আই পি এল ফ্ৰেঞ্চাইজি লক্ষ্ণৌ ছুপাৰজায়েণ্টৰ (LSG) নতুন অধিনায়ক হিচাপে ঘোষণা কৰিছে ঋষভ পন্তক। সঞ্জীৱ গোৱেংকাৰ ফ্ৰেঞ্চাইজিয়ে অভিলেখ ধনৰ বিনিময়ত পন্তক চুক্তিবদ্ধ কৰে। গোৱেংকাই নিজেই পণ্টক নিলামৰ টেবুলৰ পৰা তুলি লৈছিল। এল এছ জিয়ে তেওঁক ২৭ কোটি টকাত চুক্তিবদ্ধ কৰিছিল।
পন্তক দলত অন্তৰ্ভুক্ত হোৱাৰ পিছত সঞ্জীৱ গোৱেংকাই জনাইছিল যে যেনেদৰেই হওক তেওঁ পণ্টক দলত বিচাৰিছিল। সোমবাৰে পুৱা ঋষভ পন্তক দেখা গ’ল কলকাতাৰ গোৱেংকা হাউচত। তাৰ পিছত অনুমান কৰা হৈছিল যে পন্তক অধিনায়ক হিচাপে ঘোষণা কৰিবলৈকে কলকাতালৈ অনা হৈছিল।
সঞ্জীৱ গোৱেংকাই কয় যে আমি পন্তক আমাৰ কাষত লৈ একেলগে এই ঘোষণা কৰাৰ বাবে অপেক্ষা কৰি আছিলো। ঋষভ পন্ত আমাৰ লক্ষ্ণৌ ছুপাৰজায়েণ্ট দলৰ নতুন অধিনায়ক। দিল্লী কেপিটেলছে তেওঁক মুকলি কৰি দিয়াৰ সময়ত আমি সিদ্ধান্ত লৈছিলো যে তেওঁক দলত আনিব লাগিব। কাৰণ গোটেই কম্বিনেশ্যনটো তেওঁক মনত ৰাখিয়েই কৰা হৈছিল।
গোৱেংকাই কয়, “মই তেওঁৰ মাজত নেতৃত্ব দিয়াৰ এক অসাধাৰণ ক্ষমতা দেখিছো। তেওঁ দলৰ ক্ৰিকেটাৰসকলৰ সৈতে যিদৰে সম্পৰ্ক বজাই ৰাখে আৰু তেওঁলোকক একেলগে ৰাখে, সেইটোৱে মোক ভাবিবলৈ বাধ্য কৰাইছে যে তেওঁৰ অধিনায়ক হ’বলৈ সকলো আছে। আৰু মই ভাবো যে তেওঁ কেৱল আমাৰ দলৰ বাবেই নহয়, ভৱিষ্যতৰ বাবেও অন্যতম শ্ৰেষ্ঠ অধিনায়ক হ’ব।”
ইয়াৰ পিছত পন্তে ক’লে, ‘টিমৰ মালিকে যেতিয়া এনেধৰণৰ কথা কয়, তেতিয়া আত্মবিশ্বাস বহুত বাঢ়ি যায়। ১০০ শতাংশৰ পৰা ২০০ শতাংশ দিবলৈ ইচ্ছুক। অধিনায়ক হিচাপে এই কথা কোৱা নাই যদিও ক্ৰিকেটাৰ হিচাপে অধিনায়কৰ কাষত থকাটো ডাঙৰ কথা। নিলাম আৰম্ভ হোৱা বুলি গম পোৱা নাছিলো। আমি আইপেড লৈ ঘূৰি ফুৰিছিলো। আমি সকলো ক্ৰিকেটাৰৰ সৈতে উদযাপন কৰি আছিলো যেতিয়া তেওঁলোকৰ নাম মাতিছিল। মই ভাবি আছিলোঁ ইমান সময়ৰ মূৰতো মোৰ নামটো কিয় ওলোৱা নাই। ৰোহিত শৰ্মাই ফোন কৰি ক’লে, “টিভিত চাম, আহাচোন। মই খুব চাপত আছিলো, দেখিলো মোৰ নামটো ওলাইছে।”
পন্তে কয়, ‘এয়া মোৰ প্ৰথম অভিজ্ঞতা আছিল কাৰণ আগতে যেতিয়া এইটো হৈছিল, মই ১৯ বছৰ অনুৰ্ধৰ খেল খেলি আছিলো। মইও অলপ নাৰ্ভাছ আছিলোঁ। সঞ্চালক যতীন সাপ্ৰুৱে সুধিলে, “আপুনি ভাবিছিলনে যে লক্ষ্ণৌই আপোনাক লৈ যাব?” তেতিয়া সঞ্জীৱ গোৱেংকাই ক’লে, “মই এটা কথা নিশ্চিত আছিলো যে যিয়েই নহওক, মই তেওঁক দলত লৈ যাম। কোনোবাই যিয়েই নকওক, মই যিমান দূৰলৈ যাব লাগে সিমান দূৰলৈ যাম, কিন্তু পন্তক দলত লৈ যাম কাৰণ আমি তেওঁক দলত ফিক্সড হিচাপে ৰাখিছিলো। সেয়ে আমি অপেক্ষা কৰি আছিলো।”