ভাৰতত মুকলি হ’ব ৰয়েল এনফিল্ডৰ নতুন বুলেট Royal Enfield Meteor 350; কিমান হ’ব দাম?

WhatsApp Image 2020-08-27 at 4.09.02 PM

ৰয়েল এনফিল্ডৰ নতুন বুলেট Meteor 350 মুকলি হোৱাৰ পূৰ্বে ইয়াৰ ভেৰিয়েন্টছৰ বিশদ তথ্য প্ৰকাশ পাইছে।

ৰয়েল এনফিল্ডৰ এই বাইকে থাণ্ডাৰবৰ্ড 350 X (Royal Enfield Thunderbird 350X)ৰ স্থান ল’ব বুলি কোৱা হৈছে।

ৰয়েল এনফিল্ডৰ এই বাইক অহা মাহত ভাৰতৰ বজাৰত মুকলি কৰাৰ কথা যদিও ইয়াৰ পূৰ্বে ইয়াৰ বিশদ তথ্য ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ৰয়েল এনফিল্ড Meteor 350 ৰ মুকলি হৈ পৰা তথ্য অনুসৰি, ৰয়েল এনফিল্ড Meteor 350 ৰ তিনিটা ভেৰিয়েন্ট মুকলি কৰা হ’ব। যিকেইটা হ’ব ফায়াৰবল, ষ্টেলৰ আৰু ছুপাৰনোভা।

তদুপৰি, এই বাইক ৭টা বেলেগ বেলেগ ৰঙত পোৱা যাব।ৰয়েল এনফিল্ডৰ এই নতুন বাইকৰ তিনিওটা ভেৰিয়েন্টত ষ্টেণ্ডাৰ্ড ট্ৰিপাৰ নেভিগেশ্যন ফিচাৰ থাকিব।

ৰয়েল এনফিল্ড Meteor 350 ৰ ফায়াৰবল দুটা ৰঙত পোৱা যাব।যিটো ফায়াৰবল ৰেড (ছলিড গ্লাছ) আৰু ইয়াৰ বিকল্প হ’ব।

সেইদৰে, ৰয়েল এনফিল্ড Meteor 350 ৰ ষ্টেলৰ ভেৰিয়েন্ট ৩টা ৰঙত পোৱা যাব। ষ্টেলৰ ৰেড(মেটালিক গ্লাছ), ষ্টেলৰ ব্লেক(মেট) আৰু ষ্টেলৰ ব্লু(মেটালিক গ্লাছ) বিকল্প থাকিব।

আনহাতে, ৰয়েল এনফিল্ড Meteor 350 ৰ ছুপাৰনোভা ভেৰিয়েন্ট দুটা ৰঙত পোৱা যাব। ছুপাৰনোভা ব্ৰাউন (ডুৱেল ট’ন) আৰু ছুপাৰনোভা ব্লু (ডুৱেল ট’ন)।

ৰয়েল এনফিল্ড এই নতুন বাইক BS6 এয়াৰ কুল্ড ইঞ্জিনৰ সৈতে তৈয়াৰ কৰা হৈছে। এই বাইক সম্পূৰ্ণভাৱে নতুন প্লেটফৰ্মৰ ওপৰত প্ৰতিষ্ঠিত হ’ব।

উল্লেখ্য যে ৰয়েল এনফিল্ডৰ এই দুয়োখন বাইক BS4 ইঞ্জিনৰ বাবে বন্ধ হৈ গৈছিল।

ৰয়েল এনফিল্ড Meteor 350ৰ মূল্য ভাৰতীয় বজাৰত ১.৮০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।