• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত শ্বিলঙৰ “উগ্ৰ” প্ৰেজবিটেয়েৰিয়ান গীৰ্জাক মাটি নিদিবলৈ পত্ৰ আৰ এছ এছ-লিংকড মঞ্চৰ

নিয়াম খাচি ধৰ্ম আৰু ইয়াৰ অনুগামীসকল উগ্ৰ প্ৰেজবিটেয়েৰিয়ান গীৰ্জা উপাদানৰ নিৰ্মম নিপীড়নত পৰিছে: লীগেল ৰাইটছ অবজাৰ্ভে’টৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 7, 2019 4:56 pm
RSS-linked LRO demands no land allotment to Presbyterian church in Delhi

মেঘালয়ৰ এটা প্ৰেজবিটেয়েৰিয়ান গীৰ্জাৰ ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বিলং অসামৰিক হস্পিটেলৰ পৰা বাইবেল আঁতৰাবলৈ অনুৰোধ জনোৱা লীগেল ৰাইটছ অবজাৰ্ভে’টৰিয়ে নতুন দিল্লীত প্ৰেজবিটেয়েৰিয়ান গীৰ্জাক মাটি আবণ্টন নিদিবলৈ কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰীক আহ্বান জনাইছে।

বিভাগটোৰ মন্ত্ৰী হৰদীপ সিং পুৰিক শ্বিলঙৰ প্ৰেজবিটেয়েৰিয়ান খ্ৰিশ্বিয়ান ধৰ্মীয় গোট এটাই কিছুদিন পূৰ্বে কৰা এই আবেদন প্ৰত্যাখ্যান কৰাৰ বাবে আইনী সংস্থাটোৱে আহ্বান জনাইছে।

কেন্দ্ৰীয় মন্ত্ৰীজনলৈ এই সন্দৰ্ভত দিয়া পত্ৰখনত সংস্থাটোৱে মেঘালয়ত উগ্ৰ প্ৰেজবিটেয়েৰিয়ানসকলে “নিয়াম খাচি অনুগামীৰ ওপৰত চলোৱা তীব্ৰ নিপীড়ন”ৰ কথা উল্লেখ কৰিছে।

লীগেল ৰাইটছ অৱজাৰ্ভে’টৰি হিন্দু ৰাষ্ট্ৰীয়তাবাদী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘভুক্ত এক আইনী অধিকাৰমূলক সংস্থা।

সংস্থাটোৰ প্ৰধান নেতা, প্ৰাক্তন আৰ এছ এছ কৰ্মী বিনয় জোশীৰ মতে তেওঁলোকৰ ১৫০গৰাকী স্বেচ্ছাসেৱক আছে।

জোশীয়ে অৱশ্যে সংস্থাটোৰ আৰ এছ এছৰ সৈতে সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰিছে।

পত্ৰখনত সংস্থাটোৱে যোৱা মাহত পেষ্টৰ এছ এছ মাজাওৰ নেতৃত্বত প্ৰেজবিটেয়েৰিয়ান গীৰ্জাৰ এটা প্ৰতিনিধি দলে শ্বিলঙত কেন্দ্ৰীয় মন্ত্ৰী পুৰিক সাক্ষাৎ কৰাৰ কথা উল্লেখ কৰিছে।

নতুন দিল্লীত এটা প্ৰেজবিটেয়েৰিয়ান গীৰ্জা নিৰ্মাণৰ বাবে কেন্দ্ৰক দলটোৱে মাটি বিচৰা বুলি প্ৰকাশিত বাতৰি এল আৰ অ’ই পত্ৰত উল্লেখ কৰিছে।

পত্ৰখনত সংস্থাটোৱে মন্ত্ৰীজনক “মেঘালয়ৰ বাস্তৱ পৰিস্থিতি”ৰ বিষয়ে অৱগত কৰিব খুজিছে আৰু প্ৰেজবিটেয়েৰিয়ানক দেশৰ ৰাজধানীত মাটি আবণ্টনৰ বিৰোধিতা কৰিছে।

সংস্থাটোৰ অভিযোগ, যোৱা কিছু বছৰ ধৰি প্ৰেজবিটেয়েৰিয়ান গীৰ্জাৰ নেতাসকলৰ তদাৰকীত মেঘালয়ৰ সমাজত চূড়ান্ত ধৰ্মীয় উগ্ৰামি চলা পৰিলক্ষিত হৈছে।

