গৃহৰাজ্য অসমত উপস্থিত হ’ল আই পি এলত চমক সৃষ্টি কৰা ৰিয়ান পৰাগ

RIYANPARAG

আই পি এলৰ বেটিঙৰ এটা মহুৰ্তত ৰিয়ান

চলিত আই পি এলত অভিষেক চিজনতে চমকপ্ৰদ প্ৰদৰ্শনকৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা অসমৰ যুৱ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগ সোমবাৰে গুৱাহাটীত উপস্থিত হয়।

গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত সাংবাদ মাধ্যমৰ আগত অসমৰ ক্ৰিকেটাৰ গৰাকীয়ে অনুশীলনৰ সময়ত ভাল প্ৰদৰ্শন কৰাৰ বাবে দলত খেলবলৈ সুযোগ লাভ কৰিছিল বুলি উল্লেখ কৰে।

আনহাতে, আই পি এল এতিয়া সমাপ্ত হ’ল আগন্তুক সময়ত ঘৰুৱা ক্ৰিকেটত বিশেষকৈ ৰঞ্জি ট্ৰফীৰ বাবে ভালদৰে প্ৰস্তুতি চলাব লাগিব বুলি মন্তব্য কৰে ৰিয়ানে।

উল্লেখযোগ্য যে, চলিত আই পি এলত ৰাজস্থান ৰোয়েলছৰ হৈ খেলিবলৈ সুযোগ লাভ কৰিছিল অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাসৰ পুত্ৰ ৰিয়ান পৰাগে।

চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে খেলি আই পি এল কেৰিয়াৰৰ পাতনি মেলা ৰিয়ানে এতিয়ালৈ আই পি এলত সাতখন খেলত অংশগ্ৰহণ কৰি ৫ টা ইনিংছত ৩২ গড়ে মুঠ ১৬০ ৰাণ কৰিবলৈ সক্ষম হৈছে। ৰিয়ানৰ সৰ্বোচ্চ স্কোৰ হ’ল ৫০।

দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৰ্ধশতৰাণ কৰি তেওঁ আই পি এলৰ ইতিহাসৰ সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে অৰ্ধশতৰাণ কৰাৰ ইতিহাস গঢ়ে।