NORTHEAST NOW (Assamese)

মেজিকৰ সৈতে নগাঁৱত খাৱৈত সোমালগৈ যাত্ৰী, ১৮জন আহত

October 26, 2018 5:49 pm · মিণ্টু দাস
নগাঁৱৰ পানীখাইটীত শুকুৰবাৰে সংঘটিত দুৰ্ঘটনাৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

নগাঁৱত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানীখাইটীত শুকুৰবাৰে আবেলি প্ৰায় ৩ বজাত সংঘটিত এটা ভয়ংকৰ দুৰ্ঘটনাত যাত্ৰীসহ খাৱৈত সোমায়গৈ এখন মেজিক।

ঘটনাটোত সৌভাগ্যক্ৰমে কোনো যাত্ৰীৰ মৃত্যু হোৱা নাই যদিও ১৮ জন লোকে কম-বেছি পৰিমাণে আঘাত পাইছে।

ঘটনাৰ বিৱৰণী মতে যাত্ৰীভৰ্তি মেজিকখনক একে দিশেৰে গৈ থকা মাৰুতি ছুইফট (AS 01MB 3803)খনে তীব্ৰবেগে খুন্দা মৰাৰ ফলত মেজিকখনে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত সোমাই যায়। দুয়োখন গাড়ীয়ে নগাঁও চহৰৰ পৰা কঠিয়াতলি অভিমুখে গৈ আছিল।

মেজিকখন যাত্ৰীৰে ভৰি থকাৰ লগতে  মাৰুতিখনতো কেইবাজনো লোক আছিল।

Related News