• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইউক্ৰেইন জয়ৰ দায়িত্ব বায়ুসেনাক দিলে পুটিনে; আক্ৰমণ আৰম্ভ কৰিলে নতুন ৰুছ যুদ্ধ বিমানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2022 7:32 am
151
VIEWS
Share on FacebookShare on Twitter

Russia appoints the air force general স্থলসেনাৰ দ্বাৰা আৰু নহয়, এইবাৰ ইউক্ৰেইন যুদ্ধত ৰাছিয়াৰ বাহিনীক নেতৃত্ব দিব বায়ুসেনাই। ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰে শনিবাৰে এই সিদ্ধান্ত লৈছে। দেশখনৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে ইউক্ৰেইনৰ যুদ্ধত জড়িত ৰাছিয়ান বাহিনীৰ সামগ্ৰিক পৰিচালনাৰ দায়িত্ব বায়ুসেনাৰ মুৰব্বী ছেৰ্গেই সুৰোভিকিনক দিয়া হৈছে।

উল্লেখযোগ্য যে চলিত সপ্তাহতে ৰাছিয়াৰ বায়ুসেনাই ইউক্ৰেইন যুদ্ধত ইয়াৰ শেহতীয়া অত্যাধুনিক যুঁজাৰু বিমান চুখোই-৩৫এছ ব্যৱহাৰ কৰা আৰম্ভ কৰে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে পঞ্চম প্ৰজন্মৰ এই যুঁজাৰু বিমানে নিৰ্ভুল লক্ষ্যত আক্ৰমণ চলোৱাৰ লগতে শত্ৰুৰ ৰাডাৰৰ নিৰীক্ষণৰ পৰাও যথেষ্ট  হাত সাৰি চলিব পাৰে।

লগতে পঢ়ক: অশোভনীয় আচৰণৰ অভিযোগত অপসাৰিত ব্ৰিটেইনৰ বাণিজ্য মন্ত্ৰী

যোৱা এমাহত উত্তৰ ইউক্ৰেইনৰ খাৰকিভ, দক্ষিণৰ খেৰচন আৰু ডনবাছ (ডনেটস্ক আৰু লুহানস্ক অঞ্চল) ভলোডিমিৰ জেলেনস্কিৰ বাহিনীৰ প্ৰতিৰোধৰ ফলত ৰাছিয়াৰ সেনাৰ হাতৰ পৰা ওলাই গৈছে। ইউক্ৰেইনৰ সেনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা দিয়া জেভলিন মিছাইলৰ দ্বাৰা ৰাছিয়াৰ টেংক বহৰক প্ৰায় বিধ্বস্ত কৰিছে। ইয়াৰ লগতে তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থলযুদ্ধত ব্যৱহাৰ কৰা আন এটা মিছাইল ‘হাই মোবিলিটি আৰ্টিলাৰী ৰকেট চিষ্টেম’ (হিমাৰ্ছ) ব্যৱহাৰ কৰিও সফলতা পাইছে।

এনে পৰিস্থিতিত পুটিনে চাৰিটা অধিকৃত অঞ্চলত গণভোট অনুষ্ঠিত কৰি তেওঁলোকক ৰাছিয়াৰ ভূখণ্ডৰ সৈতে সংযোগ কৰাৰ কথা ঘোষণা কৰিছে। অৱশ্যে তাৰপিছতো যুদ্ধৰ “গতি” সলনি হোৱা নাই। ইয়াৰ বিপৰীতে সেনাত যোগদানৰ অভিযান আৰম্ভ কৰাৰ পিছত ৰাছিয়াৰ যুৱকৰ এটা অংশ দেশ ত্যাগ কৰিবলৈ তৎপৰ হয়।

লগতে পঢ়ক: পুত্ৰক ‘;বিবাহ বিচ্ছেদ’ দিব বিচাৰিছিল বোৱাৰীয়েকে; খঙতে বোৱাৰীক গুলীয়াই মাৰিলে আমেৰিকাৰ ভাৰতীয় বৃদ্ধই

সামৰিক পৰ্যবেক্ষকৰ একাংশই বিশ্বাস কৰে যে পুটিনে এইবাৰ ইউক্ৰেইন আক্ৰমণ কৰিবলৈ আকাশীপথৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে।

Recent News

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd