দিল্লীৰ মুখ্য ইমাম ইলিয়াছীক সাক্ষাৎ আৰএছএছ-ৰ মুৰব্বী মোহন ভাগৱতৰ

RSS chief Mohan Bhagwat meets ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে আজি দিল্লীৰ কস্তুৰবা গান্ধী মাৰ্গৰ মছজিদত উপস্থিত হয়। তাত তেওঁ সৰ্বভাৰতীয় ইমাম সংগঠনৰ মুখ্য ইমাম ডঃ ইমাম ওমেৰ আহমেদক ইলিয়াছীৰ সৈতে সাক্ষাৎ কৰে।

ভাগৱতক ইয়াৰ পূৰ্বে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেছি আৰু দিল্লীৰ প্ৰাক্তন উপ ৰাজ্যপাল নাজিব জংগকে ধৰি মুছলমান বুদ্ধিজীৱীসকলৰ এটা দলে সাক্ষাৎ কৰিছিল। এই বৈঠকত আৰ এছ এছ প্ৰচাৰক ইন্দ্ৰেশ কুমাৰো মোহন ভাগৱতৰ সৈতে উপস্থিত আছিল।

লগতে পঢ়ক: সাম্প্ৰদায়িক সম্প্ৰীতিৰ চানেকিঃ তিৰুপতি মন্দিৰলৈ ১ কোটি টকা দান কৰিলে মুছলমান দম্পতীয়ে

উল্লেখ্য যে দুদিন পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অস্থায়ী কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) জামিৰুদ্দিন শ্বাহ, প্ৰাক্তন সাংসদ শ্বাহিদ চিদ্দিকী আৰু সমাজসেৱক ছাইদ শ্বেৰৱানীও উপস্থিত আছিল।

দুঘণ্টাজোৰা এই বৈঠকত সাম্প্ৰদায়িক সম্প্ৰীতি শক্তিশালী কৰা আৰু আন্তঃ-সম্প্ৰদায়ৰ সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত বিশদ আলোচনা কৰা হয়।

ইয়াৰ পূৰ্বে মুছলমানসকলৰ সংগঠন জমিয়ত-উলেমা-ই-হিন্দৰ নেতা মৌলানা আৰ্শাদ মাদানীয়েও ২০১৯ৰ ৩০ আগষ্টত দিল্লীৰ ঝাণ্ডেৱালানত সংঘৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ পিছত মোহন ভাগৱতক সাক্ষাৎ কৰিছিল।মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নেতা ইন্দ্ৰেশ কুমাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা সেই বৈঠকখনো যথেষ্ট চৰ্চিত হৈছিল।

উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ ৰাম মন্দিৰ সন্দৰ্ভত (৯ নৱেম্বৰ, ২০১৯) ৰায় দিয়াৰ পিছত দুয়োটা সম্প্ৰদায়ৰ মাজত শান্তি বজাই ৰখাৰ দৃষ্টিকোণৰ পৰা দুয়োগৰাকী শীৰ্ষ নেতাৰ এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছিল।

লগতে পঢ়ক: ঝাৰখণ্ডত সকলো ব্যক্তিগত খণ্ডৰ কোম্পানীত নিযুক্তি দিব লাগিব ৭৫ শতাংশ স্থানীয় লোকক

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে অনাগত দিনত কাশ্মীৰৰ কেইজনমান মুছলমান নেতাকো সাক্ষাৎ কৰিব পাৰে। কাশ্মীৰত নিৰ্বাচনী ৰাজনীতি পুনৰ আৰম্ভ হোৱাৰ পিছত উপত্যকাটোত শান্তি বজাই ৰখাৰ দৃষ্টিকোণৰ পৰা ইয়াক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে।