• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

প্ৰত্যাৱৰ্তন মানেই যেন মহম্মদ ছামি! ডিফেণ্ডিং চেম্পিয়নৰ পথ বিচ্যুতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2023 11:28 pm
India crushed England Cricket World Cup
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহম্মদ ছামি; এতিয়া প্ৰত্যাৱৰ্তনৰ অৰ্থই যেন হৈ পৰিছে এই নামটো। বিশ্বকাপ অভিযানৰ প্ৰথম চাৰিখন মেচত বেঞ্চতে কটাবলগীয়া হোৱা অভিজ্ঞ বলাৰগৰাকী ২২ গজলৈ ঘূৰিয়েই এতিয়া হৈ পৰিছে কৌটি কৌটি ভাৰতীয়ৰ বিশ্বজয়ৰ স্বপ্নৰ সাৰথি, ৰোহিত শৰ্মাৰ হাতৰ ব্ৰহ্মাস্ত্ৰ!

সৌসিদিনা নিউজিলেণ্ডৰ বিপক্ষে পাঁচ উইকেটৰ চমৎকাৰী স্পেলেৰে ৰাজকীয় প্ৰত্যাৱৰ্তন আৰু আজি লক্ষ্ণৌত ইংলেণ্ডৰ বিৰুদ্ধে যেন তাৰেই পুনৰাবৃত্তি! চাৰিটাকৈ উইকেট দখলেৰে ইংৰাজ বাহিনীৰ বেটিং স্তম্ভত ধুমুহাৰ আঘাত হানি ছামি হৈ পৰিল জয়ৰ আন এক নায়ক।

এইপৰ্যন্ত অংশ লোৱা ছয়খন মেচৰ আটাইকেইখনতে জয়েৰে এতিয়া বিশ্বজয়ৰ অভিযানত ‘আনষ্টপেবল’ ভাৰত। আনহাতে ইংলেণ্ড! ডিফেণ্ডিং চেম্পিয়ন দলটো যেন বিচ্যুত হ’ল পথৰ পৰা। ইখনৰ পিছত সিখন মেচত জয়েৰে দলটোৱে প্ৰায় নিশ্চিত কৰি তুলিছে বিশ্বকাপৰ পৰা নিজৰেই বিদায়।

লক্ষ্ণৌৰ ২২ গজ আছিল আজি বলাৰৰ মেজিক শ্ব’ৰ থলী, আনহাতে বেটাৰৰ বধ্যভূমি। ল’ স্কৰিং মেচখনত প্ৰথমে বেটিং কৰি ভাৰতে ইংলেণ্ডৰ নিখুঁত বলিং আক্ৰমণত সংগ্ৰহ কৰিছিল মাত্ৰ ২২৯ ৰাণ। পিছে এই লক্ষ্যও ইংলেণ্ডৰ বাবে হৈ পৰিল শতযোজন দূৰ।

ভাৰতীয় বলিং আক্ৰমণৰ সুনিপুণ শৈল্পিকতাত খহি পৰা ইংৰাজ বাহিনীয়ে হাৰ মানিলে ১০০ ৰাণৰ ব্যৱধানত। ছামিৰ চমৎকাৰৰ লগতে বুমৰাহ, কুলদীপ, জাদেজাৰ লক্ষ্যভেদী বলিং আৰু ইফালে ৰোহিত শৰ্মাৰ অধিনায়কোচিত ইনিংছ, যাদৱ-ৰাহুলৰ সময়োচিত বেটিঙে দিলে ভাৰতক ক্ৰমাগত ষষ্ঠটো জয়।

টছত পৰাস্ত হৈ ইংৰাজ অধিনায়ক বাটলাৰৰ আমন্ত্ৰণক্ৰমে প্ৰথমে বেটিং কৰে ভাৰতে। পূৰ্বৰ আটাইকেইখন মেচতে লক্ষ্য অনুসৰণ কৰা ভাৰতৰ আজিৰ প্ৰথম বেটিঙৰ আৰম্ভণি সুখকৰ নাছিল। চল্লিশ ৰাণৰ অন্তৰালতে দলে হেৰুৱাইছিল তিনিটা উইকেট।

ব্যৰ্থ হৈ পেভিলিয়নমুখী হৈছিল গিল (৯), কোহলী (০) আৰু আয়াৰ (৪)। এই প্ৰাৰম্ভিক বিপৰ্যয়ৰ পৰা দলক উদ্ধাৰ কৰি ৰোহিতে ৰাহুলৰ সৈতে চতুৰ্থ উইকেটত বান্ধে ৯১ ৰাণৰ যুটী। ১৩১ ৰাণত ৰাহুলৰ (৩৯) বিদায়ৰ পিছত সূৰ্যকুমাৰ আৰু ৰোহিতে ১৬৪ লৈ আগুৱাই নিয়ে ইনিংছ।

