যোৰহাট চিকিৎসা মহাবিদ্যালয়ক অক্সিজেন ক্ৰয়ৰ বাবে ৩০ হাজাৰ টকা দান টীয়কৰ প্ৰাক্তন ছাত্ৰীৰ গোটৰ

liubojgchs-1618666053

এক অনুপম দৃষ্টান্ত প্ৰদৰ্শন কৰিলে এখন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীসকলে।

যোৰহাটৰ দহোটীয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীৰ গোট ‘সোঁৱৰণ মঞ্চ’ই কোভিড আক্ৰান্তৰ চিকিৎসাৰ বাবে সহায়ক হোৱাকৈ গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।

প্ৰাক্তন ছাত্ৰীসকলৰ গোট ‘সোঁৱৰণ মঞ্চ’ৰ তৰফৰ পৰা কোভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আজি যোৰহাট মেডিকেল কলেজৰ অধ্যক্ষৰ সাহায্য পুঁজিলৈ ৩০ হাজাৰ টকা আগবঢ়াইছে।

গোটটোৱে এই ধনৰাশি গুগুল পে যোগে অক্সিজেন গেছ চিলিণ্ডাৰ ক্ৰয়ৰ বাবে আগবঢ়োৱা বুলি জানিবলৈ দিছে।

সাম্প্ৰতিক পৰিস্থিতিত দহোটীয়া উচ্চ বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীসকলে লোৱা এই পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে প্ৰশংসাও কৰিছে।

আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অধীক্ষক ডাঃ ৰত্নকান্ত তালুকদাৰেও ‘সোঁৱৰণ মঞ্চ’ক এই পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে।