• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জটিল ৰোগত আক্ৰান্ত হোৱাৰ পিছত অভিনয়ৰ পৰা বিৰতি; এইবাৰ ৰাজনীতিত ভৰি দিব সামান্থাই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2023 1:07 pm
577
VIEWS
Share on FacebookShare on Twitter

দক্ষিণৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু। অৱশ্যে ‘দ্য ফেমিলি মেন’ আৰু ‘পুষ্পা’ৰ আইটেম গীত ‘উ অন্থাভা’ৰ পিছতে সৰ্বভাৰতীয় স্বীকৃতি লাভ কৰে অভিনেত্ৰীগৰাকীয়ে। কিন্তু ‘পুষ্পা’ৰ সময়ৰ পৰাই তেওঁৰ ব্যক্তিগত জীৱনে বহু উত্থান-পতনৰ মাজেৰে পাৰ হৈ আহিছে।

অভিনেতা স্বামী নগা চৈতন্যৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছে। দীৰ্ঘদিন ধৰি তেওঁ মাইঅ’চাইটিছ বা পেশীৰ প্ৰদাহত আক্ৰান্ত হৈ আছে। অসুস্থতাৰ বাবে তেওঁ সদ্যহতে অভিনয়ৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে। অৱশ্যে তেওঁৰ ছ’চিয়েল মিডিয়া পেজত প্ৰৱেশ কৰিলে সেই কথা বুজা টান।

সামান্থা ৰুথ প্ৰভু। ফাইল ফটো: সংগ্ৰহীত।

দেখা গৈছে কেতিয়াবা নায়িকাগৰাকীয়ে নিজৰ চেহেৰা সলনি কৰি সাগৰৰ পাৰত ঘুৰি ফুৰিছে, কেতিয়াবা পাহাৰত ঘুৰিছে। এইবাৰ আৰম্ভ হৈছে তেওঁক লৈ নতুন জল্পনা-কল্পনা, তেওঁ হেনো ৰাজনীতিত যোগদান কৰিবলৈ ওলাইছে!

২০০৩ চনৰ পৰা অভিনয় জীৱনত বহু সময় কটাইছে সামান্থাই। এইবাৰ তেওঁ ৰাজনীতিত যোগদান কৰাৰ গুঞ্জন। সামন্থাই সদায় তেলেংগানাৰ কৃষকৰ পক্ষত থিয় দি আহিছে। সেই ৰাজ্যৰ হস্তশিল্পী আৰু তাঁতশিল্পীৰ হৈও তেওঁ মাত মতা দেখা গৈছে। এইবাৰ শুনা গৈছে যে সামন্থাই ৰাজনৈতিক দল ভাৰতীয় ৰাষ্ট্ৰ সমিতিৰ হৈ প্ৰচাৰ চলাব। অৱশ্যে সামান্থাই এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই।

সামান্থা ৰুথ প্ৰভু। ফাইল ফটো: সংগ্ৰহীত।

কামৰ পৰা আঁতৰত থকাৰ পিছতো অভিনেত্ৰীগৰাকী এতিয়াও ফিটনেছৰ প্ৰতি সচেতন। তেওঁ বিভিন্ন সময়ত শৰীৰচৰ্চা ছবি আৰু ভিডিঅ’ পোষ্ট কৰে। শেহতীয়াকৈ তেওঁৰ পৰিৱৰ্তনক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল। কিছুমানে আকৌ  শাৰীৰিক অসুস্থতাৰ বাবে অভিনেত্ৰীগৰাকীয়ে নিজৰ চেহেৰা সলনি কৰিলে নেকি বুলিও প্ৰশ্ন কৰিলে? তেওঁক দেখি কোনোমতে বুজিব নোৱাৰি যে তেওঁ এক কষ্টকৰ সময়ৰ মাজেৰে পাৰ হৈ গৈছে।

সামান্থা ৰুথ প্ৰভু। ফাইল ফটো: সংগ্ৰহীত।

সামান্থাই কেইবাখনো তামিল, তেলেগু আৰু হিন্দী ছবিৰ বাবে লোৱা অগ্ৰিম ধন ঘূৰাই দিছে। এতিয়া সামন্থাই প্ৰতিখন ছবিৰ বাবে সাড়ে তিনিৰ পৰা চাৰি কোটি টকা লয়। বাতৰি মতে, সামান্থাই জিৰণি লোৱাৰ বাবে তিনিখন ছবিৰ কাম এৰি দিছে। শেহতীয়াকৈ মুক্তি পাইছে তেওঁৰ ছবি ‘কুশী’। এই ছবিখনে বক্স অফিচতো সফলতা লাভ কৰিছে। যদিও সামন্থাই ঠিকমতে সময় দিব নোৱাৰাৰ বাবে এই ছবিখনত নিজৰ পাৰিশ্ৰমিকৰ এক কোটি টকা ঘূৰাই দিছে।

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd