এন আৰ চি, নাগৰিকত্ব বিধেয়কৰ উত্তেজনাৰ মাজতে ২৭ ছেপ্টেম্বৰত অসমলৈ আহিব আৰ এছ এছ প্ৰমুখ মোহন ভাগৱত

mohan Bhagawat RSS Chief

মোহন ভাগৱত

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ প্ৰমুখ মোহন ভাগৱতে তিনিদিনীয়া ভ্ৰমণ সূচীলৈ ২৭ ছেপ্টেম্বৰত শিলচৰলৈ আহিব।

আৰ এছ এছ প্ৰমুখ গৰাকীৰ প্ৰস্তাবিত শিলচৰ ভ্ৰমণ সূচী সম্পৰ্কে শিলচৰ আৰ এছ এছৰ কাৰ্য্যালয় প্ৰমুখ শুভৰংঘু শেখৰ ভট্টাচাৰ্য্যই নৰ্থ-ইষ্ট নাওক ভাগৱতে ২৭ ছেপ্টেম্বৰ আবেলি শিলচৰত উপস্থিত হৈ উত্তৰ-পূবৰ আৰ এছ এছ কৰ্মীসকলৰ সৈতে ৰামনগৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত ৰুদ্ধদ্বাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

আনহাতে, ৩০ ছেপ্টেম্বৰত তেওঁ ভ্ৰমণ সামৰি শিলচৰৰ পৰা উভতি যাব বুলি জনায় শেখৰ ভট্টাচাৰ্য্যয়।

সমগ্ৰ ৰাজ্যত নাগৰিকত্ব বিধেয়ক আৰু এন আৰ চিক লৈ এক উত্তেজনাই বিৰাজ কৰি থকা সময়তে বিত্ত মন্ত্ৰী তথা নেডাৰ মুখ্য আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ ২৩ ছেপ্টেম্বৰৰ বৰাক ভ্ৰমণৰ পাছত মোহন ভাগৱতৰ বৰাক উপত্যকা ভ্ৰমণে যথেষ্ট তাৎপৰ্য্য বহন কৰিছে.

২৩ ছেপ্টেম্বৰত হিমন্ত বিশ্ব শৰ্মাই বৰাক উপত্যকা ভ্ৰমণ কৰি নৱেম্বৰত পুনৰ নাগৰিকত্ব বিধেয়ক অনা হ’ব বুলি কোৱাৰ লগতে কোনো হিন্দু লোকে ডিটেনশ্যন কেম্পলৈ যোৱাৰ ভয়ত থাকিব নালাগে বুলি মন্তব্য কৰিছিল।

এই ক্ষেত্ৰত মঙলবাৰে নতুন দিল্লীত মোহন ভাগৱতে ইণ্ডিয়া মানে হিন্দু বুলি কৈ বিষয়টোৰ গুৰুত্ব বঢ়াইছিল।

মঙলবাৰে নতুন দিল্লীত বিদেশী সংবাদ মাধ্যমক সাক্ষাৎ কৰি ভাগৱতে এন আৰ চিৰ পৰা বাদ পৰা কোনো হিন্দু লোকক ভাৰতৰ পৰা বিতাৰিত কৰা নহয় আৰু তেওঁলোকৰ নাম অতি শীঘ্ৰে পুনৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব বুলি কয়।

‘‘মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে বাংলাদেশ আৰু পাকিস্তানৰ পৰা পলাই অহা ধৰ্মীয় সংখ্যালঘু সকলে ভাৰতত থাকিব পাৰিব বুলি কৈছে কিন্তু এই ক্ষেত্ৰত আমাৰ স্থিতি স্পষ্ট পৃথিৱীৰ যিকোনো স্থানত ধৰ্মীয় সংকতত ভোগা হিন্দু ভাৰতলৈ আহিব পাৰিব’’, আৰ এছ এছ প্ৰমুখ মোহন ভাগৱতে কয়।