• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাত ৰাজনৈতিক প্ৰতিপক্ষক নিৰ্মূলৰ চেষ্টা চলিছে; ড’নাল্ড ট্ৰাম্পৰ ৰায়ক লৈ ৰাছিয়াৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2024 9:50 am
আমেৰিকাত ৰাজনৈতিক প্ৰতিপক্ষক নিৰ্মূলৰ চেষ্টা চলিছে; ড’নাল্ড ট্ৰাম্পৰ ৰায়ক লৈ ৰাছিয়াৰ প্ৰতিক্ৰিয়া

ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউয়ৰ্কৰ মানহাটান আদালতৰ জুৰী ব’ৰ্ডে বৃহস্পতিবাৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অপৰাধমূলক অভিযোগত দোষী সাব্যস্ত কৰে। ১১ জুলাইত এই গোচৰৰ আনুষ্ঠানিক ৰায় ঘোষণা কৰিব ন্যায়াধীশে।

আদালতত ট্ৰাম্পক দোষী সাব্যস্ত হোৱাৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাছিয়াই কয় যে তেওঁলোকে আমেৰিকাত ৰাজনৈতিক বিৰোধীক নিৰ্মূল কৰাৰ চেষ্টা চলাইছে।

১২ জনীয়া জুৰী পেনেলে ট্ৰাম্পক অপৰাধমূলক গোচৰৰ ৩৪টা গোচৰৰ সকলোবোৰতে দোষী সাব্যস্ত কৰে। ইয়াৰ জৰিয়তে তেওঁ ইতিহাস গঢ়িছে। কিয়নো ট্ৰাম্পেই হ’ল অপৰাধমূলক অপৰাধত দোষী সাব্যস্ত হোৱা প্ৰথমজন আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।

আদালতৰ নথি অনুসৰি ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে এই যৌন সম্পৰ্কৰ বিষয়ে মুখ বন্ধ কৰি ৰাখিবলৈ ট্ৰাম্পে অধিবক্তা মাইকেল কোহেনৰ জৰিয়তে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক ১ লাখ ৩০ হাজাৰ ডলাৰ উৎকোচ দিছিল। কিন্তু ব্যৱসায়িক নথি জালিয়াতি কৰি এই উৎকোচৰ তথ্য লুকুৱাই ৰাখিছিল। এই অভিযোগত ট্ৰাম্পৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল।

এতিয়া আদালতত ট্ৰাম্পক দোষী সাব্যস্ত হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই সম্পৰ্কত ৰাছিয়াৰ ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰি পেস্কোভে কয় যে, “যদি আমি ট্ৰাম্পৰ কথা কওঁ… তেন্তে স্পষ্ট যে আমেৰিকাত ৰাজনৈতিক বিৰোধীক বৈধ আৰু অবৈধ – যিকোনো প্ৰকাৰে নিৰ্মূল কৰাৰ প্ৰচেষ্টা চলি আছে।”

হাংগেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰবানে এক্স বাৰ্তাযোগে কয় যে `মই ৰাষ্ট্ৰপতি ট্ৰাম্পক এজন সন্মানীয় ব্যক্তি হিচাপে চিনি পাওঁ। ৰাষ্ট্ৰপতি হিচাপে তেওঁ সদায় আমেৰিকাক প্ৰথম স্থান দিব বিচাৰিছিল। সমগ্ৰ বিশ্বতে তেওঁ যথেষ্ট সন্মান লাভ কৰিছে। সেই সন্মান তেওঁ শান্তি প্ৰতিষ্ঠা কৰিবলৈ ব্যৱহাৰ কৰিছিল। অহা নৱেম্বৰ মাহত জনসাধাৰণক ৰায় দিবলৈ দিয়ক। ৰাষ্ট্ৰপতি, যুঁজ দি যাওক।’

ব্ৰিটেইনৰ লেবাৰ পাৰ্টিৰ নেতা কেইৰ ষ্টৰ্মাৰে কয় যে প্ৰথমতে আৰু প্ৰধানকৈ আমি আদালতৰ ৰায়ক সন্মান কৰো। অৱশ্যে এই শাস্তি এতিয়াও বিচাৰাধীন হৈ আছে আৰু ইয়াৰ বিৰুদ্ধে আবেদন কৰিব পাৰে।

ইটালীৰ উপ-প্ৰধানমন্ত্ৰী মেটিও ছালভিনিয়ে কয় যে ড’নাল্ড ট্ৰাম্প ন্যায়িক হাৰাশাস্তিৰ সন্মুখীন হৈছে। তেওঁৰ প্ৰতি আমাৰ সংহতি আৰু সম্পূৰ্ণ সমৰ্থন আছে। আশাকৰোঁ ট্ৰাম্পে এই আবেদনত জয়ী হ’ব।

জাপানৰ মুখ্য কেবিনেট সচিব ইয়োৰুহিমাছা হায়াছিয়ে কয় যে আমি আন দেশৰ ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত মন্তব্য দিয়াৰ পৰা বিৰত থাকিব বিচাৰো। কিন্তু আমি বিষয়টো (ট্ৰাম্পৰ গোচৰ) তীক্ষ্ণ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি আছো আৰু ইয়াৰ তথ্য সংগ্ৰহ কৰি যাম।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd