্ডাৰছন তেওঁৰ ধ্বংসাত্মক ৰূপত অৱতীৰ্ণ হয়। তেওঁ দুয়োগৰাকী অ’পেনাৰ শুভমান গীল (১৭) আৰু চেতেশ্বৰ পূজাৰাক (১৩) দ্ৰুত আউট কৰি ভাৰতক বেকফুটলৈ ঠেলি দিছিল। তাৰ পিছত মেটি পটছে হনুমা বিহাৰী (২০) আৰু কোহলী (১১)ৰ মূল্যৱান উইকেট দুটা দখল কৰে। কিন্তু পণ্টৰ বিস্ফোৰক বেটিঙৰ মাজেৰ খেলখনলৈ উভতি আহে টীম ইণ্ডিয়া।