RPFৰ জোৱানক বন্যপ্ৰাণী অপৰাধ ৰোধৰ সম্পৰ্কীয় WCCB আৰু আৰণ্যকৰ দিনজোৰা কৰ্মশালা সম্পন্ন

1 Image 2021-03-25

সমগ্ৰ বিশ্বজুৰি চলি থকা বন্যপ্ৰাণী অঙ্গৰ অবৈধ তথা বৰ্ধিত বেহাই বৰ্তমান সময়ত বন্যপ্ৰাণীৰ বাবে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। আনহাতে বিভিন্ন প্ৰৱৰ্তনকাৰী সংস্থাৰ (Enforcement agencies) বাবে এই বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ কৰাটো অতি কঠিন হৈ পৰিছে।

সেয়েহে আৰক্ষী, নিৰাপত্তা বাহিনী, সীমাৰক্ষী বাহিনী, পৰিবহন খণ্ডৰ মুখ্য অংশীদাৰ ইত্যাদিকে ধৰি বিভিন্ন সংস্থাৰ মাজত উচ্চ পৰ্যায়ৰ সমন্বয় গঢ়ি উঠাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। সংবাদ মাধ্যমৈ প্ৰেৰণ কৰা এক বিবৃতিত এইদৰে কয় আৰণ্যকে।

বিবৃতিটোত আৰণ্যকে কয় যে এই সংস্থা সমূহক বন্যপ্ৰাণী অপৰাধৰ গোচৰসমূহৰ ক্ষেত্ৰত উচিত প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰাত অনুপ্ৰাণিত কৰিবলৈ আৰু বন্যপ্ৰাণী অপৰাধৰ মোকাবিলা কৰিবলৈ প্ৰচলিত বিভিন্ন আইনৰ ব্যৱস্থাৰ বিষয়ে পৰ্যাপ্ত সজাগতা গঢ়ি তোলাটো অতিশয় গুৰুত্বপূৰ্ণ।

এই ক্ষেত্ৰত, বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো (WCCB) আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণকাৰী সংস্থা আৰণ্যকে পৰিবহন খণ্ডৰ মুখ্য অংশীদাৰসকলৰ সৈতে কেইবাখনো কৰ্মশালা অনুষ্ঠিত কৰাৰ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে যিয়ে বন্যপ্ৰাণীৰ অঙ্গৰ অবৈধ বেহা হ্রাস কৰাত সহায় কৰিব।

এই পদক্ষেপৰ অংশ হিচাপে, WCCB আৰু আৰণ্যকে শুকুৰবাৰে বন্যপ্ৰাণী অপৰাধৰ মোকাবিলা কৰা আৰু বন্যপ্ৰাণী সামগ্ৰী চিনাক্তকৰণ সম্পৰ্কত ৰে’লৱে সুৰক্ষা বাহিনীৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্যৰে এক দিনজোৰা কৰ্মশালাৰ আয়োজন কৰে।

এই কৰ্মশালাখনিৰ মুখ্য উদ্দেশ্য আছিল সঠিক চিনাক্তকৰণৰ জৰিয়তে বন্যপ্ৰাণী অঙ্গৰ অবৈধ সৰবৰাহ বন্ধ কৰি বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ কৰাত পৰিবহন খণ্ডৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰা৷

অনুষ্ঠানটো গুৱাহাটী RPF ৰ সহকাৰী নিৰাপত্তা আয়ুক্ত চামচুল আৰফিনে উদ্বোধন কৰে আৰু প্ৰায় ৩৫ জন RPF ৰ জোৱানে অংশগ্ৰহণ কৰে। কৰ্মশালাখন Legal and Advocacy Division (LAND) ৰ জ্যেষ্ঠ মেনেজাৰ ড০ জিমি বৰাৰ এক প্ৰেজেণ্টেচনৰ সৈতে আৰম্ভ হয় য’ত পৰিবহন উদ্যোগ আৰু অবৈধ বন্যপ্ৰাণী অঙ্গৰ বেহা সম্পৰ্কত বহলভাৱে ব্যাখ্যা কৰা হয়।

তেওঁ লগতে বন্যপ্ৰাণী অংগ সৰবৰাহৰ মুখ্য ভেটি চিনাক্ত কৰাত ৰে’লৱে কৰ্তৃপক্ষই কেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে সেই সম্পৰ্কেও আলোকপাত কৰে। ইয়াৰ উপৰি তেওঁ কেনেদৰে উচ্চ মূল্যৰ লগতে অখ্যাত বন্যপ্ৰাণী অংগবোৰ কেৰি-অন বা চেক-ইন লাগেজত লুকাই ৰখা হয় সেই বিষয়ে বিশদ ব্যাখ্যা প্ৰদান কৰাৰ লগতে বন্যপ্ৰাণী অপৰাধ হ্রাস কৰাৰ বাবে বিভিন্ন প্ৰৱৰ্তনকাৰী সংস্থাৰ মাজত সহযোগিতা গঢ়ি তোলাত জোৰ দিয়ে।

WCCB ৰ Intelligence Assistant হিতেন বৰাই বন্যপ্ৰাণী অপৰাধৰ গোচৰৰ মোকাবিলা কৰাত RPF ৰ সহায় হোৱাকৈ আইন আৰু নিয়মাৱলীৰ সমুহৰ বিষয়ে বিস্তাৰিতভাৱে ব্যাখ্যা আগ বঢ়ায়। তেওঁ WL(P)A, ১৯৭২ ৰ অধীনৰ বিভিন্ন শাখাৰ ওপৰত পুংখানুপুংখভাবে আলোচনা কৰে ৷ তেওঁ বয়-বস্তু পৰীক্ষা আৰু ফ্কেন কৰাৰ সময়ত বন্যপ্ৰাণী সামগ্ৰী কেনেদৰে চিনাক্ত কৰিব লাগে সেই বিষয়েও প্ৰশিক্ষণ প্ৰদান কৰে।