• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাম শেষ, চন্দ্ৰপৃষ্ঠত শুই পৰিব বিক্ৰম-প্ৰজ্ঞান; পুনৰ কেতিয়া সাৰ পাব ভাৰতৰ চন্দ্ৰযান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2023 11:59 am
17.8k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰৰ পৰা চন্দ্ৰপৃষ্ঠত শুই পৰিব ভাৰতৰ চন্দ্ৰযান ৩। অৱতৰণ কৰাৰ পিছত লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ হিচাপত এটা দিন কাম কৰিছে। এতিয়া সূৰ্যাস্তৰ সময় আহি গৈছে। সেয়ে ইছৰ’ই কৈছে যে এতিয়া যন্ত্ৰপাতিবোৰক শুবলৈ পঠিওৱা হ’ব। অৱশ্যে এই টোপনিৰ পাছত ভাৰতৰ চন্দ্ৰযানে পুনৰ সাৰ পাই কাম কৰিবলৈ সক্ষম হ’ব নে নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। চন্দ্ৰযানে দেওবাৰে চন্দ্ৰত অৱতৰণৰ ১২ দিন সম্পূৰ্ণ কৰিব।

ইছৰোৰ প্ৰকল্প সঞ্চালক পি ৱেৰামুথুভেলে কয় যে ৰ’ভাৰ প্ৰজ্ঞানে নিৰ্দিষ্ট কৰা সকলো কাম কৰিছে। চন্দ্ৰৰ পৰা সংগ্ৰহ কৰা সকলো তথ্য লেণ্ডাৰৰ জৰিয়তে পৃথিৱীত উপস্থিত হৈছে।

লগতে পঢ়ক: India Squad for ODI World Cup 2023: সঞ্জু আউট, ৰাহুল-ঈশান ইন! বিচিচিআইয়ে চূড়ান্ত কৰিলে বিশ্বকাপৰ বাবে ভাৰতীয় দল!

দেওবাৰৰ পৰা সকলো ডিভাইচৰ বাবে স্লিপ মোড অন কৰা হৈছে। কিন্তু এই মোডটো কাৰ্যকৰী হ’বলৈ কিছু সময় লাগিব। অনুমান কৰা হৈছে যে দেওবাৰে বিয়লিৰ পৰা লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানে লাহে লাহে জিৰণি ল’ব।

প্ৰথমতে জানিব পৰা গৈছিল যে চন্দ্ৰযান ১৪ দিন চন্দ্ৰৰ মাটিত কাম কৰিব। তেনেহ’লে প্ৰজ্ঞানে ১২ দিনৰ মূৰত কিয় টোপনিৰ দেশলৈ গৈ আছে?

ৱেৰামুথুভেলে কয়, “সূৰ্য্য উদয়ৰ শূন্য ডিগ্ৰী কোণৰ পৰাই আৰম্ভ হয় চন্দ্ৰৰ দিনটো। কিন্তু আমাৰ চন্দ্ৰ অভিযানৰ বাবে আমাক কমেও ৬ ডিগ্ৰী সূৰ্যৰ পোহৰৰ প্ৰয়োজন। অন্যথা কেমেৰাৰ ছবিবোৰত বিশাল ছাঁ থাকিব, যাৰ ফলত ছবিবোৰ ম্লান হৈ পৰিব। গতিকে প্ৰজ্ঞানে সম্পূৰ্ণ ৰাতিলৈকে কাম কৰিব নোৱাৰিব।”

লগতে পঢ়ক: ভুল অস্ত্ৰোপচাৰ! প্লাষ্টিক চাৰ্জাৰী কৰিয়েই প্ৰাণ হেৰুৱালে জনপ্ৰিয় মডেল-অভিনেত্ৰীয়ে

এই বিশ্ৰামৰ পিছত ভাৰতৰ চন্দ্ৰযান পুনৰ নিজৰ মহিমালৈ ঘূৰি আহিবনে? ইছৰোৰ বিজ্ঞানীসকলে কয় যে সৌৰশক্তি সংগ্ৰহ কৰি প্ৰজ্ঞান সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে। ২২ ছেপ্টেম্বৰত পুনৰ উদয় হ’ব চন্দ্ৰ। যদি প্ৰজ্ঞানে চন্দ্ৰৰ চৰম ঠাণ্ডা সহ্য কৰি ইছৰোলৈ সংকেত প্ৰেৰণ কৰিব পাৰে, তেন্তে পুনৰ নতুন তথ্য জানিব পৰা যাব। যদি নহয় তেন্তে চন্দ্ৰৰ দক্ষিণ মেৰু বিজয়ৰ প্ৰতীক হিচাপে প্ৰজ্ঞান চন্দ্ৰৰ পৃষ্ঠতে থাকি যাব।

Recent News

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd