বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত উলুবাৰী পাৰ্বতী চকত আজি সন্ধিয়া প্ৰায় ৬:৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। আহত মহিলাগৰাকী উলুবাৰী সাপকাটা গাঁৱৰ বিনু শৰণীয়া বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিবৰণী মতে, আজি আবেলি সাপকাটা গাঁৱৰ নিজৰ বাসগৃহৰ পৰা বিনু শৰণীয়াই সম্পৰ্কীয় দেওৰেক এজনৰ লগত এখন মটৰ চাইকেলেৰে নিজৰ সন্তানক কুমাৰীকাটাৰ এখন বিদ্যালয়ৰ হোষ্টেলত থৈ তাৰ পৰা ওভতি আহি থাকোঁতে ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমা সংযোগী পথৰ উলুবাৰী পাৰ্বতী চকত মটৰ চাইকেলখনৰ পৰা পৰি গুৰুতৰভাবে আহত হৈ সংজ্ঞাহীন হৈ পৰে।
আনহাতে, সংজ্ঞাহীন মহিলা গৰাকীক উঠাবলৈ লগত অহা যুৱকজনে আপ্ৰান চেষ্টা চলায়ু ব্যৰ্থ হয়। ঠিক সেই সময়তে বাতৰি সংগ্ৰহ কৰি কুমাৰীকাটাৰ পৰা তামুলপুৰ অভিমুখে আহি থকা এটা ৫ পাঁচ জনীয়া সাংবাদিকৰ দল সেই ঠাইত উপস্থিত হোৱাত তেওঁলোকে আহত মহিলা গৰাকীক ঠাইতে শুশ্ৰূষা কৰাৰ লগতে তাৎক্ষণিকভাৱে এখন চাৰি চকীয়া গাড়ীৰ ব্যৱস্থা কৰি তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আনে আৰু পৰিয়ালৰ লোককো খবৰ দিয়ে।
তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মহিলা গৰাকীক চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ নিয়াৰ পৰামৰ্শ দিয়াত পৰিয়ালৰ লোকে সাংবাদিকৰ দলটোৰ সহযোগত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে অতি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে।