NORTHEAST NOW (Assamese)

বাটৰ কচু ঘহি ল’লে গাত! IPL আৰম্ভ হোৱাৰ পূৰ্বে গাভাস্কাৰক নকল কৰি নতুন বিতৰ্কত পন্ট

March 18, 2025 7:57 am · এন ই নাও নিউজ, গুৱাহাটী

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত ঋষভ পণ্টে উইকেট নিক্ষেপ কৰা দেখি সুনীল গাভাস্কৰে খং দেখুৱাইছিল। ধাৰাভাষ্য দি থাকোঁতে তেওঁ খং উজাৰি দিয়ে। আই পি এলৰ পূৰ্বে এক বিজ্ঞাপনৰ শ্বুটত ক্ষুব্ধ গাভাস্কাৰক নকল কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হ’ল পণ্ট। তেওঁ বিতৰ্কৰ মাজতো জড়িত হৈ পৰিছে।

বগা বল ক্ৰিকেটত ভাৰতৰ প্ৰথম একাদশত স্থান নাপালেও টেষ্ট ক্ৰিকেটত পণ্ট  প্ৰথম একাদশত থকাটো নিশ্চিত। অষ্ট্ৰেলিয়াৰ মাটিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত যুৱ উইকেটকীপাৰ-বেটছমেনগৰাকীৰ ওপৰত নিৰ্ভৰ কৰিছিল গৌতম গম্ভীৰে।

সেই শৃংখলাৰ চতুৰ্থ টেষ্টত পণ্টে ভাল বেটিং কৰিছিল। ২২ গজত থিতাপি লোৱাৰ পিছতো মেলবৰ্ণত অপ্ৰয়োজনীয়ভাৱে আক্ৰমণাত্মক হ’বলৈ গৈ পন্টে উইকেট হেৰুৱাইছিল। সেইটো দেখি গাভাস্কৰে নিজৰ খং নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। গাভাস্কাৰে পণ্টক দায়িত্বহীন বেটিং কৰাৰ বাবে তীব্ৰ সমালোচনা কৰি কৈছিল, “ষ্টুপিড, ষ্টুপিড, ষ্টুপিড।” যিটো সেই সময়ত ছচিয়েল মিডিয়াত ভাইৰেলো হৈছিল।

আই পি এলৰ পূৰ্বে বিজ্ঞাপনৰ শ্বুটিঙত ক্ষুব্ধ গাভাস্কাৰক নকল কৰিছে পণ্টে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে পণ্টে সেইদিনা গাভাস্কাৰে যি সাজ-পোছাক পিন্ধিছিল, সেইদৰে সাজ-পোছাক পিন্ধি কমেণ্টৰী দিছে। নিজকে ঠিক গাভাস্কাৰৰ দৰে তুলি ধৰাৰ চেষ্টা কৰিছে।

ইয়াৰ পিছত হাতত মাইক্ৰ’ফোনটো লৈ পণ্টে গাভাস্কাৰৰ দৰেই ইংগিতেৰে ক’লে, “ষ্টুপিড, ষ্টুপিড, ষ্টুপিড।” যুৱ ক্ৰিকেটাৰজনে নিজৰ দায়িত্বহীন বেটিঙক ঠাট্টা কৰিবলৈ গৈ প্ৰাক্তন ভাৰতীয় অধিনায়কজনক নকল কৰে।

বহু ক্ৰিকেট অনুৰাগীয়ে সেইটো ভাল পোৱাৰ বিপৰীতে একাংশই পন্টক সমালোচনাও কৰে। বহুতে ভুলৰ পৰা শিক্ষা ল’বলৈ চেষ্টা নকৰি ভুলক তুচ্ছজ্ঞান কৰাৰ মানসিকতা বুলি কৈছে। ফলত কিছু বিতৰ্কৰ সৃষ্টি হৈছে।

উল্লেখ্য যে এইবাৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ আই পি এলত খেলিব পণ্টে। তেওঁ সঞ্জীৱ গোৱেংকাৰ দলটোক নেতৃত্ব দিব। লক্ষ্ণৌৰ মেনেজমেন্টে ২৭ কোটি টকাৰ বিনিময়ত পণ্টক দলত লৈছে।

Related News