বজাৰলৈ ৰয়েল এনফিল্ডৰ শক্তিশালী বাইক, টক্কৰ দিব হাৰ্লি-ডেভিডছনক

বাইক প্ৰেমীৰ তালিকাত প্ৰথম শাৰীত আছে ৰয়েল এনফিল্ড বাইক। দিন পাৰ হৈ যোৱাৰ লগে লগে এই কোম্পানীটোৰ বুলেট ক্ৰেজ বাঢ়িছে। বিশেষকৈ যুৱক-যুৱতীসকলৰ প্ৰিয় বাইকসমূহৰ ভিতৰত বুলেট অন্যতম। 

এইবাৰ ৰয়েল এনফিল্ডে এটা ডাঙৰ চমক লৈ আহিছে। তথ্য অনুসৰি ৰয়েল এনফিল্ডে ৩৫০চিচি আৰু ৪৫০চিচি ৰেঞ্জৰ ৩খন নতুন বাইক মুকলি কৰিবলৈ ওলাইছে। 

খবৰ অনুসৰি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত নতুন ৰয়েল এনফিল্ড বুলেট ৩৫০ মুকলি হ’ব পাৰে। কেৱল সেয়াই নহয়, এই তালিকাত আৰু আচৰিত কথাও আছে। এই কাৰণেই বাইক প্ৰেমীসকলৰ মাজত ক্ৰমান্বয়ে আগ্ৰহ বাঢ়িছে।

খবৰ অনুসৰি অহা মাহত বাইক নিৰ্মাতা কোম্পানীটোৱে নতুন হিমালয়ান (কে ১ জি) মুকলি কৰিবলৈ সাজু হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা কৰা নাই কোম্পানীটোৱে। 

ৰয়েল এনফিল্ডেও নিজৰ ইলেক্ট্ৰিক এল-প্লেটফৰ্ম আৰু আৰ-প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি ৭৫০চিচি বাইক নিৰ্মাণৰ কাম কৰি আছে। কেৱল সেয়াই নহয়, ২০২৫ চনৰ ভিতৰত কোম্পানীটোৱে এই বাইকখন সাজু কৰাৰ সম্ভাৱনা আছে।

শেহতীয়াকৈ হাৰ্লি-ডেভিডছন এক্স ৪৪০ আৰু ট্ৰাইমফ স্পীড ৪০০ মুকলি কৰাৰ পিছত মিডলৱেট বাইক ছেগমেণ্টত প্ৰতিযোগিতা বৃদ্ধি পাইছে। মন কৰিব যে হাৰ্লি-ডেভিডছন এক্স৪৪০ৰ লঞ্চ হিৰো আৰু হাৰ্লিৰ অংশীদাৰিত্বৰ জৰিয়তে কৰা হৈছে।

ইফালে বাজাজ অটো আৰু ট্ৰাইমফে একত্ৰিত হৈ প্ৰথমটো প্ৰডাক্ট মুকলি কৰে। দুয়োটা ক্ষেত্ৰতে ৰয়েল এনফিল্ডে প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হৈছে। 

উল্লেখ্য যে ৰয়েল এনফিল্ডৰ বুলেট ৩৫০, ক্লাছিক ৩৪০, হাণ্টাৰ ৩৫০, মিটিয়ৰ ৩৫০ আৰু হিমালয়ান ৪০০ আদি বাইক অতি জনপ্ৰিয়।