আজমলৰ ভুৱা ভিডিঅ’ প্ৰচাৰ; মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আৰ্জি আৰটিআই কৰ্মীৰ

RBS-1

নিউজ লাইভৰ চিএমডি ৰিনিকি ভূঞা শৰ্মা, ইণ্ডিয়া টিভিৰ এংকৰ অৰ্চনা সিং আৰু এবিপি নিউজৰ এংকৰ আস্থা কৌশিক।

এগৰাকী আৰটিআই কৰ্মী ছাকেট এছ গোখলেই বদৰুদ্দিন আজমলৰ ভুৱা ভিডিঅ’ শ্বেয়াৰ কৰাৰ বাবে একাংশ ৰাষ্ট্ৰীয় চেনেলৰ এংকৰ আৰু বিজেপিৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগলৈ পত্ৰ লিখিছে।

মুখ্য নিৰ্বাচনী বিষয়া জিষ্ণু বৰুৱালৈ লিখা পত্ৰখনৰ কপি ভাৰতৰ নিৰ্বাচন আয়োগলৈও প্ৰেৰণ কৰা হৈছে।

গোখলেই তেওঁৰ পত্ৰত উল্লেখ কৰিছে যে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বক্তব্যক বিকৃত কৰি বনোৱা ভিডিঅ’টো শ্বেয়াৰ কৰাৰ বাবে সংশ্লিষ্ট পক্ষৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টো বুম আৰু ইণ্ডিয়া টুডে এন্টি ফেক নিউজ ৱাৰ ৰুমকে ধৰি বিভিন্ন স্বতন্ত্ৰ ফেক চেকাৰে পৰীক্ষা কৰি চাইছে আৰু তেওঁলোকে এইটো বনোৱা ভুৱা  ভিডিঅ’ বুলি ধৰা পেলাইছে।

গোখলেই পত্ৰত এই ভুৱা ভিডিঅ’টো জানি বুজি প্ৰচাৰ কৰা তথা বিয়পাই দিয়া কেইগৰাকীমান ব্যক্তিৰ নাম উল্লেখ কৰিছে।

গোখলে উল্লেখ কৰা সেই ব্যক্তিসকল হ’লঃ-

১) অৰ্চনা সিং-এংকৰ ইণ্ডিয়া টিভি নিউজ।

২) অশোক শ্ৰীবাস্তৱ, কনছাল্টিং এডিটৰ অফ গভ্ট অফ ইণ্ডিয়া-ওৱন্ড দূৰদৰ্শন (ডিডি নিউজ)।

৩) আস্থা কৌশিক, এংকৰ, এবিপি নিউজ।

৪) দীপক চৌৰাচিয়া, কনছাল্টিং এডিটৰ, নিউজনেশ্যন।

৫) ৰিনিকি ভূঞা শৰ্মা, চেয়াৰমেন এণ্ড এমডি অফ নিউজ লাইভ চেনেল ফ্ৰম গুৱাহাটী (লগতে জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলগীয়া বিজেপি বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ পত্নী)।

গোখলেই এয়া ভিডিঅ’টো বিয়পাই দিয়া বহুতৰ ভিতৰত কেইগৰাকীমানহে বুলিও উল্লেখ কৰিছে।

তেওঁ ফেক চেকাৰে পৰীক্ষা কৰা ভিডিঅ’টোও এই পত্ৰৰ সৈতে সংলগ্ন কৰি দিছে।

গোখলেই উল্লেখ কৰে যে এই সম্পাদিত ভিডিঅ’টো প্ৰচাৰ কৰাসকলৰ এগৰাকী হৈছে অসমৰ এটা নিউজ চেনেলৰ মালিক আৰু বিজেপিৰ মন্ত্ৰী তথা নিৰ্বাচনী প্ৰাৰ্থীৰ পত্নী যাৰ বাবে আপুনি গুৰুত্বসহকাৰে আৰু তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন।

আৰটিআই কৰ্মী গোখলেই পৰৱৰ্তী ৭ দিনৰ ভিতৰত এক জৰুৰী তথা ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে। নিৰ্বাচনী আয়োগৰ নিৰ্দেশনাৱলী অনুসৰি এয়া পোৱাৰ ৪৮ ঘন্টাৰ ভিতৰত অভিযোগ ৰুজু কৰি মীমাংসা কৰিব লাগে।

অৱশ্যে, যিহেতু ইয়াৰ এক তদন্তৰ প্ৰয়োজন হ’ব, গতিকে ব্যৱস্থা গ্ৰহণৰ বাবে যে কেইদিনমান লাগিব পাৰে সেয়া বোধগম্য বুলিও উল্লেখ কৰে গোখলেই।