৮৭ ৰাণৰ এক উদ্ধাৰকাৰী আৰু অধিনায়কোচিত চমকপ্ৰদ ইনিংছ দলক উপহাৰ দি বিদায় লয় ৰোহিতে। ইফালে ক্ৰীজত বেছিসময় নিটিকে জাদেজা (৮) আৰু ছামিও (১)। পাণ্ডিয়াৰ অনুপস্থিতিত দলত সুযোগ পোৱা সূৰ্যকুমাৰে খেলে ৪৯ ৰাণৰ এক সুন্দৰ ইনিংছ। বুমৰাহ (১৬), কুলদীপৰ (৯) বেটৰ পৰাও আহে গুৰুত্বপূৰ্ণ অৱদান।

ইফালে ২৩০ ৰাণৰ সহজ লক্ষ্য আগত লৈ ইংলেণ্ডে কৰিছিল এক সঠিক আৰম্ভণি। দুই অপেনাৰ মালান আৰু বেয়াৰষ্ট্ৰ’ৱে সুন্দৰকৈ ইনিংছ আৰম্ভ কৰি ৪.৩ অভাৰতে যোগ দিছিল ৩০ ৰাণ। কিন্তু বুমৰাহে অভাৰটোৰ অন্তিম দুটা বলত ক্ৰমে মালান (১৬) আৰু ৰুটৰ (০) উইকেট দখলেৰে ইংলেণ্ডক প্ৰাৰম্ভিক আঘাত দিয়ে।

ইয়াৰ পিছত ছামিয়ে ষ্ট’কচ (০) আৰু বেয়াৰষ্ট্ৰ’ক (১৪) পেভিলিয়নৰ পথ দেখুওৱাই ভাৰতৰ সম্ভাৱনাৰ দিশে সলনি কৰে মেচৰ গতি। দলীয় স্ক’ৰ ৫২ত কুলদীপ যাদৱে এক যাদুকৰী স্পীন ঘূৰ্ণীৰে বাটলাৰক স্তম্ভিত কৰি ষ্টাম্পত আঘাত হানি দলটোক অধিক বেকফুটলৈ ঠেলি দিয়ে।

এনে বিপৰ্যয়ৰ মাজতে মীন আলী আৰু লিভিংষ্ট’নে ইংৰাজ বাহিনীৰ বাবে কিছু আশাৰ সঞ্চাৰ কৰিছিল যদিও পুনৰ বল হাতত লৈয়ে এই আশাত বাধা হৈ পৰে ছামি। দলীয় স্ক’ৰ ৮১ত মঈন আলীক (১৫) বিদায় দিয়ে অভিজ্ঞ পেচাৰগৰাকীয়ে।

ইয়াৰ কিছু সময় পিছতে জাদেজাই ৱ’কছক (১০) আৰু কুলদীপে লিভিংষ্ট’নক (২৭) বিদায় দি বাৰতৰ জয় প্ৰায় নিশ্চিত কৰি তোলে। আনহাতে দুই পেচাৰ ছামি-বুমৰাহে ক্ৰমে আদিল ৰছিদ (১৩) আৰু মাৰ্ক উডৰ (০) ৰ উইকেট দখল কৰি ভাৰতক দিয়ে কিঞ্চিত জয়।

ব্যক্তিগত ১৬ ৰাণত অপৰাজিত থাকে উইলী। ভাৰতৰ হৈ ছামিয়ে ৪টা, বুমৰাহে ৩টা, কুলদীপে ২টা আৰু জাদেজাই এটা উইকেট লাভ কৰে। ৮৭ ৰাণৰ দৃষ্টিনন্দন তথা মেচ উদ্ধাৰকাৰী ইনিংছটোৰ বাবে ৰোহিত শৰ্মা হয় মেচৰ শ্ৰেষ্ঠ খেলুৱৈ।

এই জয়েৰে ভাৰতে ৬খন খেলৰ পৰা ১২ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয়। অহা বৃহস্পতিবাৰে অৰ্থাৎ ২ নৱেম্বৰত ৱানখেড়ে ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ’ব ভাৰত।

লক্ষণীয়ভাৱে শ্ৰীলংকাৰ বিপক্ষে এই মেচখনত জয়লাভ কৰিলেই একেৰাহে চতুৰ্থবাৰৰ বাবে এদিনীয়া বিশ্বকাপত ছেমিফাইনেলত প্ৰৱেশৰ পথ নিশ্চিত হ’ব ভাৰতৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd