ৰোহিত শৰ্মাৰ সৈতে পাঁচগৰাকীলৈ ৰাজীৱ গান্ধী খেলৰত্ন; লাভলিনাকে ধৰি ২৭জনলৈ অৰ্জুন বঁটা

Lovelina-700x375

লাভলিনা বৰগোঁহাই।

দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেলৰত্ন পুৰষ্কাৰেৰে সন্মানিত হৈছে ক্ৰিকেটাৰ ৰোহিত শৰ্মা।

ৰোহিত শৰ্মাৰ সৈতে আন চাৰিগৰাকীলৈও খেলৰত্ন সন্মান আগবঢ়োৱা হৈছে।

আনহাতে, অসমৰ বক্সাৰ লাভলিনা বৰগোঁহাইয়ে লাভ কৰিছে অৰ্জুন বঁটা।

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰ্যালয় নিৰ্বাচনী সমিতিৰ মনোনয়নত অনুমোদন জনাইছে।

ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে ৰোহিত শৰ্মাৰ লগতে টেবিল টেনিছ খেলুৱৈ মনিকা বাত্ৰা, মল্লযুঁজৰ খেলুৱৈ ভিনেশ ফ’গত আৰু পেৰাঅলিম্পিয়ান মাৰিয়াপ্পান থাংগাভেলু আৰু ভাৰতীয় হকী দলৰ অধিনায়ক ৰাণী ৰামপাল।

খেলৰত্নৰ উপৰিও আন ক্ৰীড়া বঁটাৰ তালিকাও প্ৰকাশ কৰিছে ক্ৰীড়া মন্ত্ৰ্যালয়ে। এইবাৰ মুঠ ২৭গৰাকীলৈ আগবঢ়োৱা হৈছে অৰ্জুন বঁটা।

অৰ্জুন বঁটা লাভ কৰা সকলৰ ভিতৰত আছে অসমৰ বক্সাৰ লাভলিনা বৰগোঁহাই, টীম ইণ্ডিয়াৰ পেচ বলাৰ ইশান্ত শৰ্মা আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ দীপ্তি শৰ্মা।

ইয়াৰ উপৰি অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিতসকলৰ ভিতৰত আছে আৰ্চাৰ অতনু দাস, স্প্ৰীন্টাৰ দ্যুতি চান্দ, ৰাষ্ট্ৰীয় ফুটবল দলৰ খেলুৱৈ সন্দেশ জিংগান, দুগৰাকী বেডমিন্টন খেলুৱৈ সাত্তিকসাইৰাজ ৰানকিৰেড্ডী আৰু চিৰাগ ছেট্টি, গল্ফাৰ অদিতি অশোক ইত্যাদি।

প্ৰথমবাৰৰ বাবে পাঁচগৰাকী খেলুৱৈয়ে একেলগে ৰাজীৱ গান্ধী খেলৰত্ন সন্মান লাভ কৰিছে।

আনহাতে, ক্ৰিকেটাৰ হিচাপে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান লাভ কৰা ৰোহিত শৰ্মা হৈছে চতুৰ্থগৰাকী ক্ৰিকেটাৰ।

ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰ(১৯৯৮), মহেন্দ্ৰ সিং ধোনী(২০০৭) আৰু বিৰাট কোহলি(২০১৮)য়ে খেলৰত্ন সন্মানেৰে সন্মানিত হৈছে।

অহা ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা এই বঁটাসমূহ প্ৰদান কৰা হ’ব।