কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত চিকিৎসাধীন চিকিৎসক দম্পতি

কলিয়াবৰৰ গোমোঠাগাঁৱত দুখন বাহনৰ মুখামুখি সংঘৰ্ষত আহত হৈছে তিনিজনকৈ লোক।

AS01 DT 4161 আৰু AS02 K 5578 নম্বৰৰ বাহন দুখনৰ মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাতো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

আহতৰ ভিতৰত কলিয়াবৰৰ গোমোঠাগাওঁৰ চিকিৎসক কনক বসুমতাৰীৰ লগতে তেওঁৰ পত্নীও আছে।

আহত আটাইসকলক স্থানীয় ৰাইজ তথা কলিয়াবৰ আৰক্ষীয়ে উদ্ধাৰ কৰি কৰি জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আনহাতে দুৰ্ঘটনাটো ইমানেই ভয়ঙ্কৰ আছিল যে AS 02 K 5578 নম্বৰৰ বাহন খন দুৰ্ঘটনা সংঘটিত কৰি পথৰ দাঁতিত বাগৰি পৰাৰ লগতে গাড়ী খন ভাঙি খণ্ড-বিখণ্ড হৈ পৰে। AS01 DT 4161 নম্বৰৰ আন খন বাহন পথৰ ওপৰতে ৰৈ যায়।