ইউক্ৰেইনৰ ৰাজধানী কীয়েভ পুনৰ ভয়াবহ বিস্ফোৰণত কঁপি উঠিছে। ৰাছিয়াৰ যুদ্ধ জাহাজ ‘মস্কোভা’ত মিছাইল আক্ৰমণ চলোৱাৰ কেইঘন্টাৰ ভিতৰতে ইউক্ৰেইনৰ ৰাজধানী কীয়েভত বোমাবৰ্ষণ কৰা হয়। শুকুৰবাৰে পুৱাই ৰাজধানী কীয়েভত বিস্ফোৰণ ঘটে।
উল্লেখ্য যে এপ্ৰিলৰ আৰম্ভণিতে কীয়েভৰ কাষৰীয়া অঞ্চলসমূহৰ পৰা ৰাছিয়াই ইয়াৰ সেনা প্ৰত্যাহাৰ কৰিছিল।
ৰাছিয়াই সেনা প্ৰত্যাহাৰ কৰা পিছত শুকুৰবাৰে কীয়েভ অঞ্চলত পুনৰ ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰিছে। ৰাছিয়াৰ যুদ্ধ জাহাজ ধ্বংসৰ প্ৰতিক্ৰিয়া হিচাপে কীয়েভত বিস্ফোৰণ ঘটোৱা হয় যদিও ইয়াৰ ফলত কোনো ক্ষয়ক্ষতিৰ খবৰ পোৱা হোৱা নাই।
বাতৰি অনুসৰি, কীয়েভ, দক্ষিণৰ খেৰছন, পূৰ্বাঞ্চলক খাৰখিভ আৰু পশ্চিমৰ ইভানো-ফ্ৰাংকিভস্ক চহৰত বোমা বিস্ফোৰণৰ শব্দ শুনা যায়। তাৰ লগে লগে চহৰজুৰি যুদ্ধৰ চাইৰেণ বাজি উঠে।
দেশখনৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বিস্ফোৰণৰ পিছতে কীয়েভৰ একাংশ অঞ্চলৰ বিদ্যুৎ সংযোগ বিছিন্ন হৈ পৰে।
উল্লেখ্য যে যোৱা ১৩ এপ্ৰিলত কৃষ্ণ সাগৰত ৰাছিয়াৰ যুদ্ধ জাহাজৰ ওপৰত ইউক্ৰেইনৰ সেনাই মিছাইলেৰে আক্ৰমণ চলায়। ইয়াৰ ফলত জাহাজখন সম্পূৰ্ৰূপে ধ্বংসপ্ৰাপ্ত হয়। ইউক্ৰেইনত নিৰ্মাণ কৰা নেপচুন ক্ষেপনাস্ত্ৰৰে এই আক্ৰমণ চলোৱা হৈছিল বুলি কোৱা হৈছে।
এই ঘটনাৰ পিছতে এইবাৰ ইউক্ৰেইনৰ কীয়েভকে ধৰি কেইবাখনো চহৰত ব্যাপক বোমাবৰ্ষণৰ খবৰ পোৱা গৈছে। শুকুৰবাৰে পুৱাই চলোৱা বোমাবৰ্ষণৰ ফলত পুনৰ চহৰখনত আতংক বিয়পিছে।