NORTHEAST NOW (Assamese)

ক্ৰিটিকছ চইচ ছুপাৰ এৱাৰ্ডছ! ব্ৰেড পিট আৰু টম ক্ৰুজৰ সৈতে যুঁজত ৰাম চৰণ, জুনিয়ৰ এনটিআৰৰ

February 24, 2023 8:27 pm · এন ই নাও নিউজ, গুৱাহাটী

এছ এছ ৰাজামৌলীৰ ‘আৰআৰআৰ’-য়ে এটাৰ পিছত এটাকৈ ইয়াৰ সফলতাৰ কাহিনী লিখি আছে। এইবাৰ ছবিখনৰ দুই নায়ক ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰ আন এটা অভিলেখৰ পথত। দক্ষিণৰ দুই তাৰকাক ক্ৰিটিকছ চইচ ছুপাৰ এৱাৰ্ডছত শ্ৰেষ্ঠ অভিনেতাৰ শ্ৰেণীত মনোনীত কৰা হৈছে। এইবাৰ তেওঁলোকে ব্ৰেড পিট, টম ক্ৰুজৰ দৰে হলিউড তাৰকাৰ সৈতে কঠিন যুঁজত অৱতীৰ্ণ হ’ব।

মনোনয়নৰ তালিকাখন বৃহস্পতিবাৰে ক্ৰিটিকচ চইচ এৱাৰ্ডছৰ ৱেবছাইটত ঘোষণা কৰা হৈছে। ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰক এই তালিকাৰ শ্ৰেষ্ঠ অভিনেতাৰ শ্ৰেণীত স্থান দিয়া হৈছে। ‘টপ গ’ন: মেভেৰিক’ৰ বাবে টম ক্ৰুজ আৰু ‘বুলেট ট্ৰেইন’ৰ বাবে ব্ৰেড পিটকো মনোনীত কৰা হৈছে।

অহা ১৬ মাৰ্চত এই শাখাকে ধৰি ক্ৰিটিকছ চইচৰ অন্যান্য শাখাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰা হ’ব। এতিয়া ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰে হলিউডৰ তাৰকা দুজনক পৰাস্ত কৰি সৰ্বশ্ৰেষ্ঠৰ মুকুট পিন্ধিব পাৰে নে নোৱাৰে সেইটোৱে লক্ষ্যণীয় হৈ পৰিছে।

ইপিনে, ৯৫ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠান ১৩ মাৰ্চত আৰম্ভ হ’ব। ৰামচৰণ ইতিমধ্যে অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে আমেৰিকাত উপস্থিত হৈছে। শেহতীয়াকৈ ৰাম চৰণক ‘গুড মৰ্ণিং আমেৰিকা’ অনুষ্ঠানত অতিথিৰ আসনত দেখা গৈছিল। এই জনপ্ৰিয় অনুষ্ঠানটোত তেওঁ ‘আৰআৰআৰ’ চলচ্চিত্ৰখনৰ ব্যাপক সফলতাৰ বিষয়ে কয়।

ৰাম চৰণে কয়, “মই ভাবো এয়া পৰিচালক এছ এছ ৰাজামৌলীৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰৰ চিত্ৰনাট্যৰ ভিতৰত এখন। তেওঁক ভাৰতৰ ষ্টিভেন স্পিলবাৰ্গ বুলিও গণ্য কৰা হয়।‘’ তেওঁ অনুষ্ঠানটোত ইংগিত দিছিল যে ৰাজামৌলীয়ে অতি সোনকালে এক আন্তৰ্জাতিক ছবিৰ পৰিচালনা কৰিবলৈ গৈ আছে।

ৰাম চৰণে ৰাজামৌলীৰ বিষয়ে লগতে কয়, “মই আশা কৰোঁ তেওঁ অতি সোনকালেই তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ জৰিয়তে বিশ্ব চলচ্চিত্ৰৰ জগতত নিজৰ স্থান নিশ্চিত কৰিব।‘’

‘আৰআৰআৰ’ চলচ্চিত্ৰখনৰ ‘নাটু নাটু’ গানটোৱে গোল্ডেন গ্লোব বঁটা লাভ কৰিছে। ৰাজামৌলীৰ চলচ্চিত্ৰখন অস্কাৰ ২০২৩ ত ‘শ্ৰেষ্ঠ মূল স্ক’ৰ’ শ্ৰেণীত মনোনীত হৈছে।

‘আৰআৰআৰ’ৰ নিৰ্মাতাসকলে চিনেমা প্ৰেমীসকলৰ বাবে অস্কাৰৰ আগতে আন এটা সুখৱৰ দিছে। ছবিখন ৩ মাৰ্চত ভাৰতৰ ২০০ টা ছবিগৃহত পুনৰ মুক্তি দিয়া হ’ব। ইতিমধ্যে ছবিখনৰ বাবে টিকট বুকিং আৰম্ভ হৈছে। ‘আৰআৰআৰ’ৰ নতুন ট্ৰেইলাৰটোও মুকলি কৰা হৈছে।

Related News