India clinch ODI series against England: পণ্টৰ দমনীয় শতক,পাণ্ডিয়াৰ অলৰাউণ্ড প্ৰদৰ্শনেৰে এদিনীয়া শৃংখলা দখল ভাৰতৰ

India clinch ODI series against England দেওবাৰে মানচেষ্টাৰৰ ওল্ড ট্ৰেফৰ্ডত এখন বৃহৎ এদিনীয়া মেচত মুখামুখি হৈছিল ভাৰত আৰু ইংলেণ্ড। ভাৰত-ইংলেণ্ড শৃংখলাৰ তৃতীয়খন খেলত টীম ইণ্ডিয়াই অলৰাউণ্ড প্ৰদৰ্শনেৰে ইংলেণ্ডক ২-১ ব্যৱধানত পৰাস্ত কৰি শৃংখলাটো হস্তগত কৰে। হাৰ্দিক পাণ্ডিয়াৰ অলৰাউণ্ড প্ৰদৰ্শন আৰু ঋষভ পন্টৰ মেচ বিজয়ী শতকৰ সৌজন্যত টীম ইণ্ডিয়াই ইংলেণ্ডক ধৰাশায়ী কৰে।

ভাৰতে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। হাৰ্ডিক আৰু যুজবেন্দ্ৰ চাহালৰ ক্ষুৰধাৰ আক্ৰমণত ইংলেণ্ডে ২৫৯ ৰাণত ইনিংছ সামৰে। তাকো ৪৫.৫ অভাৰতে সামৰণি পৰে ইংলেণ্ডৰ ইনিংছ।

ফটো সৌজন্য: বিচিচিআই।

দেওবাৰে পিঠিৰ বিষৰ বাবে ভাৰতে যশপ্ৰীত বুমৰাহক খেলাব নোৱাৰিলে। তেওঁৰ ঠাইত মহম্মদ চিৰাজক লোৱা হয়। পাণ্ডিয়াই চাৰিটা উইকেট দখল কৰাৰ বিপৰীতে  চাহালে তিনিটা উইকেট লয়। সেইদৰে, চিৰাজে দুটা আৰু ৰবীন্দ্ৰ জাদেজাই এটা উইকেট দখল কৰে।

জেচন ৰয় আৰু জনি বেয়াৰস্টোৱে ইনিংছ মুকলি কৰিবলৈ অহাৰ পিছত দ্বিতীয়টো অভাৰতে ইংলেণ্ডৰ প্ৰথমটো উইকেটৰ পতন ঘটে। বেয়াৰস্টোৱে কোনো ৰাণ নকৰাকৈয়ে চিৰাজৰ বলত উভতি যায়। ইয়াৰ পিছত মাত্ৰ ৭৪ ৰাণতে ইংলেণ্ডে তিনিটা উইকেট হেৰুৱায়। জো ৰুট (০) চিৰাজৰ চিকাৰ হয়। পাণ্ডিয়াই ৰয়ক (৩১ টা বলত ৪১ ৰাণ) পেভলিয়নলৈ পঠিয়ায়। চাৰি নম্বৰত বেটিং কৰিবলৈ নামি বেন ষ্টোকছে ২৭ টা বলত ২৯ ৰাণৰ ইনিংছ খেলি পাণ্ডিয়াৰ দ্বাৰা কট এণ্ড বল হয়।

ফটো সৌজন্য: বিচিচিআই।

পাঁচ নম্বৰ স্থানত বেটিং কৰিবলৈ নমা বাটলাৰ আৰু ছয় নম্বৰত বেটিং কৰিবলৈ অহা মইন আলীয়ে দলক ৰক্ষা কৰাৰ দায়িত্ব লয়। তেওঁলোকে ৮৪ টা বলত ৭৫ ৰাণ যোগ দিয়ে। মইন আলীয়ে ৪৪ টা বলত ৩৪ ৰাণ কৰি জাদেজাৰ বলত উইকেটৰ পিছফালে পণ্টৰ হাতত কেচ দি আউট হয়। অধিনায়ক বাটলাৰে ৮০ টা বলত ৬০ ৰাণ কৰি আউট হয়। তেওঁ পাণ্ডিয়াৰ চিকাৰ হয়। ইংলেণ্ডৰ হৈ সৰ্বাধিক ৰাণ অধিনায়ক বাটলাৰৰ বেটৰ পৰাই আহে। ইয়াৰ পিছত লিয়াম লিভিংষ্টোন (২৭), ডেভিদ ৱিলি (১৮) আৰু ক্ৰেগ অভাৰটন (৩২)য়ে যথাসাধ্য চেষ্টা কৰি দলটোৰ ৰাণ সংখ্যা ২৫০ অতিক্ৰম কৰিবলৈ সক্ষম হয়।

ইপিনে, বেটিং কৰিবলৈ নামি ভাৰতেও ৭২ ৰাণতে চাৰিটা উইকেট (ৰোহিত ১৭, শিখৰ ধাৱান ১, বিৰাট কোহলী ১৭ আৰু সূৰ্যকুমাৰ যাদৱ ১৬) হেৰুৱায়। তাৰ পিছতে পন্ট আৰু পাণ্ডিয়া ভাৰতৰ ত্ৰাণকৰ্তা হৈ পৰে। তেওঁলোকৰ পাৰ্টনাৰশ্বিপত ১১৫ টা বলত ১৩৩ ৰাণ সংগ্ৰহ হয়। পাণ্ডিয়াই ৫৫ টা বলত ৭১ ৰাণৰ মেচ বচোৱা ইনিংছ খেলে। চাৰি নম্বৰ স্থানত বেটিং কৰিবলৈ আহি পণ্টে ১১৩ টা বলতে ১২৫ ৰাণৰ অপৰাজিত ইনিংছ খেলে।

তিনিটা ফৰ্মেটতে ভাৰতৰ এক নম্বৰ উইকেটকিপাৰ বেটাৰগৰাকীয়ে মুঠ ১৬ টা চাৰি আৰু দুটা ছয় মাৰে। টেষ্টত পাঁচটা শতক কৰা পণ্টে দেওবাৰে তেওঁৰ এদিনীয়া আন্তৰ্জাতিক কেৰিয়াৰত প্ৰথমটো শতক অৰ্জন কৰে।

সংক্ষিপ্ত স্ক’ৰ:

ভাৰত ২৬১/৫ (৪২.১ অভাৰ/৫০ অভাৰ)

ভাৰত ৫ উইকেটত বিজয়ী (৪৭ টা বল বাকী থকা অৱস্থাত)

মেচৰ শ্ৰেষ্ঠ: ঋষভ পন্ট (অপৰাজিত ১২৫ আৰু ২ টা কেচ)

শৃংখলাৰ শ্ৰেষ্ঠ: হাৰ্দিক পাণ্ডিয়া (১০০ ৰাণ আৰু ৬ টা উইকেট)