শিৱসাগৰ যুৱ দ’লত পৰিবহন বিভাগৰ উদ্যোগত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

IMG-20190618-WA0004

শিৱসাগৰত পথ সুৰক্ষা সজাগতা সম্পৰ্কীয় সভা।

শিৱসাগৰ জিলা পথ সুৰক্ষা সমিতি আৰু শিৱসাগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত আজি শিৱসাগৰ যুৱ দ’লত এখন পথ সুৰক্ষা সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা  সভাখন উদ্ধোধন কৰে জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে।

উদ্ধোধনী ভাষণত উপায়ুক্ত গৰাকীয়ে সকলোকে যানবাহনৰ আইন মানি চলিবলৈ আহ্বান জনায়। যানবাহন আইন উলংঘা কৰাৰ বাবেই দৈনিক পথ দূৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা বুলি মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে। তেওঁ  যানবাহন চলাওতে বাহন চলাচলৰ নীতি নিয়ম সমুহ মানি চলিলে দূৰ্ঘটনাৰ পৰা ৰক্ষা পাব পাৰি বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

অনুৰাগ শৰ্মাই আঁত ধৰা সজাগতা সভাত শিৱসাগৰ জিলা পৰিবহন বিষয়া সদানন্দ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰে। শিৱসাগৰ জিলা যানবাহন পৰিদৰ্শক উৎপল বৰুৱাই সভাৰ তাৎপৰ্য ব্যাখ্যা কৰে।

সভাত জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা আৰু অতিৰিক্ত উপায়ুক্ত বিজিত দাসে যানবাহন আইন সম্পৰ্কে ছাত্ৰ ছাত্ৰী ,অভিভাৱক তথা সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ শোষকতা কৰে।

উক্ত সজাগতা সভাত বিশিষ্ট চিকিৎসক ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে পথ দূৰ্ঘটনাৰ পাছত প্ৰদান কৰিবলগীয়া চিকিৎসা সম্পৰ্কত ৰাইজক সজাগ কৰিবৰ বাবে বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায়।

অধিবক্তা ফজল আলি হাজৰিকাই যান বাহন আইন উলংঘা কৰাৰ ফলত হোৱা দূৰ্ঘটনা আৰু আইনৰ বিভিন্ন দিশ সন্দৰ্ভত ব্যাখ্যা দাঙি দৰে।

সজাগতা সভাত শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকদ্বয় নবীন সিং আৰু জ্যোতিৰঞ্জন নাথৰ লগতে চৰকাৰী-বেচৰকাৰী বাছ মালিক সন্থা, জীৱন বীমা নিগম, বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীৰ লগতে জাতীয় সংগঠনৰ ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।