বাজেট দাখিলৰ পিছতো টকাৰ মূল্য হ্ৰাস অব্যাহত থাকিল। সোমবাৰে পুৱা বজাৰ মুকলি হোৱাৰ সময়তে টকাৰ মূল্যই নতুন অভিলেখ গঢ়িলে। সোমবাৰে মাৰ্কিন ১ ডলাৰৰ বিপৰীতে ৬৭ পইচা হ্ৰাস পাই ৮৭.২৯ টকা হয়। আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাই ৮৭ টাকা অতিক্ৰম কৰিলে।
কানাডা, মেক্সিকো আৰু চীনৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বিশেষজ্ঞসকলৰ মতে এই কাৰণেই এই মুদ্ৰাৰ মূল্য ইমান হ্ৰাস পাইছে।
শুকুৰবাৰে বজাৰ বন্ধৰ সময়ত ডলাৰৰ বিপৰীতে টকাৰ মূল্য আছিল ৮৬.৬২টকা। সোমবাৰে আৰু অধিক তললৈ নামি গ’ল। যোৱা বছৰৰ পূজাৰ সময়ৰ পৰাই টকাৰ মূল্য হ্ৰাস পাবলৈ ধৰে। সময়ৰ লগে লগে পৰিস্থিতি আৰু অধিক বেয়া হৈ পৰিল।
বিশেষজ্ঞসকলৰ মতে ভাৰতীয় বজাৰৰ পৰা বিদেশী বিনিয়োগ প্ৰত্যাহাৰ হোৱাটোৱে টকাৰ মূল্য হ্ৰাসৰ অন্যতম কাৰণ। ইয়াৰ উপৰিও ডলাৰ শক্তিশালী হোৱাৰ বাবে ইয়াৰ হ্ৰাসৰ হাৰ বৃদ্ধি পাইছে।
কানাডা আৰু মেক্সিকোৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। চীনৰ সামগ্ৰীৰ শুল্ক ১০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। কাইলৈ অৰ্থাৎ মঙলবাৰৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ’ব। ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে আমেৰিকান ডলাৰ শক্তিশালী হয়।
কেৱল টকাই নহয়, সোমবাৰে চীনৰ মুদ্ৰা ইউয়ানৰ মূল্যও হ্ৰাস পাইছে। আমেৰিকান ডলাৰৰ বিপৰীতে চীনৰ মুদ্ৰা ০.৫ শতাংশ হ্ৰাস পাই ৭.৩৫ ইউয়ান হয়। ইয়াৰ উপৰিও ডলাৰৰ বিপৰীতে ইউৰোৰ মূল্যও হ্ৰাস পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰতো খাৰুৱা তেলৰ মূল্য ০.৭৩ শতাংশ বৃদ্ধি পাই প্ৰতি বেৰেলত ৭৩.৭৯ মাৰ্কিন ডলাৰ হৈছে।