ধোনীৰ সন্মুখত তাণ্ডৱ, তাৰপিছত নিয়ম ভংগৰ অভিযোগ! পকেটৰ পৰা ১২ লাখ টকা যাব `বেচেৰা‘ পন্তৰ

দেওবাৰে নিশা মনত ৰাখিবলগীয়া মেচ এখন উপহাৰ দিলে ঋষভ পন্তে। ফৰ্মৰ বাহিৰত থকা পৃথ্বী শ্ব’ৱেই নহয়, প্ৰত্যাৱৰ্তনৰ দৌৰত সফলতাৰ তালিকাত নাম  নাম লিখিলে পন্তেও। ভিজাগ ষ্টেডিয়ামত ডেভিদ ৱাৰ্নাৰৰ বেটিং বিক্ৰমৰ সাক্ষী হৈছিল দৰ্শক। বলেৰে জিলিকি উঠে মথিছা পাথিৰানা। দিল্লীৰ হৈ পাৱাৰ প্লে’ত খলিল আহমেদ, ডেথ অভাৰত মুকেশ কুমাৰ, দেওবাৰে নিশা দেখা গ’ল ইটোৰ পিছত সিটোকৈ ব্যক্তিগত কীৰ্তিৰ জিলিকনি।

কিন্তু সকলো প্ৰদৰ্শনকে অকলে ম্লান কৰি পেলালে মহেন্দ্ৰ সিং ধোনীয়ে। পৰাজিত মেচখনত তেওঁৰ বেট পুনৰ উজলি উঠিল। শেষত দিল্লীৰ বলাৰক বিধ্বস্ত কৰি ধোনীয়ে ১৬টা বলত ৩৭ ৰানৰ ছুনামীৰে অনুৰাগীৰ দেহ মন জুৰ পেলালে।

কিন্তু দেওবাৰৰ নিশাটো চেন্নাইৰ অনুৰাগীৰ বাবে নাছিল। একেৰাহে দুখন মেচত জয়লাভ কৰাৰ পিছত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ছিজনৰ প্ৰথমটো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় চি এছ কে। আনহাতে, প্ৰথম দুখন মেচত পৰাস্ত হোৱাৰ পাছত দিল্লীয়ে বিজয়ৰ পথ মুকলি কৰে।

বেটিং আৰু অধিনায়কত্বত সকলোকে চেৰ পেলালে ঋষভ পন্তে। চি এছ কেৰ বিৰুদ্ধে খেলখনত তেওঁ নেতৃত্ব দি দলক বিজয়ী কৰিলে। কিন্তু মেচৰ পিছতে শাস্তিৰ সন্মুখীন হ’ব লগা হ’ল পন্ত। তেওঁ এতিয়া লেহেমীয়া অভাৰ ৰেটৰ বাবে ১২ লাখ টকা জৰিমনা ভৰিব লাগিব। বৰ্তমানৰ আই পি এলত এয়া তেওঁৰ প্ৰথম নিয়ম উলংঘা! গতিকে আৰ্থিক জৰিমনা লৈয়ে তেওঁক ৰেহাই দিয়া হ’ব।

অৱশ্যে পন্তেই প্ৰথম নহয়। ইয়াৰ পূৰ্বে চলিত লীগত শুভমন গিলেও জৰিমনা ভৰিবলগীয়া হৈছিল। যোৱা মঙলবাৰে চি এছ কেৰ বিৰুদ্ধে খেলা খেলখনত গিলক স্লো অভাৰ ৰেটৰ বাবে জৰিমনা বিহা হৈছিল।

২০২২ চনৰ ডিচেম্বৰৰ পিছত চলিত আই পি এলত প্ৰথমবাৰৰ বাবে খেলিছে পন্তে।  তৃতীয় মেচতে অৰ্ধশতক অৰ্জন কৰিলে। পৃথ্বী শ্ব’ আৰু ডেভিদ ৱাৰ্নাৰে প্ৰথম ১০ অভাৰত ৯৩ ৰান সংগ্ৰহ কৰাৰ পিছত দিল্লীয়ে মথিছা পাথিৰানাৰ বলিঙৰ বাবে অলপ বেকফুটত যায়। মিডল অভাৰত ৰানৰ গতিও কমি আহে। কিন্তু পণ্টে ৩২টা বলত ৫১ ৰান সংগ্ৰহ কৰি দলটোক ১৯১ ৰান সংগ্ৰহ কৰাত সহায় কৰে।

ৰান চেজৰ বাবে নামি পাৱাৰপ্লেত খলিল আহমেদ আৰু ঈশান্ত শৰ্মাৰ গতিত আবদ্ধ হৈ পৰে চি এছ কে। দুই অ’পেনাৰ ৰুতুৰাজ গাইকোৱাড আৰু ৰচীন ৰবিন্দ্ৰৰ বেটিং তেনেদৰে কামত নাহিল। পিছত অজিংক্য ৰাহানে আৰু অৱশেষত মহেন্দ্ৰ সিং ধোনীয়ে বিস্ফোৰক বেটিং প্ৰদৰ্শন কৰে।

দেওবাৰে শিৱম ডুবেও ফ্ল’প হয়। বেটৰ সহায়ত ৰাহানেৰ সৈতে অৰ্ধশতকৰ পাৰ্টনাৰশ্বিপত অৰিহণা আগবঢ়ায় ডেৰেল মিচেলে। শেষত ধোনীৰ দুৰ্দান্ত ইনিংছটোৱে দৰ্শকক উচ্ছসিত কৰি তোলে।