ইউক্ৰেইনৰ ৰাসায়নিক প্ৰকল্পত ৰাছিয়াৰ বিধ্বংসী আক্ৰমণ

ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই পুনৰ তীব্ৰতৰ কৰি তুলিছে যুদ্ধ। শেহতীয়াকৈ লুহানস্কৰ এখন সৰু চহৰ চিভিয়েৰোডনেটস্ক দখলৰ বাবেে কেইবা সপ্তাহধৰি ৰাছিয়াৰ সেনাই যুঁজ দি আছে যদিও আজিলৈকে সফল হ’ব পৰা নাই। আজি ইউক্ৰেইনে এই দাবী কৰিছে।

ৰাছিয়াৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি অৱদিভকা চহৰত বিস্ফোৰণৰ পিছত ধোঁৱাই চহৰ খন ছানি ধৰিছে।
ইউক্ৰেইনৰ চিভিয়েৰোডনেটস্কত আছে দেশ খনৰ আটাইতকৈ ডাঙৰ ৰাসায়নিক প্ৰকল্প।সেই প্ৰকল্পটো ধ্বংস কৰিবলৈ ৰাছিয়াৰ সেনাই চেষ্টা চলাই আছে যদিও সফল হ’ব পৰা নাই।ৰাজ্যপাল চেৰহি গাইদাই কয় যে লুহানস্ক প্ৰদেশৰ প্ৰকল্পটোত ৰাছিয়াৰ গোলাবৰ্ষণৰ ফলত তেল লিক হোৱাৰ পিছত ভয়ংকৰ ৰূপত জুই বিয়পি পৰিছে।যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছৰে পৰা দেশখনৰ বন্দৰ চহৰ মাৰিঅ’পোলত ২,৫০০ তকৈও অধিক সাধাৰণ নাগৰিক নিহত হৈছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা অলেক্সি আৰেষ্টোভিচে আজি এক টেলিভিছন সাক্ষাৎকাৰত এই দাবী কৰিছে।
তেওঁ কয় যে মাৰিঅ’পোল মহানগৰ প্ৰশাসনৰ পৰিসংখ্যাত এই তথ্য প্ৰকাশ পাইছে। তেওঁ লগতে চহৰখনত আৱদ্ধ জনসাধাৰণক মানৱীয় সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাছিয়ান সেনাই বাধা দিয়াৰ অভিযোগ উত্থাপন কৰিছে।আনহাতে ইউক্ৰেইনৰ এই অভিযোগ অস্বীকাৰ কৰিছে ৰাছিয়াই। ৰাছিয়াই যুদ্ধত অসামৰিক লোকসকলক কেতিয়াও আক্ৰমণৰ লক্ষ্য নকৰে বুলি এক বিবৃতি দিছে।

দেওবাৰে মাৰিঅ’পোল নগৰ পৰিষদে অভিযোগ কৰিছিল যে ৰাছিয়ান সেনা বাহিনীয়ে অৱৰোধ কৰি ৰখা বন্দৰ চহৰখনত আৱদ্ধ জনসাধাৰণে খাদ্য আৰু পানীৰ সংকটত ভুগিছে।চহৰখনলৈ মানৱীয় সাহায্য প্ৰেৰণ কৰা নিৰাপদ ‘মানৱীয় কৰিডৰ’ত ৰাছিয়ান সেনাই আক্ৰমণ চলাইছে বুলিও অভিযোগ উত্থাপন হৈছে।ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধখন এতিয়া সমগ্ৰ বিশ্বই অতি উদ্বিগ্নতাৰে লক্ষ্য কৰিছে। ৰাছিয়াই ইউক্ৰেইনত চলোৱা আক্ৰমণত এতিয়ালৈকে ১৪টি শিশুসহ দেশখনৰ ৩৫২জন সাধাৰণ নাগৰিক নিহত হোৱা বুলি দাবী কৰিছে ইউক্ৰেইনৰ স্বাস্থ্য মন্ত্ৰালয়ে।
দেওবাৰে দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতি যোগে এই দাবী কৰে। আন্তৰ্জাতিক সংস্থাসমূহৰ বাতৰিত এই কথা সদৰী কৰা হৈছে।

দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰাৰ পিছৰে পৰা বিগত চাৰিদিনত এতিয়ালৈকে ১৪টি শিশুসহ মুঠ ৩৫২জন অসামৰিক লোক নিহত হৈছে।তদুপৰি, ৰাছিয়াৰ নিৰ্বিচাৰ আক্ৰমণৰ ফলত ১১৬টি শিশুকে ধৰি ১,৬৮৪জন নাগৰিক আহত হৈছে।ইপিনে, ৰাছিয়াই ইউক্ৰেইনত সামৰিক আক্ৰমণ চলাই থকাৰ মাজতে কচভোই তেওঁলোকৰ দেশত আমেৰিকাৰ সামৰিক ঘাটি তথা নাটোৰ সদস্যপদ বিচাৰিছে। আমেৰিকাকে ধৰি নাটোৰ দেশসমূহৰ সৈতে ৰাছিয়াৰ সংঘাত চলি থকাৰ মাজতে দেশখনৰ এই ঘোষণাই নতুনকৈ আৰু উত্তেজনা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।