“খ্ৰিশ্বিয়ান সংখ্যাগৰিষ্ঠতা থকা মেঘালয়ৰ সমগ্ৰ খাচি আৰু জয়ন্তীয়া জিলাজুৰি বহু ডজন এনে ঘটনা লক্ষ্য কৰা হৈছে,” সংস্থাটোৰ পত্ৰত উল্লেখ।

এই প্ৰসংগত সংস্থাটোৱে উল্লেখ কৰিছে শ্বিলঙৰ এন আই টি চৌহদত গণেশ মূৰ্তি স্থাপনক লৈ জয়ন্তীয়া ছাত্ৰ সন্থাই কৰা তীব্ৰ বিৰোধিতাৰ ঘটনা।

এল আৰ অ’ৰ পত্ৰত উল্লেখ যে, এন আই টি প্ৰশাসনক গণেশ মূৰ্তিটো আঁতৰোৱাৰ বাবে হেঁচা দিবলৈ প্ৰেজবিটেয়েৰিয়ান গীৰ্জা নেতাই ছাত্ৰ সংগঠনটোক উচটনি যোগাইছিল।

সেই ঘটনাটোৰ পিছতে এল আৰ অ’ই শ্বিলং অসামৰিক হস্পিটেলৰ পৰা বাইবেল আঁতৰোৱাৰ বাবে মেঘালয়ৰ মুখ্য সচিব, স্বাস্থ্য সচিব আৰু ইষ্ট খাচি হিলচৰ উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

পত্ৰখনত কোৱা হৈছিল, নতুনকৈ স্থাপিত “এন আই টি মূৰ্তি দৃষ্টান্ত” অনুযায়ী স্বাস্থ্য কেন্দ্ৰটোৰ ধৰ্মনিৰপেক্ষ প্ৰকৃতি বৰ্তাই ৰখাৰ বাবে এল আৰ অ‘ই এই পদক্ষেপ গ্ৰহণ কৰিছে।

প্ৰেজবিটেয়েৰিয়ান খ্ৰিশ্বিয়ান নেতাসকলে “বিষাক্ত আদৰ্শৰ শিক্ষাদান, ৰোপন আৰু বিয়পোৱা”ৰ কাম কৰি অহা বুলি কেন্দ্ৰীয় মন্ত্ৰী পুৰিলৈ দিয়া পত্ৰত এল আৰ অ’ই উল্লেখ কৰিছে।

সংস্থাটোৱে কৈছে যে, এনে এক আগ্ৰাসী, উগ্ৰ খ্ৰিশ্বিয়ান গোটক দেশৰ ৰাজধানীত গীৰ্জা সাজিবলৈ কেন্দ্ৰই মাটি দিলে “সমাজত বিভাজন সৃষ্টি কৰিবলৈ” দিল্লীতো তেওঁলোকে “একে লেতেৰা খেল” খেলিব।

“মেঘালয়ৰ সংখ্যালঘু প্ৰাচীন নিয়াম খাচি ধৰ্ম আৰু ইয়াৰ অনুগামীসকল যোৱা পাঁচটা বছৰত উগ্ৰ প্ৰেজবিটেয়েৰিয়ান গীৰ্জা উপাদানসমূহৰ নিৰ্মম নিপীড়নত পৰিছে,” সংস্থাটোৰ অভিযোগ।

“নিয়াম খাচি পুৰোহিতক অন্তিম সংস্কাৰৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ মাইলিয়াম ঘটনা, প্ৰাচীন নিয়াম খাচি ধৰ্মৰ পবিত্ৰ স্থান লাম চহপেতনেং আক্ৰমণ আৰু ধ্বংস আদি মেঘালয়ৰ প্ৰেজবিটেয়েৰিয়ান খ্ৰিশ্বিয়ান উগ্ৰবাদীৰ নিপীড়নৰ কেইটামান জনাজাত ঘটনা।”

তেওঁলোকে লগতে কৈছে যে খিলঞ্জীয়া বিশ্বাস (অনুগামীৰ) ভুক্তভোগী হোৱাৰ বহু ঘটনা গীৰ্জাৰ হেঁচাৰ বাবে পোহৰলৈ অহা নাই।

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহকো এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰাৰ কথা সংস্থাটোৱে গুণা-গঁথা কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰে পৰিবহন নিগমৰ ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্তৰ সিদ্ধান্তক সমৰ্থন উচ্চ ন্যায়ালয়ৰ

September 17, 2025 12:30 pm
চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm
অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

September 17, 2025 1:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd