ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি তৃতীয় স্থান অক্ষত ৰাখিলে ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰে

Royal Challengers Bangalore beat Rajasthan Royals by 7 wickets

চলিত আইপিএল- ৰ দ্বিতীয় পৰ্বত আন এক জয়ৰ সোৱাদ পালে ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰে।

কালি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা খেলখনত বাঙ্গালোৰে ৭ উইকেটত বিজয় সাব্যস্ত কৰে।

টছত জয়ী হৈ খেলখনত বাঙ্গালোৰে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু ৰাজস্থানক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়।

প্ৰথমে বেটিং কৰিবলৈ আহি ৰাজস্থানে প্ৰথম উইকেটত ৭৭ ৰানৰ যুটি বান্ধে যদিও সঘন উইকেট পতন আৰু মন্থৰ বেটিঙৰ ফলত ২০ অভাৰত ১৪৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

দলৰ হৈ অপেনাৰ এভিন লুইছে সৰ্বাধিক ৫৮ ৰান সংগ্ৰহ কৰে। ৩১ ৰানৰ বৰঙণি আহে আনজন অপেনাৰ জয়ছোৱালৰ বেটৰ পৰা।

অধিনায়ক চেমচনে ১৯ আৰু ক্ৰিছ মৰিছে ১৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আন বেটচমেনে দহকৰ ঘৰত স্ক’ৰ কৰাতে ব্যৰ্থ হয়।

বাঙ্গালোৰৰ হৈ হৰ্ষল পেটেলে ৩ টা উইকেট হস্তগত কৰাৰ লগতে চাহাল আৰু ছাহবাজ আহমেদে দুটাকৈ উইকেট দখল কৰে। এটাকৈ উইকেট পায় ক্ৰিষ্টিয়ান আৰু গাৰ্টনে।

আনহাতে ১৩৬ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি বাঙ্গালোৰৰ অপেনাৰদ্বয় কোহলি আৰু পাৰিকালে প্ৰথম উইকেটত ৪৮ ৰানৰ যুটি বান্ধে।

পাৰিকালে ২২ ৰান কৰি বিদায় লোৱাৰ পিছতে কোহলীয়েও ২৫ ৰান কৰি আউট হয়।

অৱশ্যে চতুৰ্থ উইকেটত শ্ৰীকাৰ ভৰত আৰু মেক্সৱেলে ৬৯ ৰানৰ যুটি বান্ধি দলৰ জয় সহজ কৰি তোলে।

ভৰতে ৪৪ ৰান কৰি আউট হোৱাৰ পিছত ক্ৰীজলৈ অহা ডে ভিলিয়াৰ্চে ইনিংছৰ ১৮ অভাৰৰ প্ৰথমটো বলত ৰিয়ান পৰাগৰ বলত চাৰি কোবাই বাঙ্গালোৰৰ বাবে আকাঙ্খিত জয় আনি দিয়ে।

মেক্সৱেলে ৫০ ৰান আৰু ভিলিয়াৰ্চে ৪ ৰান কৰি অপৰাজিত থাকে।

ৰাজস্থান ৰয়েলছৰ হৈ মুস্তাফিজুৰ ৰহমানে দুটা উইকেট দখল কৰে।

খেলখনত মিতব্যয়ী বলিঙেৰে দুটা উইকেট দখল কৰা চাহাল মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় ।

আজিৰ জয়েৰে ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰে পইন্ট তালিকাৰ তৃতীয় স্থান অক্ষুন্ন ৰাখে। আনহাতে ৰাজস্থান ৰয়েলছে তালিকাৰ সপ্তম স্থানত অৱস্থান কৰিছে।

আজি আইপিএল- ৰ আন এখন খেলত ছানৰাইজাৰ্ছ হাইদৰাবাদ আৰু চেন্নাই চুপাৰ কিংছ মুখামুখি হ’ব ।