নলবাৰী জিলাৰ টিহুত দিন-দুপৰতে সংঘটিত হ’ল ডকাইতিৰ ঘটনা। টিহুৰ নাথকুছিত থকা মেগা ফুড পাৰ্কত বন্ধন বেংকত কৰ্মৰত হানিফ আলী নামৰ এজন লোকক ছয় জনীয়া ডকাইতৰ দলে আক্ৰমণ কৰি তেওঁ লগত লৈ অহা সকলো ধন লৈ পলাই যায়।
ঘটনাৰ বিবৰণী অনুসৰি হানিফ আলীয়ে আন এজন সহযোগী বেংক কৰ্মচাৰী মিন্তু কলিতাক লগত লৈ নাথকুছিত থকা ফুড পাৰ্কৰ পৰা বেংকৰ গ্ৰাহক সকলে দিবলগীয়া ধন উঠাবলৈ আহিছিল। টকা উঠাই ঘুৰি অহা অৱস্থাত দুয়োজন কৰ্মচাৰীক পূৰ্বৰে পৰা অনুসৰণ কৰি থকা ডকাইতৰ দলটোৱ বাট আগচি ধৰে আৰু চোকা আস্ত্ৰৰে আক্ৰমণ কৰে লগতে পিস্তল দেখুৱাই ভয় খুৱাই।
ডকাইতৰ দলটোৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হয় বেংক কৰ্মচাৰী হানিফ আলী। আনজন কৰ্মচাৰী মিন্তু কলিতা ডকাইতৰ কৱলৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়। প্ৰত্যক্ষদৰ্শীয়ে ছয়জনীয়া ডকাইতৰ দলটো বাইকত আহিছিল বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে, বিগত মাহতো টিহুৰ সমীপৱৰ্তী পাঠশালাত বেংক কৰ্মচাৰীৰ ওপৰত ডকাইতৰ দলে দিন দুপৰতে আক্ৰমণ কৰি ধন লুটি লৈ গৈছিল। স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে।