অৱশেষত প্ৰদৰ্শনৰ স্বীকৃতি ৰিয়ানলৈঃ জাতীয় দলত স্থান লাভৰ বাবে আৰু কত দিনৰ অপেক্ষা!

Riyan Parag

ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে আগবঢ়াই অহা চমকপ্ৰদ প্ৰদৰ্শনৰ এক স্বীকৃতি পালে ৰিয়ান পৰাগে। জাতীয় দলত উপেক্ষিত হ’লেও নিজৰ প্ৰদৰ্শনৰ সুবাদত ৰিয়ানে লাভ কৰিছে লালা অমৰনাথ বঁটা।

সম্প্ৰতি হায়দৰাবাদত অনুষ্ঠিত হৈ থকা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানত ৰিয়ানে লাভ কৰে এই সন্মান। ঘৰুৱা ক্ৰিকেটৰ সীমিত অ’ভাৰৰ ফৰ্মেটত শ্ৰেষ্ঠ অলৰাউণ্ডাৰ হিচাপে বিবেচিত হয় ৰিয়ান।

 

উল্লেখ্য যে ২০২২-২৩ ছিজনৰ ঘৰুৱা ক্ৰিকেটত ৰিয়ানৰ প্ৰদৰ্শন আছিল অনবদ্য। এই ছিজনত বিজয় হাজাৰে ট্ৰফীত ৰিয়ানে ৬৯ গড়ে তিনিটা শতক আৰু এটা অৰ্ধশতকেৰে ৫৫২ ৰান সংগ্ৰহ কৰি পঞ্চম সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল।

লগতে এই ছিজনত ১০টা উইকেটো দখল কৰে ৰিয়ানে। জম্মু-কাশ্মীৰৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত তেওঁ ১১৬ টা বলত কেৰিয়াৰৰ শ্ৰেষ্ঠ ১৭৪ ৰাণৰ এক মাৰমুখী ইনিংছ খেলে।

আনহাতে দেওধৰ ট্ৰফীত ৰিয়ান প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী, তৃতীয় সৰ্বাধিক উইকেট দখলকাৰী আৰু সৰ্বাধিক ছয় কোবোৱা বেটাৰ হিচাপে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হৈছিল।

তেওঁ প্ৰতিযোগিতাখনত ৮৮.৫০ গড়ে মুঠ ৩৫৪ ৰান সংগ্ৰহ কৰাৰ লগতে ১৯.০৯ গড়ে ১১টা উইকেট দখল কৰে। লগতে ইউছুফ পাঠানৰ নামত থকা এটা ইনিংছত সৰ্বাধিক (৯টা) ছয়ৰ অভিলেখো অতিক্ৰম কৰি ৰিয়ানে (১১টা) নতুন অভিলেখ গঢ়ে।

ইয়াৰ পিছতে ৰিয়ানে চৈয়দ মুস্তাক আলী ট্ৰফীতো প্ৰদৰ্শন কৰে চমক। একপ্ৰকাৰে অভাৱনীয় বেটিং বিক্ৰমেৰে ৰিয়ানে প্ৰতিযোগিতাখনত ৮৫ গড়ে আৰু ১৮২.৭৯ ষ্ট্ৰাইক ৰেটেৰে ৫১০ ৰাণ সংগ্ৰহ কৰি সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ৰূপে পৰিগণিত হয়।

টি-২০ ক্ৰিকেটত একেৰাহে সাতটা অৰ্ধশতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপেও পৰিগণিত হয় ৰিয়ান। লগতে প্ৰতিযোগিতাখনত ১১টা উইকেট দখলেৰে ৰিয়ানে দাঙি ধৰা অনবদ্য অলৰাউণ্ড প্ৰতিভা।

ছিজনটোত এনে দুৰ্দমনীয় প্ৰদৰ্শনৰ সুবাদত ৰিয়ান জাতীয় দললৈ আমন্ত্ৰিত হ’ব বুলি ব্যাপক চৰ্চা চলিছিল যদিও মূৰকত উপেক্ষিত হৈ ৰয় ৰিয়ান। শেহতীয়াকৈ চলিত ৰঞ্জী ট্ৰফীটো ৰিয়ানে দাঙি ধৰিছে দমনীয় প্ৰদৰ্শন।

এনে ধাৰাবাহিকতা, দুৰ্দমনীয় অলৰাউণ্ড প্ৰদৰ্শৰ পাছতো ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভৰ বাবে কিমান দিন অপেক্ষা কৰিবলগীয়া হয়, সেয়া হ’ব লক্ষণীয়।