• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2025 12:46 pm
68
VIEWS
Share on FacebookShare on Twitter

শুল্ক যুদ্ধত সংঘাতৰ শিখৰত উপনীত হৈছে আমেৰিকা-ৰাছিয়া। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ অভিযোগত কেইবাখনো দেশৰ লগতে ভাৰতৰ ওপৰত বৃহৎ নতুন শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এনে পৰিস্থিতিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মস্কোৱে।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে আমেৰিকাই নিজৰ আধিপত্য বৃদ্ধিৰ ক্ষেত্ৰত ‘নব্য উপনিবেশিকতাবাদ’ৰ নীতি অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে। ৰাছিয়াই দাবী কৰিছে যে কোনো শুল্ক যুদ্ধ বা নিষেধাজ্ঞাই বন্ধুত্বপূৰ্ণ দেশৰ সৈতে সম্পৰ্কৰ ইতিহাস সলনি কৰিব নোৱাৰে। ট্ৰাম্পৰ এই ভাবুকি একমুখে খাৰিজ কৰিছে মস্কোৱে।

সোমবাৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই কয় যে, “তেওঁলোকে (আমেৰিকাই) নিজৰ আধিপত্য বজাই ৰাখিবলৈ নব্য ঔপনিৱেশিকতাবাদৰ নীতি গ্ৰহণ কৰিছে। তেওঁলোকে নিজৰ ৰাজনৈতিক এজেণ্ডাক সমৰ্থন নকৰাসকলৰ ওপৰত অৰ্থনৈতিক হেঁচা সৃষ্টি কৰাৰ কৌশল গ্ৰহণ কৰিছে।”

ৰাছিয়াৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ সন্দৰ্ভত মাৰিয়াৰ মন্তব্য ‘প্ৰত্যক্ষভাৱে দখলৰ প্ৰয়াস’, ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌমত্ব আৰু “তেওঁলোকৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ প্ৰয়াস”। তাৰ পিছতে ৰাছিয়াই দাবী কৰে যে কোনো শুল্ক যুদ্ধ বা নিষেধাজ্ঞাই বন্ধুত্বপূৰ্ণ দেশৰ সৈতে সম্পৰ্কৰ ইতিহাস সলনি কৰিব নোৱাৰে।

ইপিনে, আমেৰিকাৰ এই ভাবুকিৰ পিছত নতুন দিল্লীয়ে এক কঠোৰ বিবৃতি প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, ‘ইউক্ৰেইনত ৰাছিয়াৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছত বেছিভাগ সামগ্ৰী ইউৰোপৰ ফালে নিৰ্দেশিত হৈছিল। সেইবাবেই ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিবলৈ আৰম্ভ কৰিলে। কেৱল সেয়াই নহয়, সেই সময়ত আমেৰিকাই ভাৰতক বিশ্বৰ শক্তিৰ বজাৰখন সুস্থিৰ কৰি ৰাখিবলৈ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিবলৈ উৎসাহিত কৰিছিল।’ আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নে ভাৰতক অহৰহ আক্ৰমণ কৰা ধৰণকো ভাৰতে ‘অযুক্তিকৰ’ বুলি অভিহিত কৰিছে।

উল্লেখ্য যে যোৱা বুধবাৰে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল। তেওঁ স্পষ্টকৈ কয় যে তেওঁলোক ভাৰতৰ বন্ধু হ’লেও তেওঁলোকৰ ওপৰত শুল্ক আৰোপ কৰা হৈছে। এই নতুন শুল্ক ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব।

তেওঁ লগতে কয় যে ভাৰতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ তেল আৰু অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰে। সেইবাবেই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছে।

Recent News

জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান

জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান

তীব্ৰ গতিৰে উৰি আহিছে গ্ৰহাণু 2025 OT7; আজিয়েই পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব

তীব্ৰ গতিৰে উৰি আহিছে গ্ৰহাণু 2025 OT7; আজিয়েই পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd