NORTHEAST NOW (Assamese)

ছয়মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাইজে আটক কৰিলে তীব্র বেগী বাইক চালকক

February 20, 2020 3:57 pm · কল্পজ্যোতি শইকীয়া
Updated: February 20, 2020 5:16 pm
ছয়মাইলত সংঘটিত হোৱা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত যুৱতী গৰাকী

গুৱাহাটী মহানগৰীৰ ছয়মাইলত ১৯ ফেব্ৰুৱাৰিৰ নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুঘৰ্টনাত গুৰুতৰভাৱে আহত হয় নাজনিন হুছেইন (২৬) নামৰ এগৰাকী যুৱতী।

ছয়মাইলস্থিত আশীৰ্বাদ বিবাহভৱনত বিয়া খাই উবেৰেৰে ঘৰলৈ উভতি আহিবলৈ ওলোৱাৰ সময়তে দিচপুৰৰ ফালৰ পৰা ছয়মাইল অভিমুখে আহি থকা এ এছ-০১ ই ডি ১১১৯ নম্বৰৰ এখন তীব্ৰবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱতী গৰাকী।

আনহাতে, দুৰ্ঘটনাটো সংঘটিত কৰিয়ে বাইক আৰোহী ইন্দ্ৰপ্ৰকাশ দলে ঘটনাস্থলীৰ পৰাই পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও স্থানীয় ৰাইজে তেওঁক আটক কৰি আৰক্ষীক গটাই দিয়ে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতী গৰাকীক সংকটজনক অৱস্থাত জি এন আৰ চি হস্পাতালত ভৰ্তি কৰোৱা হৈছে আৰু আই চি য়ুত ৰখা হৈছে।

যুৱতী গৰাকীয়ে মূৰ, বুকু আৰু ভৰিত অধিক পৰিমাণত আঘাত পাইছে বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ দুচকীয়া বাহনখনো জব্দ কৰে।

ঘটনাস্থলীত উপস্থিত ৰাইজে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাইক আৰোহী গৰাকী সুৰামত্ত অৱস্থাত আছিল বুলি প্ৰকাশ কৰিছে।

Related News