অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰা বাহিৰ হ’ব পাৰে ৰোহিত শৰ্মা আৰু ঈশান্ত শৰ্মা

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাত বিস্ফোৰক বেটছমেন ৰোহিত শর্মা আৰু অনুভৱী বেগী বলাৰ ঈশান্ত শর্মাই খেলিব পাৰিব নে নাই তাক লৈ এতিয়া বিভ্ৰান্তিৰ সৃষ্টি হৈছে।

দুয়োজনকে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিম তিনিখন টেষ্টৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছিল, কিন্তু বৰ্তমানো দুয়োজন খেলুৱৈ বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিত আছে।

এন চি এ-ৰ চিকিৎসা দলে ক্ৰিকেটাৰ দুজনৰ ওপৰত নজৰ ৰাখিছে।

ৰোহিত আৰু ঈশান্তৰ ফিটনেছ টেষ্টৰ বিষয়ে শেহতীয়া এক সভাত এন চি এ দলৰ সৈতে আলোচনা কৰা হৈছিল। দুয়ো সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই।

দলীয় মেনেজমেণ্ট, নিৰ্বাচক আৰু বিচিচিআইক অনানুষ্ঠানিকভাৱে এই বিষয় জনোৱা হৈছে।

উল্লেখ্য যে, দুয়োৰে আঘাতে দলক যথেষ্ট ক্ষতি কৰাৰ সম্ভাৱনাই দেখা দিছে। প্ৰথম টেষ্টৰ পিছত বিৰাট কোহলী স্বগৃহলৈ ঘূৰি আহিব।

ইয়াৰ পূৰ্বে ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও ৰোহিত শর্মা আৰু ঈশান্ত শর্মাই আগন্তক টেষ্ট শৃংখলাত অংশ ল’ব পাৰিব নে নোৱাৰে তাক লৈ আশংকা প্ৰকাশ কৰিছিল।

তেওঁ কৈছিল যে যদি দুয়োজনে টেষ্টত অংশ লয় তেন্তে কিছুদিনৰ ভিতৰত তেওঁলোক অষ্ট্ৰেলিয়ালৈ আহিব লাগিব।

উল্লেখ্য যে আই পি এল চলি থকাৰ সময়তে দুয়োগৰাকী ক্ৰিকেটাৰ আঘাতপ্ৰাপ্ত হৈছিল আৰু বৰ্তমান তেওঁলোক এন চি এত আছে।

অৱশ্যে ভাৰতীয় ক্ৰিকেট বোৰ্ডে এতিয়াও তেওঁলোকৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সবিশেষ জনোৱা নাই।

যদিহে সোমবাৰে দুয়োগৰাকী ক্ৰিকেটাৰ অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’লহৈ তেন্তে বাধ্যকতামূলক ১৪ দিনৰ কোৱাৰেণ্টাইনৰ পিছত অষ্ট্ৰেলিয়া এ-ৰ বিৰুদ্ধে ছয়ৰ পৰা ৮ ডিচেম্বৰলৈকে হ’বলগীয়া অনুশীলনমূলক মেচত অংশ ল’ব পাৰিলেহেতন, কিন্তু এতিয়া আৰু এয়া সম্ভৱ নহয়।