আঞ্চলিকতাবাদ ধ্বংসকাৰী অতুল বৰাই ৪ বছৰত নিজৰ পুঁজিৰ বাহিৰে কৃষকৰ হৈ একো নকৰিলে : ৰুবুল দাস

ফটো : নৰ্থ-ইষ্ট নাও

‍‘২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰাই ফচল বীমা যোজনাৰ অধীনত আমাৰ খেতিয়ক সকল বঞ্চিত হৈ আহিছে। ৰাজ্যত প্ৰায় ২৭ লাখ পঞ্জীয়ন ভুক্ত খেতিয়ক আছে। কিন্তু বানপানী, গৰাখহনীয়াৰ কবলত পৰা প্ৰায় ১৮ লাখ খেতিয়কক প্ৰধীন মন্ত্ৰী ফচল যোজনাৰ অধীনত ধন দিয়া নহ’ল’ বুলি অভিযোগ কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে।

দাসে লগতে কয়, ‍‘যোৱা চাৰি বছৰত এইজনা অকৰ্মণ্য, অদক্ষ, আঞ্চলিকতাবাদ ধ্বংস কৰা কৃষি মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত মাথো ২৬ হাজাৰ খেতিয়ককহে প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ ধন দিয়া হ’ল’।

‍‘প্ৰায় ১৮ লাখ খেতিয়ক ইয়াৰ পৰা বঞ্চিত হৈ থাকিল। এই কথাই প্ৰমাণ কৰিছে যে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰা কৃষকৰ সমস্যাৰ বাবে একেবাৰেই চিন্তিত নহয়’, এইদৰে কয় দাসে।

ক’ৰ’নাৰ বাবে হোৱা লকডাউনত অসমৰ খেতিয়ক সকলৰ দুৰ্দশাৰ কথা উল্লেখ কৰি দাসে কয়, ‍‘চলিত বছৰৰ বানপানীৰ কৱলত পৰি প্ৰায় ১৬৪৯৫ হেক্টৰ মাটি পানীৰ তলত বুৰ গৈছে। শ শ বিঘা খেতি মাটি এতিয়া নষ্ট হৈছে’।

‍‘আঞ্চলিকতাবাদ ধ্বংসকাৰী অতুল বৰাই যোৱা চাৰিটা বছৰ কেৱল বিভিন্ন আঁচনিৰ কমিছন সংগ্ৰহ কৰি নিজৰ পুঁজি টনকিয়াল কৰাৰ বাহিৰে কৃষকৰ বাবে একো কাম নকৰিলে’, বুলি দাসে অভিযোগ কৰে।

এই প্ৰসংগত তেওঁ কয়, ‍‘২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা চলিত বৰ্ষলৈকে ফচল যোজনা ধন মাত্ৰ ২৬ হাজাৰ কৃষকে লাভ কৰাৰ পিছতো এগৰিকালচাৰ ইন্সুৰেন্স কোম্পানি অফ ইণ্ডিয়াক নিয়মিত ভাৱে বীমাৰ প্ৰিমিয়াম ধন আদায় দি অহাটো অতি ৰহস্যজনক’।

আনহাতে বানপানী আৰু গৰাখহনীয়াই ক্ষতিগ্ৰস্ত কৰা কৃষকক সময়ত ধন আদায় দিব নোৱাৰাৰ বাবে অতুল বৰা জগৰীয়া বুলি ক্ষোভ প্ৰকাশ কৰে।

ইপিনে বৰ্তমান সময়ত ৰাজ্যৰ বানৰ কৱলত পৰাৰ কৃষকক সহায় সহযোগিতা আগবঢ়াবলৈ সামৰ্থ নোহোৱা এইখন বিজেপি এজিপি বিপিএফ মিত্ৰজোঁট চৰকাৰক তীব্ৰ সমালোচনা কৰি ক্ষতিগ্ৰস্ত কৃষকক তৰিৎ গতিৰে সহায় কৰিবলৈ দাবী উত্থাপন কৰে সংগঠনটোৱে।