• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোহলিৰ বিৰাট ৰেকৰ্ডৰ মাজতে উজলিছে ৰোহিত; গঢ়িলে এবছৰত সৰ্বাধিক ছয় মৰাৰ অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2023 11:27 am
5.9k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই চলিত বৰ্ষৰ আৰম্ভণিৰ পৰাই অতি দুৰ্দান্ত ফৰ্মত আছে। চলিত এদিনীয়া বিশ্বকাপতো তেওঁ সেই ফৰ্ম বজাই ৰাখিছে। এপিনে বিৰাট কোহলিয়ে ৰেকৰ্ডৰ পিছত ৰেকৰ্ড গঢ়াৰ সমান্তৰালভাৱে ৰোহিতেও গঢ়িছে আন কিছু ৰেকৰ্ড।

বিশ্বকাপৰ প্ৰাৰম্ভিক পৰ্যায়ৰ অন্তিমখন মেচত ৰোহিত শৰ্মাই কলিন একাৰমেনে দিয়া বলটো লং অনেৰে তুলি দি গেলেৰীত পেলায়। তাতেই  দুটা ডাঙৰ অভিলেখত নিজৰ নাম লিখিলে ভাৰতীয় অধিনায়কগৰাকীয়ে।

দেওবাৰে বেংগালুৰুত অনুষ্ঠিত বিশ্বকাপৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ অন্তিম মেচত ভাৰতে নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিছিল। টছত জয়ী হৈ বেটিং কৰিবলৈ নামি ৰোহিতে আৰম্ভণিৰে পৰাই বিস্ফোৰক হৈ পৰে। সপ্তম অভাৰত একাৰমেনক মৰা ছয়টোৱে তেওঁৰ নামত দুটাকৈ অভিলেখ ৰচিলে।

ইমানদিন সৰ্বাধিক ছয় মৰাৰ অভিলেখটো আছিল এ বি ডি ভিলিয়াৰ্ছৰ দখলত। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেটছমেনগৰাকীয়ে ২০১৫ চনত ১৮ ইনিংছত ৫৮টা ছয় মাৰিছিল। নেদাৰলেণ্ডৰ বিৰুদ্ধে ৬১ ৰানৰ ইনিংছটোত ৰোহিতে তেওঁক অতিক্ৰম কৰে। এই সোঁহতীয় বেটছমেনগৰাকীয়ে ৫৪ বলৰ ইনিংছত ৮টা চাৰি আৰু দুটা ছয় মাৰে।

অৱশ্যে ৰোহিতে প্ৰথমটো ছয় মাৰিয়েই ডি ভিলিয়াৰ্ছক অতিক্ৰম কৰে। ইনিংছৰ সপ্তম অভাৰত তেওঁ কলিন একাৰমেনক লং অনত ছয় মাৰে। দ্বিতীয় ছয়টো আন এজন স্পিনাৰ ৰলফ ভন ডেৰ মেৰৱেৰ বলিঙত মাৰে। এইদৰে চলিত বছৰত এদিনীয়া মেচৰ ২৪ টা ইনিংছত ৬০টা ছয় মাৰে ৰোহিতে। তেওঁৰ এই অভিলেখ অধিক বৃদ্ধি কৰাৰ সুযোগ আছে। কাৰণ ভাৰতৰ এই বছৰ আৰু পাঁচখন এদিনীয়া (যদি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে) আছে।

এখন বিশ্বকাপত সৰ্বাধিক ছয়ৰ অভিলেখো ৰোহিতৰ হাতত আছে। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক ৱেইন মৰ্গানে ২০১৯ চনৰ বিশ্বকাপত ২২টা ছয় মাৰিছিল। নেদাৰলেণ্ডৰ খেলখনত মৰা দুটা ছয়ৰ সৈতে ভাৰতীয় অধিনায়কগৰাকীয়ে ২৪টা ছয় মৰাৰ ৰেকৰ্ড গঢ়ে।

এইখন খেলতে ৰোহিতে আন এক কৃতিত্বও অৰ্জন কৰে। ভাৰতৰ হৈ এদিনীয়া মেচত এতিয়া তেওঁ পূৰ্বৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীক চেৰ পেলাই পঞ্চম সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে। তেওঁ ২৫২টা ইনিংছ খেলি ১০ হাজাৰ ৬১৫ ৰান সংগ্ৰহ কৰে। আনহাতে, ভাৰতৰ হৈ ধোনীয়ে ২৯৪ টা ইনিংছত ১০,৫৯৯ ৰান সংগ্ৰহ কৰিছে।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd