ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে পশ্চিম বংগত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। ৰাজ্যখনৰ জলপাইগুৰী জিলাৰ ধূপগুৰী চহৰত মঙলবাৰে নিশা সংঘটিত দুৰ্ঘটনাটোত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে।

প্ৰাপ্ত খবৰ অনুসৰি, দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোক কেইজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰু আঘাতপ্ৰাপ্ত লোক কেইজনক চিকিৎসালয়ত ভৰ্তি কৰিছে।

ঘটনাৰ সবিশেষ অনুসৰি, মঙলবাৰে নিশা প্ৰায় ৯.৫০ বজাত শিলভৰ্তি এখন ট্ৰাক মায়ানলী দিশে গৈ আছিল।

সেই সময়তে ভুল দিশৰ পৰা এখন টাটা মেজিক আৰু এখন মাৰুতি কাৰ আহি আছিল। ডাঠ কুঁৱলীৰ বাবে একো নেদেখাত প্ৰথমে ট্ৰাকখনে মেজিকত খুন্দা মাৰে আৰু কেই ছেকেণ্ডমান পিছত মাৰুতি কাৰখনেও আগৰ গাড়ীখনত খুন্দিয়াই।

এই দুৰ্ঘটনাটোত লগে লগে ১৩ গৰাকী লোকৰ মৃত্যু ঘটে আৰু আন ১৮ গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

এতিয়া জানিব পৰা মতে মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে।

জলপাইগুৰীত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধান মন্ত্ৰী মোদীয়ে এই ঘটনাটো অত্যন্ত ভয়ানক বুলি মন্তব্য কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। লগতে মৃতকৰ পৰিয়াললৈ ২ লাখ আৰু আঘাতপ্ৰাপ্ত লোকসকলক ৫০ হাজাৰকৈ টকা দিয়াৰ কথাও ঘোষণা কৰে।